🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Social Science। Chapter 11। যোগাযোগ আৰু যাতায়ত ব্যৱস্থা। Question Answer |

Chapter 11

যোগাযোগ আৰু যাতায়ত ব্যৱস্থা

১। যোগাযোগ ব্য়ৱস্থা কাক বোলে?

উত্তৰঃ এঠাইৰ খা-খবৰ আন এঠাইলৈ পঠাব পৰা ব্য়ৱস্থাক যোগাযোগ বোলে।

২। আমাৰ দেশৰ প্ৰধান যোগাযোগ ব্য়ৱস্থাবোৰৰ নাম লিখা।

উত্তৰঃ আমাৰ দেশৰ প্ৰধান যোগাযোগ ব্য়ৱস্থাবোৰৰ নাম হৈছে- ডাকসেৱা, টেলিফোন, ৰেডিঅ’ বা অনাতাঁৰ, বাতৰি-কাকত, টেলিভিছন বা দূৰদৰ্শন, ফেকেস আৰু ইণ্টাৰনেট।

৩। চমুটোকা লিখা –

(ক) বাতৰি-কাকতঃ বৰ্তমান যুগত আটাইতকৈ জনপ্ৰিয় যোগাযোগ ব্য়ৱস্থাটো হৈছে বাতৰি-কাকত। আমাৰ সমাজখনৰ, দেশখনৰ, পৃথিৱীখনৰ, আনকি বিশ্বব্ৰহ্মাণ্ডৰ সকলো উল্লেখনীয় খবৰ আৰু ছবি বাতৰি কাকতত ছপা হয়।সমাজৰ সকলো শ্ৰেণীৰ লোকে ইয়াৰ জৰিয়তে নিজৰ মনৰ ভাব ব্য়ক্কত কৰিব পাৰে।

(খ) দূৰদৰ্শনঃ দূৰদৰ্শন কেন্দ্ৰৰ পৰা পঠিওৱা বা-বাতৰি আৰু অন্য়ান্য় অনুষ্ঠানৰ ছবি শব্দ আমি দূৰদৰ্শনৰ সহায়ত চাব আৰু শুনিব পাৰোঁ। পৃথিৱীৰ যিকোনো ঠাইৰ ঘটনা, খেল-ধেমালি, গীত-মাতৰ অনুষ্ঠান আৰু শিক্ষামূলক কাৰ্যসূচীসমূহৰ হুবহু ছবি চাব পৰা বাবে দূৰদৰ্শনৰ জনপ্ৰিয়তা বাঢ়িছে।

(গ) ডাকঘৰঃ ডাকঘৰত বিভিন্ন আঁচনিৰ অধীনত টকা-পইচা জমা থোৱাৰ সুন্দৰ ব্য়ৱস্থা আছে। ডাকঘৰৰ পৰা কাগজ-পত্ৰ, বয়-বস্তু আদি স্থলপথ বা আকাশীপথ বা জলপথেৰে এঠাইৰ পৰা আন ঠাইলৈ অনা-নিয়া কৰে।

(ঘ) ৰেডিঅ‘ঃ অনাতাঁৰ কেন্দ্ৰ পৰা পঠিওৱা বা-বাতৰি, আমি ৰেডিঅ’ ৰ সহায়ত শুনিব পাৰোঁ। অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে গীত-মাত, নাটক, খেল-ধেমালিৰ বিৱৰণ, বিভিন্ন ধৰণৰ আলোচনাৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভালেমান শিক্ষামূলক অনুষ্ঠান প্ৰচাৰ কৰা হয়।

৪। যাতায়ত ব্য়ৱস্থা বুলিলে কি বুজা?

উত্তৰঃ যি মাধ্য়মৰ সহায়ত এঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰা হয় তাকে যাতায়ত ব্য়ৱস্থা বোলে।

৫। অসমত কেইপ্ৰকাৰৰ যাতায়ত ব্য়ৱস্থা আছে আৰু কি কি?

উত্তৰঃ অসমত চাৰি প্ৰকাৰৰ যাতায়ত ব্য়ৱস্থা আছে। সেইবোৰ হৈছে- ৰে’লপথ, স্থলপথ, জলপথ আৰু আকাশীপথ।

৬। চমু উত্তৰ দিয়া –

(ক) প্ৰাচীন কালত যাতায়তৰ কি ব্য়ৱস্থা আছিল?

উত্তৰঃ প্ৰাচীন কালত যাতায়তৰ বাবে ঘোঁৰাগাড়ী আৰু খোজকাঢ়ি যোৱাৰ ব্য়ৱস্থা আছিল।

(খ) উত্তৰ-পূব সীমান্ত ৰে’লপথৰ প্ৰধান কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ উত্তৰ-পূব সীমান্ত ৰে’লপথৰ প্ৰধান কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত।

(গ) অসমত থকা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰঃ অসমত থকা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম হৈছে- লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ।

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop