🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 General Science Chapter 1 | খাদ্যঃ আমি ক’ৰ পৰা পাওঁ ? | MCQ

Chapter 1

খাদ্যঃ আমি ক’ৰ পৰা পাওঁ ?

১। খাদ্য উপকৰণৰ উৎস কি ?

(ক) প্ৰাণী

(খ) উদ্ভিদ

(গ) মানুহ

উত্তৰঃ (খ) উদ্ভিদ

২। সৰিয়হ গছৰ বীজবোৰে আমাক কি দিয়ে ?

(ক) তেল

(খ) মাংস

(গ) খোৱাৰ উপযোগী ফুল

উত্তৰঃ (ক) তেল

৩। মৌ-মাখিবোৰে ফুলৰ পৰা কি সংগ্ৰহ কৰে ?

(ক) তেল

(খ) মৌ জোল

(গ) মৌ ৰস

উত্তৰঃ (গ) মৌ ৰস

৪। মৌ মাখিয়ে মৌ জোল কিহত জমা কৰে ?

(ক) গছত

(খ) মৌ চাকত

(গ) এটাও নহয়

উত্তৰঃ (খ) মৌ চাকত

৫। যিবোৰ প্ৰাণীয়ে উদ্ভিদ বা উদ্ভিদজাত সামগ্ৰী খায় তেনে প্ৰাণীক কি বুলি কোৱা হয় ?

(ক) সৰ্বভোজী

(খ) তৃণভোজী

(গ) মাংসভোজী

উত্তৰঃ (খ) তৃণভোজী

৬। সৰিয়হ গছৰ পাতবোৰ আমি কি হিচাপে খাঁও ?

(ক) শাক

(খ) পাত

(গ) পাচলি

উত্তৰঃ (ক) শাক

৭। উদ্ভিদবোৰ আমাৰ খাদ্যৰ এবিধ                   ।

(ক) উৎপাদিত বস্তু

(খ) অংশ

(গ) উৎস

উত্তৰঃ (গ) উৎস

৮। যিবোৰ প্ৰাণীয়ে আন প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে তেনে প্ৰাণীক কি বুলি কোৱা হয় ?

(ক) সৰ্বভোজী

(খ) মাংসভোজী

(গ) তৃণভোজী

উত্তৰঃ (খ) মাংসভোজী

৯। ‘উপকৰণ’ শব্দৰ ইংৰাজী ৰূপটো কি ?

(ক) Edible

(খ) Ingredients

(গ) Nectar

উত্তৰঃ (খ) Ingredients

১০। তলৰ কোনবিধ খাদ্য মেকুৰীয়ে খায় ?

(ক) গাখীৰ

(খ) চৰাই

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

১১। সৰ্বভোজী প্ৰাণী কাক বোলে ?

(ক) যি প্ৰাণীয়ে উদ্ভিদজাত খাদ্য খায়

(খ) যি প্ৰাণীয়ে আন প্ৰাণীক খায়

(গ) যি প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খায়

উত্তৰঃ (গ) যি প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী দুয়োবিধকে খায়

১২। ভাটৌৱে কেৱল                   সামগ্ৰী খায়।

(ক) প্ৰাণীজাত

(খ) উদ্ভিদজাত

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) উদ্ভিদজাত

১৩। গাখীৰ, দৈ, গাখীৰৰ ছানা, ঘিউ আদি কি জাতৰ সামগ্ৰী ?

(ক) প্ৰাণীজাতৰ

(খ) উদ্ভিদজাতৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) প্ৰাণীজাতৰ

১৪।                 ৰ পৰা আমি চেনীপাওঁ।

(ক) আম গছৰ

(খ) নাৰিকলৰ

(গ) কুহিঁয়াৰ

উত্তৰঃ (গ) কুহিঁয়াৰ

১৫। ভাত ৰান্ধোতে কেইটা উপকৰণৰ প্ৰয়োজন হয় ?

(ক) দুটা

(খ) সাতটা

(গ) নটা

উত্তৰঃ (ক) দুটা

১৬। তলৰ ছবিখনত থকা ফলকেইটাৰ নাম কি ?

(ক) আম, কঠাল, আঙুৰ, আপেল

(খ) কল, আপেল, নাচপতি, কমলা

(গ) এটাও নহয়

উত্তৰঃ (গ) এটাও নহয়

১৭। সকলো জীৱৰ বাবে একেধৰণৰ খাদ্যৰ প্ৰয়োজন হয়নে ?

(ক) হয়

(খ) নহয়

(গ) কেতিয়াবা হয় আৰু কেতিয়াবা নহয়

উত্তৰঃ (খ) নহয়

১৮। ‘তৃণভোজী’ শব্দৰ ইংৰাজী ৰূপটো কি ?

(ক) Harbivore

(খ) Carnivore

(গ) Omnivore

উত্তৰঃ (ক) Harbivore

১৯। সিংহ আৰু বাঘ কি প্ৰাণী ?

(ক) সৰ্বভোজী

(খ) মাংসভোজী

(গ) তৃণভোজী

উত্তৰঃ (খ) মাংসভোজী

২০। তলৰ ছবিখন কিহৰ ছবি ?

(ক) মৌ চাকৰ

(খ) গছৰ ডালৰ

(গ) মৌ জোলৰ

উত্তৰঃ (ক) মৌ চাকৰ

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop