🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Social Science। Chapter 1। আমাৰ পৰিৱেশ। Question Answer |

Chapter 1

আমাৰ পৰিৱেশ

১। পৰিৱেশ কাক বোলে?

উত্তৰঃ আমাৰ চাৰিওফালে থকা পোহৰ, বায়ু, মাটি, গছ-গছনি, জীৱ-জন্তু, মানুহ-দুনুহ- এই সকলোবোৰেই হৈছে আমাৰ পৰিৱেশ।

২। সুখে শান্তিৰে থাকিবলৈ আমাৰ ঘৰুৱা পৰিৱেশ কেনেকুৱা হ’ব লাগে? ঘৰুৱা পৰিৱেশ ভালে ৰাখিবলৈ তুমি কি কি কৰিবা?

উত্তৰঃ সুখে-শান্তিৰে থাকিবলৈ হ’লে আমাৰ ঘৰুৱা পৰিৱেশ নিকা আৰু শৃংখলিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগে। 

    ঘৰুৱা পৰিৱেশ ভালে ৰাখিবলৈ- স্কুলৰ পৰা আহি কিতাপ-বহীখিনি নিৰ্দিষ্ট ঠাইত ৰখা, কাপোৰ-কানি খুলি আলনাত পৰিপাটিকৈ থোৱা, খেলা-ধূলা কৰি উঠি হাত-ভৰি-মুখ আদি ধোৱা নিৰ্দিষ্ট সময়ত পঢ়া-খোৱা-শোৱা-উঠা, আজৰি পৰৰ বাদে আন সময়ত টি.ভি, ভিডিঅ’ গেম আদিৰ পৰা আঁতৰি থকা আদি সকলো কাম মই শৃংখলাবদ্ধভাৱে কৰিম।

৩। সামাজিক পৰিৱেশ ভালে ৰাখিবলৈ আমি কি কি কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত ?

উত্তৰঃ আমি বাস কৰা চুবুৰীটোৰ মানুহখিনিয়ে সিলা-প্ৰীতিৰে থাকিলে, সকলোৱে চুবুৰীটো পৰিপাটিকৈ ৰাখিলে, বিপদৰ সময়ত ইজনে সিজনক সহায় কৰিলে চুবুৰীটোৰ সামাজিক পৰিৱেশ ভালে থাকে। সমাজত বাস কৰা সকলোৱে যত্ন কৰিলেহে সামাজিক পৰিৱেশ ভালে থাকিব। আমাৰ ওচৰ-পাঁজৰৰ ঠাইখন নিকাকৈ ৰখা, ওচৰ-চুবুৰীয়াৰ লগত মিলা-প্ৰীতিৰে থকা, অসুখত ভোগাজনক শুশ্ৰূষা কৰা, দুখীয়া আৰু বিপদত পৰাজনক সহায় কৰা, বিদ্য়ালয়-পুথিভঁৰাল-নামঘৰ আদি সামাজিক অনুষ্ঠানৰ যত্ন লোৱা আদি কামে আমাৰ সামাজিক পৰিৱেশ উন্নত কৰে।

৪। প্ৰাকৃতিক পৰিৱেশ ভালে ৰাখিবলৈ আমি কি কি কৰিব পাৰো বুজাই লিখা  ।

উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ ভালে ৰাখিবলৈ আমি সকলোৱে নিজৰ নিজৰ জন্মদিনত গছপুলি ৰোৱাৰ উপৰি আমাৰ পঢ়াশালিৰ চৌহদত, ৰাস্তাৰ দাঁতিতো গছপুলি ৰুব পাৰো। জাবৰ-জোঁথৰ, নৈ-বিল, জান-জুৰি আদিত নেপেলাই ইবোৰৰ পানী পৰিষ্কাৰ কৰি ৰাখিবলৈ আমি যত্নপৰ হ’ব পাৰো।

৫। খালী ঠাই পূৰ কৰা-

(ক) চৌদিশৰ পৰিৱেশ ভাল হ’লেহে আমি সুখে-শান্তিৰে থাকিব পাৰো। 

(খ) আমি সকলোৱে পৰিৱেশ ভালে ৰাখাৰ প্ৰতি যত্নপৰ হ’ব লাগে।

(গ) ঘৰখনৰ সকলোৱে যত্ন কৰিলেহে ঘৰৰ পৰিৱেশ ভাল হ’ব।

(ঘ) সমাজত বাস কৰা সকলোৱে যত্ন কৰিলেহে সামাজিক পৰিৱেশ ভালে থাকিব।

(ঙ) চৰাই-চিৰিকটি , বিভিন্ন পোক-পৰুৱা, সাপ-ভেকুলী আদিও আমাৰ পৰিৱেশৰ পৰম বন্ধু।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop