SVN Class 5 Science। Chapter 4। উদ্ভিদৰ বিভিন্ন অংশ আৰু কাৰ্য । Short Question Answer

 Chapter 4

উদ্ভিদৰ বিভিন্ন অংশ আৰু কাৰ্য

১. উদ্ভিদ আৰু প্ৰাণীসমূহক একেলগে কি বোলে ?

উত্তৰ :- উদ্ভিদ আৰু প্ৰাণীসমূহক একেলগে জীৱজগত বোলে।

২. উদ্ভিদ জীৱজগতৰ এটা কি অংশ ?

উত্তৰ :- উদ্ভিদ জীৱজগতৰ এটা গুৰুত্বপূৰ্ণ অংশ।

৩. উদ্ভিদ আৰু প্ৰাণীৰ মাজত বহুতো সাদৃশ্য় কি ?

উত্তৰ :- উদ্ভিদ আৰু প্ৰাণীৰ মাজত বহুটো সাদৃশ্য আছে সোইবোৰ হ’ল- জীয়াই থাকিবলৈ উভয়কে বায়ু, পানী আৰু আহাৰৰ প্ৰয়োজন।

৪. প্ৰাণীদেহৰ বিভিন্ন কাৰ্যসমূহ শৰীৰৰ কিহৰ দ্বাৰা সম্পাদিত হয় ?

উত্তৰ :-প্ৰাণাদেহৰ বিভিন্ন কাৰ্যসমূহ শৰীৰৰ বিভিন্ন অংগৰ দ্বাৰা সম্পাদিত হয়।

৫. ডাল, পাত আৰু ফল-ফুল এইবোৰ কিহৰ অংশ ?

উত্তৰ :- ডাল, পাত আৰু ফল-ফুল এইবোৰ উদ্ভিদৰ অংশ।

৬. শিপা কাক বোলে ?

উত্তৰ :- সাধাৰণতে চকুত নপৰা মাটিৰ তলত সোমাই থকা উদ্ভিদৰ আৰু এটা অংশ আছে যিটোক শিপা বুলি কোৱা হয়।

৭. উদ্ভিদৰ এই প্ৰতিটো অংশৰ কাৰ্য কেনে ধৰণৰ ?

উত্তৰ :- উদ্ভিদৰ এই প্ৰতিটো অংশৰ কাৰ্য বেলেগ ধৰণৰ।

৮. শিপাই মাটিৰ পৰা কি শোষণ কৰে ?

উত্তৰ :- শিপাই মাটিৰ পৰা পানী আৰু খনীজ লৱণ শোষণ কৰে।

৯. উদ্ভিদক কিহে মাটিত পৰা বাগৰি নোযোৱাত সহায় কৰে ?

উত্তৰ :- উদ্ভদক শিপাই মাটিৰ পৰা বাগৰি নোযোৱাত সহায় কৰে।

১০. অস্থানিক শিপা বা চুলি শিপা কাক বোলে ?

উত্তৰ :- জন্ম মূল বাঢ়ি গৈ তাৰ গুৰিৰ পৰা কিছুমান শিপা থোপা বান্ধি ওলায়। এনে ধৰণৰ শিপাক অস্থানিক শিপা বা চুলি শিপা বোলে ।

১১. চুলি শিপাৰ দুটা উদাহৰণ দিয়া ?

উত্তৰ :- চুলি শিপা দুটা উদাহৰণ হ’ল ঘেহুঁ মাকৈ, ধানগছ।

১২. শিপা কেনে ধৰণৰ ?

উত্তৰ :- আহত বা বট গছৰ কাণ্ডৰ পৰা ওলোৱা শিপা বা পাতেগজা (দুপৰ টেঙাৰ পাত) পাতৰ পৰা ওলোৱা শিপাও এই ধৰণৰ।

১৩. আমি কেনে ধৰণৰ শিপা গ্ৰহণ কৰোঁ ?

উত্তৰ :- কিছুমান শিপাই গছজোপাৰ বাবে খাদ্য় সংৰক্ষণ কৰি ৰাখে। মূলা, গাজৰ আদি এনেধৰণৰ উদ্ভিদ। আমি এনেধৰণৰ শিপা আমাৰ খাদ্য় হিচাপে গ্ৰহণ কৰোঁ।

১৪. উদ্ভিদৰ কাণ্ড কাক বোলে ?

উত্তৰ :- উদ্ভিদ জোপাৰ যি অংশত ফুল, ফল আৰু পাত লাগি আছে তাকে উদ্ভিদৰ কাণ্ড বোলা হয়।

১৫. কি কি লগ লাগি বিটপতন্ত্ৰ গঠিত কৰে ?

উত্তৰ :-কাণ্ডৰ সৈতে থকা ডাল, পাত, ফল, ফুল সকলো একেলগে লগ লাগি বিটপতন্ত্ৰ গঠিত কৰে।

১৬. কাণ্ড পোহৰ ক’ৰ লৈ আগবাঢ়াই ?

উত্তৰ :- কাণ্ড পোহৰৰ দেশলৈ আগবাঢ়াই।

১৭. পাতে উদ্ভিদৰ প্ৰয়োজনীয় কি প্ৰস্তুত কৰে ?

উত্তৰ :- পাতে উদ্ভিদৰ প্ৰয়োজনীয় খাদ্য় প্ৰস্তুত কৰে।

১৮. বীজাবৰণ বা বীজত্বক কাক বোলে ?

উত্তৰ :- এটা বীজৰ পৰা এটা নতুন পুলিয়ে গজালি মেলে। বীজৰ বহিঃভাগত এখন পাতল আৱৰণ থাকে। ইয়াক বীজাবৰণ বা বীজত্বক বোলে।

১৯. বীজপত্ৰ কাক বোলে ?

উত্তৰ :- বীজৰ গঠন সম্পৰ্কে ভালদৰে বুজিবলৈ তিয়াই থোৱা বুটমাহ এটাৰ বাকলি গুচাই চোৱা। বাকলিৰ ভিতৰত লগলাগি থকা দুটা অংশ দেখিবলৈ পাবা। এই অংশ দুটাকে বীজপত্ৰ বোলে।

২০. বীজৰ অংকুৰণৰ পাছতেই তাৰ পৰা কি কি ওলায় ?

উত্তৰ :- বীজৰ অংকুৰণৰ পাছতেই তাৰ পৰা শিপা আৰু কাণ্ড ওলায়।

Type – Boby bora

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop