🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Environment Chapter 5 | আমাৰ প্ৰয়োজনীয় গেছবোৰ Question and Answer |

Chapter 5

আমাৰ প্ৰয়োজনীয় গেছবোৰ 

পৃথিৱীৰ উপৰিভাগ বায়ুমগুলে আগুৰি আছে। বায়ুমগুল হল বিভিন্ন গেছৰ সমষ্টি। বায়ুত থকা অক্সিজেন গেছ আমি উশাহত গ্ৰহণ কৰোঁ। নিশাহত আমি কাৰ্বন- ডাই-অক্সাইড এৰি দিও। বায়ুমগুলত থকা নাইট্ৰজেন গেছ গছৰ বাবে অত্যন্ত জৰুৰী। কাৰ্বন-ডাই-অক্সাইডৰ সহায়ত সেউজীয়া উদ্ভিদে খাদ্য তৈয়াৰ কৰে। গছে খাদ্য তৈয়াৰ কৰোঁতে অক্সিজেন গেছ উৎপন্ন হয়। সেই অক্সিজেন গেছে জীৱবোৰক জীয়াই ৰাখে।

১। বিভিন্ন গেছৰ সমষ্টি কি?

উত্তৰঃ বিভিন্ন গেছৰ সমষ্টি হ’ল বায়ুমণ্ডল।

২। আমাৰ পৃথিৱীখন কিহেৰে আগুৰি আছে?

উত্তৰঃ আমাৰ পৃথিৱীখন বায়ুমণ্ডলে আগুৰি আছে।

৩। আমি শ্বাস-প্ৰশ্বাসত লোৱা গেছ কেইটা কি?

উত্তৰঃ আমি উশাহত অক্সিজেন গেছ লও আৰু নিশাহত কাৰ্বন-ডাই-অক্সাইড এৰি দিও।

৪। কোনটো গেছৰ সহায়ত উদ্ভিদে খাদ্য প্ৰস্তুত কৰে?

উত্তৰঃ কাৰ্বন-ডাই-অক্সাইড গেছৰ সহায়ত উদ্ভিদে খাদ্য প্ৰস্তুত কৰে।

৫। উদ্ভিদে খাদ্য প্ৰস্তুত কৰোতে উৎপন্ন কৰা গেছবিধে কাক জীয়াই ৰাখে?

উত্তৰঃ উদ্ভিদে খাদ্য প্ৰস্তুত কৰোতে উৎপন্ন কৰা গেছবিধ হ’ল অক্সিজেন। এই গেছবোৰে জীৱবোৰক জীয়াই ৰাখে।

৬। বায়ুমণ্ডলত থকা কোনবিধ গেছ গছৰ বাবে জৰুৰী?

উত্তৰঃ বাযুমণ্ডলত থকা নাইট্ৰ’জেন গেছ গছৰ বাবে জৰুৰী।

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop