SVN Class 3 Assamese Book। Chapter 14। দুই বন্ধু আৰু ভালুক । Question Answer |

Chapter 14

দুই বন্ধু আৰু ভালুক

অনুশীলনী 

১। তোমাৰ নিজৰ ভাষাত সাধুটো লিখা। 

উত্তৰঃ এদিন দুজন বন্ধু হাবিৰ মাজে মাজে ফুৰিবলৈ গৈছিল। তেওঁলোকে হঠাৎ এটা ভালুক দেখা পালে। ভালুকটো দেখি এজন বন্ধু গছৰ উপৰত উঠি গ’ল আৰু আনজন বন্ধুৱে মৰাৰ ভাও জুৰিলে। ভালুকটোৱে শুহি চাই মৰা শ বুলি ভাবি এৰি গুচি গ’ল। ভালুকটো যোৱাৰ পাছত আনজন বন্ধু গছৰ পৰা নামি আহিল আৰু তাক সুধিলে, ভালুকে তোমাক কি কৈ গ’ল? তেতিয়া বন্ধুজনে উত্তৰ দিলে, বিপদতহে বন্ধুক চিনিবা। 

২। সাধুটোৰ পৰা কি শিকিলা?

উত্তৰঃ বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু।

৩। ভালুকটো দেখি এজন ল’ৰা গছত উঠিল; আনজনে কি কৰিলে?

উত্তৰঃ ভালুকটো দেখি এজন ল’ৰা গছত উঠিল; আনজনে মৰাৰ ভাও জুৰিলে। 

৪। উত্তৰ দিয়া । 

ক) ভালুকে গছত উঠিব পাৰিলেনে?

উত্তৰঃ ভালুকে গছত উঠিব নোৱাৰিলে।

খ) ভালুকে মৰা শ খায়নে?

উত্তৰঃ ভালুকে মৰা শ নাখায়। 

Type – Boby Boby

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop