SVN Class 3 Environment Chapter 1 | আমাৰ গাওঁ ( আমাৰ পৰিৱেশ) Question and Answer |

Chapter 1

আমাৰ গাঁও

শুৱনি আমাৰ                   গাঁওখনি অতি 

                শুৱনি গছেৰে  ভৰা                 

ডাল ভৰি ভৰি                  ফল -ফুল লাগে 

                কত পাওঁ তল সৰা ।               

শুৱনি আমাৰ                   ধাননি পথাৰ 

                ধানেৰে উপচি পৰে,              

শৱনি নদীৰ                     পানী ভৰা ঘাট

               মুদৈয়ে বেপাৰ কৰে ।           

চালত কোমোৰা             লাও জিকা ভোল 

             ভঁৰালত জহা ধান,             

গোহালিত গৰু                পুখুৰীত মাছ

বাৰীত তামোল পাণ।

গছৰ  ডালত                 শুৱনি চৰাই 

শুৱলা সংগীত গায়,

শাকনিত শাক           ফলনিত ফুল 

দেখিলে হিয়া জুৰায় ।

ঘৰে ঘৰে ৰং     ধেমালিৰ হাট 

ঘৰে ঘৰে হাঁহি মুখ,

ঘৰে ঘৰে ভাল           চেনেহা চেনেহি 

ঘৰে ঘৰে দেখো সুখ ।

ভাওনা সবাহ        গীত ভাল পোৱা 

মধুৰ মুৰুলী তান,

দহোটাৰ কাম       একেজনে কৰা 

চহাৰ সৰল প্ৰণ।

কবি- আনন্দ চন্দ্ৰ আগৰৱালা

১। নদীৰ পানী ভৰা ঘাাটত কোনে বেপা কৰে?

উত্তৰঃ নদীৰ পানী ভৰা ঘাটত মুদৈয়ে বেপা কৰে।

২। গছৰ ডালত কোনে সংগীত গায়?

উত্তৰঃ গছৰ ডালত চৰাইয়ে শুৱলা সংগীত গায়।

৩। চালত, ভঁৰালত, গোহালিত, পুখুৰীত আৰু বাৰীত কি থাকে বুলি কৈছে?

উত্তৰঃ চালত কোমোৰা, লাও, জিকা, ভোল, ভঁৰালত জহা ধান, গোহালিত গৰু, পুখুৰীত মাছ আৰু বাৰীত তামোল পাণ থাকে বুলি কৈছে।

৪। ধানেৰে উপচি ক’ত থাকে?

উত্তৰঃ ধানেৰে উপচি ধাননি পথাৰত থাকে।

৫। ভাওনা সবাহত কি তান বজোৱা হয়?

উত্তৰঃ ভাওনা সবাহত মধুৰ মুৰুলী তান বজোৱা হয়।

Type: Pompi Hazarika

0
    0
    Your Cart
    Your cart is emptyReturn to Shop