🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Environment Chapter 11 | বন্যপ্ৰাণী আৰু সিহঁতৰ বাসস্থান Question and Answer |

Chapter 11

বন্যপ্ৰাণী আৰু সিহঁতৰ বাসস্থান

বন্যপ্রাণীবােৰৰ বাবে অৰণ্যই হ’ল সিহঁতৰ ঘৰ। উদ্ভিদে বন্যপ্রাণীক খাদ্য, আশ্রয় আৰু ৰক্ষণাবেক্ষণ দিয়ে। সেয়ে উদ্ভিদবােৰ আটাইতকৈ মূল্যবান বনজ সম্পদ। উদ্ভিদৰ পৰা মানুহে ঘৰ বনােৱা কাঠ সংগ্রহ কৰিব পাৰে। কাঠ বিক্ৰী কৰি আর্থিক ভাবে লাভবান হ’ব পাৰি। সেই উদ্ভিদবােৰত নানা চৰাই চিৰিকটিয়ে বাহ সাজি জীৱন ধাৰণ কৰে। বন্যপ্রাণীবােৰ হ’ল প্রকৃতিৰ প্ৰহৰী। মানুহৰ অন্যায় নকৰাকৈ বনতে সিহঁতে জীয়াই থাকে। চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানবােৰত বহু প্রজাতিৰ উদ্ভিদ আৰু বন্যপ্রাণী সংৰক্ষণ কৰে। চিৰিয়াখানাত প্রাণীবােৰক উপযুক্ত বাসস্থান দিব নােৱাৰে। কিন্তু সিহঁতে কেনেকুৱা ঠাই ভালপায় সেইখিনি দিবলৈ যত্ন কৰা হয়। মৰুভূমিবােৰতাে অনেক উদ্ভিদ আৰু প্রাণী দেখা যায়। মৰুভূমি তপত আৰু বালিময়। দিনত ধূলিৰ ধূমুহা বলে। উট হ’ল মৰুভূমিৰ বাহন বা জাহাজ। কিছুমান উদ্ভিদ আৰু প্রাণী বৰফ আবৃত পর্বতৰ অতি উচ্চ অঞ্চলতাে দেখা যায়। হিম বাঘ তেনে এবিধ প্রাণী।

১। উদ্ভিদে বন্যপ্ৰাণীক কি দিয়ে?

উত্তৰঃ উদ্ভিদে বন্যপ্ৰণীক খাদ্য, আশ্ৰয় আৰু ৰক্ষণাবেক্ষণ দিয়ে।

২। বন্যপ্ৰাণীবোৰ হ’ল প্ৰকৃতিৰ _______।

উত্তৰঃ বন্যপ্ৰাণীবোৰ হ’ল প্ৰকৃতিৰ প্ৰহৰী।

৩। মৰুভূমি ______ আৰু ________।

উত্তৰঃ মৰুভূমি তপত আৰু বালিময়।

৪। মৰুভূমিৰ বাহন বা জাহাজ বুলি কাক কয়?

উত্তৰঃ মৰুভূমিৰ বাহন বা জাহাজ বুলি উটক কোৱা হয়।

৫। হিম বাঘ ক’ত দেখা যায়?

উত্তৰঃ হিম বাঘ বৰফ আবৃত পৰ্বতৰ অতি উচ্চ অঞ্চলত দেখা যায়।

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop