🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 6 Social Science। Chapter 5। ভূগোলৰ অধ্য়য়ন-আহিলা । Short Question Answer

Chapter 5

ভূগোলৰ অধ্য়য়ন-আহিলা

১) মানচিত্ৰ কি?

উত্তৰঃ মানচিত্ৰ হ’ল পৃথিৱীৰ কোনো ঠাইৰ মাপ অনুসৰি সৰুকৈ কাগজ বা তেনে ফলকত অকণ কৰা চিত্ৰ।

২) মাপনী বা স্কেল অনুসৰি মানচিত্ৰক কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ মাপনী বা স্কেল অনুসৰি মানচিত্ৰক দুটা ভাগত ভগাব পাৰি।

৩) একোখন ঠাইৰ বিভিন্ন বস্তুবোৰ মানচিত্ৰত উপস্থাপন কৰাত বিশেষ প্ৰয়োজন হোৱা উপাদানকেইটাৰ নাম লিখা।

উত্তৰঃ একোখন ঠাইৰ বিভিন্ন বস্তুবোৰ মানচিত্ৰত উপস্থাপন কৰাত বিশেষ প্ৰয়োজন হোৱা উপাদানকেইটাৰ নাম হ’ল- দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন।

৪) নক্সা বা প্লেন কি?

উত্তৰঃ মানচিত্ৰত ডাঙৰ মাপনী ব্য়ৱহাৰ কৰি অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ’ল নক্সা বা প্লেন।

৫) চুম্বক কম্পাছ কেতিয়া ব্য়ৱহাৰ কৰা হয়?

উত্তৰঃ দিশ দেখুৱাবলৈ চুম্বক কম্পাছ ব্য়ৱহাৰ কৰা হয়।

৬) ভূচিত্ৰাৱলী কি?

উত্তৰঃ ভূচিত্ৰাৱলী হ’ল বহুতো মানচিত্ৰৰ সমষ্টি।

৭) সাংকেতিক চিহ্ন কেতিয়া ব্য়ৱহাৰ কৰা হয়?

উত্তৰঃ কোনো এটা অঞ্চলৰ পৰিসীমা, ৰাস্তা, দলং, ৰে’লপথ, শিক্ষানুষ্ঠান, মন্দিৰ, পুখুৰী, বিল খেতি-পথাৰ আদি দেখুৱাবলৈ সাংকেতিক চিহ্ন ব্য়ৱহৃত হয়।

৮) মানচিত্ৰ আৰু আৰ্হিচিত্ৰৰ মূল পাৰ্থক্য় কি?

উত্তৰঃ মানচিত্ৰ আৰু আৰ্হিচিত্ৰৰ মূল পাৰ্থক্য় হ’ল আৰ্হিচিত্ৰত মাপনী ব্য়ৱহৃত নহয় কিন্ত মানচিত্ৰত মাপনী অপৰিহাৰ্য।

৯) মানচিত্ৰৰ দিশ মানচিত্ৰৰ ক’ত আঁকি দেখুওৱা হয়?

উত্তৰঃ মানচিত্ৰৰ দিশ মানচিত্ৰখনৰ সোঁফালে ওপৰত আঁকি দেখুওৱা হয়।

১০) মানচিত্ৰ আৰু ভূচিত্ৰাৱলী ব্য়ৱহাৰ কৰাৰ কাৰণ কি?

উত্তৰঃ সকলো ক্ষেত্ৰতে গোলক ব্য়ৱহাৰ কৰিব নোৱাৰি। সেইবাবেই মানচিত্ৰ আৰু ভূচিত্ৰাৱলী ব্য়ৱহাৰ কৰা হয়।

১১) আৰ্হিচিত্ৰ কাক বোলে?

উত্তৰঃ মাপনী ব্য়ৱহাৰ নকৰাকৈ কোনো এটা অঞ্চলৰ ক’ত কি আছেসেইবোৰ দেখুৱাই কাগজত অংকণ কৰা চিত্ৰকে আৰ্হিচিত্ৰ বোলে।

১২) ডাঙৰ এলেকা অংকণ কৰিবলৈ কি ব্য়ৱহাৰ কৰা হয়?

উত্তৰঃ ডাঙৰ এলেকা অংকণ কৰিবলৈ সৰু মাপনী ব্য়ৱহাৰ কৰা হয়।

১৩)  মাপনী কি?

উত্তৰঃ ভূ-পৃষ্ঠৰ দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু মানচিত্ৰৰ সেই ঠাই দুখন বুজোৱা বিন্দু দুটাৰ মাজৰ দূৰত্বৰ অনুপাতেই হ’ল মাপনী। 

১৪) সাংকেতিক চিহ্নবোৰ কেনেকৈ দেখুওৱা হয়?

উত্তৰঃ সাংকেতিক চিহ্নবোৰ কিছুমান আখৰ, কোনো জীৱ বা জন্তুৰ আকৃতি আৰু কিছুমান ৰেখাৰেও দেখুওৱা হয়।

১৫) আৰ্হিচিত্ৰ অংকণ কৰোতে কি কৰা হয়?

উত্তৰঃ আৰ্হিচিত্ৰ অংকণ কৰোতে একোখন ঠাইৰ ক’ত কি আছে মনত ৰাখি অনুমান আৰু সাধাৰণৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি অংকণ কৰা হয়।

১৬) সৰু এলেকা অংকণ কৰিবলৈ কি ব্য়ৱহাৰ কৰা হয়?

উত্তৰঃ সৰু এলেকা অংকণ কৰিবলৈ ডাঙৰ মাপনী ব্য়ৱহাৰ কৰা হয়।

১৭) প্ৰাকৃতিক মানচিত্ৰত কি দেখুওৱা হয়?

উত্তৰঃ প্ৰাকৃতিক মানচিত্ৰত একন দেশ বা এটা অঞ্চল অথবা গোটেই পৃথিৱীৰ মূল পৰ্বত, নদী, উদ্ভিদ আদিৰ ভৌগোলিক তথ্য়সমূহ দেখুওৱা হয়।

১৮) ৰাজনৈতিক মানচিত্ৰত কিহৰ বিষয় থাকে?

উত্তৰঃ ৰাজনৈতিক মানচিত্ৰত দেশ, মহাদেশ, ৰাজ্য়, জিলা আদিৰ চাৰিসীমা, ৰাজধানী উল্লেখযোগ্য় নগৰ-চহৰ আদি দেখুওৱা হয়।

১৯) বিষয়ভিত্তিক মানচিত্ৰ কাক বোলে?

উত্তৰঃ জনসংখ্য়াৰ ঘনত্ব, ৰে’ল যাতায়ত, বৃষ্টিপাত, উদ্য়োগত আদি বিষয়ৰ মানচিত্ৰক বিষয়ভিত্তিক মানচিত্ৰ বোলে।

২০) কম্পাছৰ চুম্বকীয় কাঁটা সদায় কেনেকুৱা হৈ থাকে?

উত্তৰঃ কম্পাছৰ চুম্বকীয় কাঁটা সদায় উত্তৰ-দক্ষিণমুৱা হৈ থাকে।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop