🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Social Science। Chapter 5। আমাৰ পৃথিৱীখন । Question Answer |

Chapter 5

আমাৰ পৃথিৱীখন

১। পৃথিৱীৰ মহাদেশ কেইখন আৰু কি কি?

উত্তৰঃ পৃথিৱীৰ মহাদেশ সাতখন, আৰু সেই কেইখন হ’ল- এছিয়া, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আফ্ৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা।

২। মহাসাগৰ কেইখন আৰু কি কি?

উত্তৰঃ মহাসাগৰ পাঁচখন আৰু সেই কেইখন হ’ল- প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।

৩। খালীঠাই পূৰ কৰা-

(ক) সূৰ্যটো এটা অতি উত্তপ্ত নক্ষত্ৰ

(খ) পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম হ’ল চন্দ্ৰ

(গ) সৰ্যটো পৃথিৱীৰ প্ৰায় পোন্ধৰ কোটি কিলোমিটাৰ দূৰত আছে।

(ঘ) সাগৰৰ ৰ তলিতো অসংখ্য় গছ-গছনি আৰু জীৱ-জন্ত আছে।

(ঙ) পৃথিৱীৰ আহ্নিক গতিৰ বাবে দিন-ৰাতি হয়।

৪। চমু উত্তৰ দিয়া-

(ক) পৃথিৱীৰ গতি কেইতা আৰু কি কি?

উত্তৰঃ পৃথিৱীৰ গতি দুটা – (i) আৱৰ্তন বা আহ্নিক গতি আৰু (ii) পৰিভ্ৰমণ বা বাৰ্ষিক গতি।

(খ) আহ্নিক গতি কাক বোলে?

উত্তৰঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি ২৪ ঘণ্টাৰ ভিতৰত নিজৰ গাটো এপাক ঘূৰোৱাকে আহ্নিক গতি বোলে।

(গ) আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু মহাদেশ দুখনৰ নাম লিখা।

উত্তৰঃ আটাইতকৈ ডাঙৰ মহাদেশখন হ’ল- এছিয়া মহাদেশ আৰু আটাইতকৈ সৰু মহাদেশখন হ’ল- ওচেনিয়া মহাদেশ।

(ঘ) পৃথিৱীৰ বাৰ্ষিক গতি কাক বোলে? বাৰ্ষিক গতিৰ দুটা ফলাফল লিখা।

উত্তৰঃ পৃথিৱীয়ে নিজ কক্ষপথেৰে ৩৬৫ দিন ৬ ঘণ্টাত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰাকে পৃথিৱীৰ বাৰ্ষিক গতি বোলে।

    ইয়াৰ দুটা ফলাফল হ’ল- (i) ঋতুৰ পৰিবৰ্তন আৰু (ii) দিন ৰাতি চুটি-দীঘল হোৱা।

(ঙ) পৃথিৱীৰ সকলো ঠাইত একে সময়তে দিন আৰু ৰাতি নহয় কিয়?

উত্তৰঃ পৃথিৱীৰ আকাৰ গোলাকাৰ হোৱাৰ বাবে পৃথিৱীৰ সকলো ঠাইতে একে সময়তে দিন বা ৰাতি নহয়।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop