SVN Class 6 Social Science। Chapter 2। পৃথিৱীৰ আকাৰ আৰু আকৃতি । Short Question Answer

 Chapter 2

পৃথিৱীৰ আকাৰ আৰু আকৃতি

১) অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ সহায়ত কি কৰিব পাৰি?

উত্তৰঃ অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি।

২) পৃথিৱীৰ আকাৰৰ ধাৰণা দিবলৈ কি ব্য়ৱহাৰ কৰা হয়?

উত্তৰঃ পৃথিৱীৰ আকাৰৰ ধাৰণা দিবলৈ গোলক ব্য়ৱহাৰ কৰা হয়।

৩) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত কি কৰিব পাৰি?

উত্তৰঃ দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত একোখন ঠাই গোলকৰ কোন ঠাইত অৱস্থিত জানিব পাৰি।

৪) পৃথিৱীৰ মেৰুদণ্ড বুলি কাক কোৱা হয়?

উত্তৰঃ পৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে কল্পনা কৰা দুই মেৰু সংযোগী ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয়।

৫) নিৰক্ষ ৰেখা বুলি কাক কোৱা হয়?

উত্তৰঃ বিষুৱ ৰেখাক নিৰক্ষ ৰেখা বুলি কোৱা হয়।

৬) দ্ৰাঘিমাংশ কি?

উত্তৰঃ মূখ্য়দ্ৰাঘিমাৰ পূব বা পশ্চিমে কোনো ঠাইৰ কৌণিক দূৰত্বই হ’ল সেই ঠাইৰ দ্ৰাঘিমাংশ।

৭) অক্ষাংশৰ মান কিমান?

উত্তৰঃ অক্ষাংশৰ মান ০° ৰপৰা ৯০° উত্তৰ ্থবা দক্ষিণৰ ভিতৰত।

৮) কিহৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীক কেইটামান তাপমণ্ডলত ভাগ কৰা হৈছে?

উত্তৰঃ উত্তাপৰ তাৰতম্য়ৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীক কেইটামান তাপমণ্ডলত ভাগ কৰা হৈছে।

৯) ইংৰাজীত পৃথিৱীৰ আকাৰটোক কি বুলি কোৱা হয়?

উত্তৰঃ ইংৰাজীত পৃথিৱীৰ আকাৰটোক ‘জিঅ’ইড’ (Geoid) বুলি কোৱা হয়।

১০) কোনডাল ৰেখাই পৃথিৱীক উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত বিভক্ত কৰিছে?

উত্তৰঃ বিষুৱ ৰেখাই পৃথিৱীক উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত বিভক্ত কৰিছে।

১১) উত্তৰ শীতমণ্ডল বা উত্তৰ হিমমণ্ডল বুলি কাক কোৱা হয়?

উত্তৰঃসুমেৰু বৃত্তৰ পৰা মেৰু বিন্দু পৰ্যন্ত এই অঞ্চলটোত সূৰ্যৰ ৰশ্মি অতি কমকৈ পৰে বাবেই উত্তাপৰ পৰিমাণ অতি কম। হিমশীতল এই মণ্ডলটোক উত্তৰ শীতমণ্ডল বা উত্তৰ হিমণ্ডল বোলে।

১২) অক্ষৰেখা কাক বোলে?

উত্তৰঃবিষুৱ ৰেখাৰ উত্তৰে আৰু দক্ষিণে সমান্তৰালকৈ কিছুমান ৰেখা কল্পনা কৰা হয় যিবোৰক অক্ষৰেখা বুলি কোৱা হয়।

১৩) গোলক কি?

উত্তৰঃগোলক হ’ল বৃহৎ পৃথিৱীৰ সুক্ষ্ম আৰ্হি।

১৪) কৰ্কটক্ৰান্তি ৰেখা কাক বোলে?

উত্তৰঃউত্তৰ গোলাৰ্ধত চাৰে ২৩ অক্ষাংশইদি যিডাল অক্ষৰেখা কল্পনা কৰা হৈছে সেইডালক কৰ্কটক্ৰন্তি ৰেখা বোলে।

১৫) সুমেৰু বা উত্তৰ মেৰু কাক বোলে?

উত্তৰঃপৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে কল্পনা কৰা দুই মেৰু সংযোগী ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড বোলে। শলাডালৰ ওপৰৰ পিনে থকা বিন্দুটোক উত্তৰ মেৰু বা সুমেৰু বোলে।

১৬) মকৰক্ৰান্তি ৰেখা কাক বোলে?

উত্তৰঃ দক্ষিণ গোলাৰ্ধত চাৰে ২৩ অক্ষাংশইদি যিডাল অক্ষৰেখা কল্পনা কৰা হৈছে সেইডাল ৰেখাক মকৰক্ৰান্তি ৰেখা বোলে।

১৭) দক্ষিণ হিমমণ্ডল কাক বোলে?

উত্তৰঃ দক্ষিণ মেৰুবৃত্তৰপৰা দক্ষিণ মেৰু পৰ্যন্ত এই মণ্ডলটোক দক্ষিণ হিমমণ্ডল বোলে।

১৮) দক্ষিণ নাতিশীতোষ্ণ মণ্ডল বুলি কাক কোৱা হয়?

উত্তৰঃ কুমেৰু বৃত্তৰ মাজৰ ঠাইখিনিটো সূৰ্যৰ ৰশ্মি কিছু হেলনীয়াকৈ পৰে বাবে উত্তাপৰ পৰিমাণ কিছু কম, যাৰ বাবে এই মণ্ডলটোক দক্ষিণ নাতিশীতোষ্ণ মণ্ডল বুলি কোৱা হয়।

১৯) দ্ৰাঘিমা ৰেখা আৰু অক্ষৰেখাই পৰস্পৰক কি কৰে?

উত্তৰঃ দ্ৰাঘিমা ৰেখা আৰু অক্ষৰেখাই পৰস্পৰক কটাকটি কৰে।

২০) দ্ৰাঘিমাংশৰ মান কিমান?

উত্তৰঃ দ্ৰাঘিমাংশৰ মান ০° ৰপৰা ১৮০° পূুব অথবা পশ্চিমৰ ভিতৰত।

Type – Boby Bora

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop