SVN Class 3 Environment Chapter 3 | আমাৰ প্ৰয়োজনীয় খাদ্য Question and Answer |

Chapter 3

আমাৰ প্ৰয়োজনীয় খাদ্য

মানুহে নিজৰ খাদ্য তৈয়াৰ কৰিব নোৱাৰে। উদ্ভিদবোৰেহে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে। 

খাদ্যৰ বাবে প্ৰত্যেক প্ৰাণীয়ে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। উদ্ভিদৰ সেউজীয়া পাতবোৰে নিজৰ খাদ্য তৈয়াৰ কৰে। মানুহ বা অন্য প্ৰাণীয়ে উদ্ভিদৰ পাত ফুল ফল আদি খাই জীয়াই থাকে। মানুহে খাদ্য বাবে খেতি কৰে। 

মানুহে খোৱা ভাত, ৰুটি বুট -মাহ আদি উদ্ভিদৰ পৰাই আহে। বনত থকা উদ্ভিদৰ পৰা বনৰীয়া প্ৰাণীয়ে খাদ্য গ্ৰহণ কৰে। 

মানুহ খাদ্যত উদ্ভিদৰ লগতে মাছ মাংস আৰু কণীও অন্তৰ্ভূক্ত। প্ৰকৃতিত পোৱা কেইবাবিধো উদ্ভিদ মানুহে ঔষধ হিচাবেও ব্যৱহাৰ কৰে। যেনে- তুলসী, সিজু শতমূল কলগছ ভেদাইলতা ইত্যাদি । বনদৰৱ সহজ লভ্য আৰু কম খৰচী।

১। খাদ্যৰ বাবে প্ৰত্যেক প্ৰাণীয়ে কাৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ খাদ্যৰ বাবে প্ৰত্যেক প্ৰাণীয়ে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে।

২। মানুহে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰেনে?

উত্তৰঃ মানুহে নিজৰ খাদ্য় নিজে তৈয়াৰ কৰিব নোৱাৰে।

৩। উদ্ভিদৰ কোনটো অংশই খাদ্য তৈয়াৰ কৰে?

উত্তৰঃ উদ্ভিদৰ সেউজীয়া পাতবোৰে খাদ্য তৈয়াৰ কৰে।

৪। মানুহে ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধ মান উদ্ভিদৰ নাম লিখা।

উত্তৰঃ  মানুহে ঔষধ হিচাপে ব্যৱহাৰ কৰা দুবিধমান উদ্ভিদৰ নাম হ’ল- তুলসী, সিজু, শতমূল, কলগছ, ভেদাইলতা ইত্যাদি।

৫। মানুহে খাদ্যৰ বাবে কি কৰে?

উত্তৰঃ মানুহে খাদ্যৰ বাবে খেতি কৰে।

৬। উদ্ভিদৰ লগতে মানুহৰ খাদ্যত আৰু কি অন্তৰ্ভূক্ত?

উত্তৰঃ উদ্ভিদৰ লগতে মানুহৰ খাদ্যত মাছ, মাংস আৰু কণীও অন্তৰ্ভূক্ত আছে।

৭। মানুহক বাদ দি অন্য প্ৰণীবোৰে কি খাই জীয়াই থাকে?

উত্তৰঃ মানুহক বাদ দি অন্য প্ৰাণীবোৰে উদ্ভিদৰ পাত, ফল, ফুল আদি খাই জীয়াই থাকে।

Type: Pompi Hazarika

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop