🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Social Science। Chapter 3। স্কেল, ছবি, নক্সা আৰু মানচিত্ৰ। Question Answer |

Chapter 3

স্কেল, ছবি, নক্সা আৰু মানচিত্ৰ

১। ছবি বুলিলে কি বুজা?

উত্তৰঃ কোনো এটা বস্তুৰ হুবহু ৰূপটো আঁকি দেখুওৱাকে ছবি বোলা হয়।

২। নক্সা বুলিলে কি বুজা?

উত্তৰঃ কোনো এটা বস্তুৱে দীঘে-প্ৰস্থয়ে যিমানখিনি ঠাই আগুৰি থাকে, তাক ৰেখা চিত্ৰৰ সহায়তআঁকি দেখুওৱাকে নক্সা বোলা হয়।

৩। তোমাৰ পাঠত থকা ছবি আৰু নক্সাৰ চিত্ৰ দুখন চাই পাৰ্থক্য় লিখা।

উত্তৰঃ ছবি আৰু নক্সাৰ মাজত পাৰ্থক্য় হৈছে- 

(i) ছবিত বস্তুৰ হুবহু ৰূপ ফুটি উঠে আনহাতে নক্সাত হুবহু ৰূপ ফুটি নুঠে।

(ii) ছবিত ৰেখা চিত্ৰ নাথাকিবও পাৰে। আনহাতে নক্সা ৰেখা চিত্ৰৰ সহায়তহে অঁকা হয়।

(iii) ছবিত জোখ-মাপৰ কথা নাথাকে। আনহাতে নক্সাত জোখ-মাপ দৰকাৰ হয়।

৪। মানচিত্ৰ বুলিলে কি বুজা?

উত্তৰঃ প়ৃথিৱীৰ উপৰিভাগৰ নদ-নদী, পৰ্বত-পাহাৰ, সাগৰ-মহাসাগৰ, হ্ৰদ, মৰুভূমি, মহা দেশ, দেশ, ৰাজ্য়, জিলা, নগৰ, চহৰ, গাওঁ আদিৰ অৱস্থিতি জানিবলৈ যি চিত্ৰ ব্য়ৱহাৰ কৰা হয় তাকে মানচিত্ৰ বোলা হয়।

৫। স্কেল কাক বোলে? স্কেলৰ সহায়ত কি কি কৰা হয়?

উত্তৰঃ কোনো বস্তুৰ দীঘ, প্ৰস্থ, ওজন, শীতলতা, তাপ আদি জুখি চাবৰ কাৰণে ব্য়ৱহাৰ কৰা নিৰ্দিষ্ট সঁজুলিকে আমি স্কেল বুলি কওঁ।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop