🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Social Science। Chapter 6। আমাৰ দেশ ভাৰতবৰ্ষ । Question Answer |

Chapter 6

আমাৰ দেশ ভাৰতবৰ্ষ

১। চমু উত্তৰ দিয়া-

(ক) তুমি বাস কৰা দেশখনৰ নাম কি?

উত্তৰঃ মই বাস কৰা দেশখনৰ নাম- ভাৰতবৰ্ষ।

(খ) ভাৰতীয় সভ্য়তা কিমান বছৰ পুৰণি?

উত্তৰঃ ভাৰতীয় সভ্য়তা কমেও পাঁচ হেজাৰ বছৰ পুৰণি।

(গ) বিশ্বৰ প্ৰথম পুথিখন কি আৰু ক’ত ৰচিত হৈছিল?

উত্তৰঃ বিশ্বৰ প্ৰথম পুথিখন হৈছে ঋকবেদ। এই পুথি ভাৰতত ৰচিত হৈছিল।

(ঘ) মহৰ্ষি পাণিণিয়ে কি ভাষাত ব্য়াকৰণ ৰচনা কৰিছিল?

উত্তৰঃ মহৰ্ষি পাণিণিয়ে সংস্কৃত ভাষাত ব্য়াকৰণ ৰচনা কৰিছিল।

(ঙ) ৰাজ্য় কাক বোলে?

উত্তৰঃ বেলেগ বেলেগ ৰজাই শাসন চলোৱা বেলেগ বেলেগ অঞ্চলক ৰাজ্য় বোলা হয়।

(চ) স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ স্বাধীনতা দিৱস ১৫ আগষ্ট তাৰিখে পালন কৰা হয়।

(ছ) গণৰাজ্য় দিৱস কেতিয়া পালন কৰা হয়? 

উত্তৰঃ গণৰাজ্য় দিৱস ২৬ জানুৱাৰী তাৰিখে পালন কৰা হয়।

২। 

(ক) তোমাৰ পাঠত থকা ভাৰতবৰ্ষৰ কেইগৰাকীমান স্বাধীনতা সংগ্ৰামীৰ নাম লিখা।

উত্তৰঃ আমাৰ পাঠত থকা কেইগৰাকীমান স্বাধীনতা সংগ্ৰামীৰ নাম হ’ল- মংগল পাণ্ডে, ৰাণী লক্ষ্মীবাঈ, নানাচাহেব, বাহাদুৰ শ্বাহ জফৰ, বিনায়ক দামোদৰ সাভাৰকৰ, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল, বাল গংগাধৰ তিলক, খুদিৰাম বসু, ভগত সিং, মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু আদি।

(খ) তোমাৰ পাঠত থকা অসমৰ কেইগৰাকীমান স্বাধীনতা সংগ্ৰমীৰ নাম লিখা।

উত্তৰঃ আমাৰ পাঠত থকা কেইগৰাকীমান অসমৰ স্বাধীনতা সংগ্ৰামীৰ নাম হ’ল- পিয়লি ফুকন, মণিৰাম দেৱান, কনকলতা, গোপীনাথ বৰদলৈ, কুশল কোঁৱৰ, গোমধৰ কোঁৱৰ, জ্য়োতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আদি।

(গ) বাণ ৰজাৰ জীয়ৰীৰ নাম কি আছিল তেওঁৰ বিয়া কাৰ লগত হৈছিল?

উত্তৰঃ বাণ ৰজাৰ জীয়ৰীৰ নাম আছিল- ঊষা। তেওঁৰ বিয়া শ্ৰী কৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত হৈছিল।

৩। খালী ঠাই পূৰ কৰা-

(ক) মহাভাৰতৰ যুদ্ধত অসমৰ পৰা ভগদত্ত ৰজাই কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিল ।

(খ) অসমৰ কুণ্ডিলৰ পৰা শ্ৰী কৃষ্ণই ৰুক্মিনীক হৰণ কৰি নিছিল।

(গ) অসমৰ ৰজা কুমাৰ ভাষ্কৰ বৰ্মণৰ ৰ সৈতে সম্ৰাট হৰ্ষবৰ্ধনৰ ৰ বন্ধুত্ব  গঢ়ি  উঠিছিল। 

(ঘ) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দুবাৰকৈ ভাৰত ভ্ৰমণ কৰিছিল।

(ঙ) ইংৰাজে প্ৰায় দুশ বছৰ ধৰি আমাৰ দেশ শাসন কৰিছিল।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop