🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Assamese Book। Chapter 4। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা । Question Answer |

Chapter 4

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

অনুশীলনীঃ

১। উত্তৰ দিয়া 一

(ক) জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কেতিয়া হয়?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ১৯০৩ চনৰ ১৭ জুন তাৰিখে হয়।

(খ) তেওঁৰ পিতৃৃ − মাতৃৰ নাম কি?

উত্তৰঃ তেওঁৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী আগৰৱালা।

(গ) প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? 

উত্তৰঃ প্ৰথম অসমীয়া বোলছবিখনৰ নাম জয়মতী।

(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবিৰ নাম লিখা।

উত্তৰঃ  জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবিৰ নাম হ’ল ‘জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’।

(ঙ) জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু ১৯৫১ চনৰ ১৭ জানুৱাৰী তাৰিখে হৈছিল।

(চ) জ্যোতিপ্ৰসাদে  ৰচনা কৰা গীতক কি বুলি জনা যায়?

উত্তৰঃ  জ্যোতিপ্ৰসাদে  ৰচনা কৰা গীতক জ্যোতি সংগীত বুলি জনা যায়।

(ছ) জ্যোতিপ্ৰসাদে স্থাপন কৰা কথাছবিৰ ষ্টুডিঅ’টোৰ নাম কি?

উত্তৰঃ জ্যোতিপ্ৰসাদে স্থাপন কৰা কথাছবিৰ ষ্টুডিঅ’টোৰ নাম হ’ল চিত্ৰবন।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop