SVN Class 3 Social Science। Chapter 12। জানিবলগীয়া কথা। Question Answer |

Chapter 12

জানিবলগীয়া কথা

১। খালী ঠাই পূৰ কৰা-

(ক) বায়ু চলাচল কৰাকে বতাহ বোলে।

(খ) শ্ৰেণীকোঠাত হাই-উৰুমি কৰিব নালাগে ।

(গ) অতি ব্য়স্ত আলিবাট পাৰ হ’বলৈ জেব্ৰা ক্ৰছিং চিন দিয়া থাকে ।

(ঘ) আলিবাট সদায় নিজৰ বাঁও কাষেৰে ৰে যাব লাগে ।

(ঙ) দুৰ্ঘটনাৰ সময়ত ভয়ত বিতত হ’ব নালাগে ।

২। শ্ৰেণীকোঠাত কেনেদৰে প্ৰৱেশ কৰিব লাগে?

উত্তৰঃ শ্ৰেণীকোঠাত শাৰী পাতি প্ৰৱেশ কৰিব লাগে। আচাৰ্য-আচাৰ্যাক নমস্কাৰ জনাই আসন ল’ব লাগে। 

৩। আৰ্দশ ছাত্ৰৰ লক্ষণ দুটা কোৱা।

উত্তৰঃ শ্ৰেণীকোঠাত মনোযোগেৰে পাঠ গ্ৰহণ আৰু বিদ্য়ালয়ৰ নীতি-নিয়ম সুচাৰুৰূপে পালন কৰাটো আদৰ্শ ছাত্ৰৰ লক্ষণ।

৪। ৰাস্তা পাৰ হওঁতে কি কি নিয়ম-নীতি চলিব লাগে?

উত্তৰঃ ৰাস্তা পাৰ হবলৈ জেব্ৰা ক্ৰছিং চিন দিয়া থাকে। জেব্ৰা ক্ৰছিং চিন দিয়া নাথাকিলে ৰাস্তা পাৰ হওঁতে নিজৰ সোঁফাল-বাঁওফাল এবাৰ চাই ল’ব লাগে। যান-বাহনৰ আগেৰে পাৰ হ’ব নালাগে।

৫। গাড়ীত উঠোঁতে বা নামোতে কেনে নিয়ম মানি চলিব লাগে?

উত্তৰঃ গাড়ীত উঠোতে বা নামোতে হৈ-চৈ নকৰাকৈ শাৰী পাতি উঠিব বা নামিব লাগে।

৬। পচন সাৰ কাক বোলে?

উত্তৰঃ পেলনীয়া জাবৰ-জোঁথৰ, কাগজৰ টুকুৰা, গছৰ পাত, পাচলিৰ বাকলি, গোবৰ আদি গাঁত খান্দি পুতি পেলোৱাৰ পিছত তাৰ পৰা যি সাৰ উৎপন্ন হয়, সিয়ে পচন সাৰ।

৭। পেলনীয়া সামগ্ৰীৰ ক্ষেত্ৰত তুমি কি কি ব্য়ৱস্থা ল’বা?

উত্তৰঃ পেলনীয়া সামগ্ৰী যেনে ভগা খেলনা, লো, টিন, প্লাষ্টিকৰ ভগা-ছিগা বস্তু জমা কৰি থৈ তেনে বস্তু সংগ্ৰহ কৰা বেপাৰীক বিক্ৰী কৰি দিব লাগে। পুৰিলে প্ৰদূষণ সৃষ্টি নকৰা পেলনীয়া সামগ্ৰীবোৰ পুৰি পেলাব লাগে। অন্য়ান্য় আৱৰ্জনাসমূহ যেনে- জাবৰ-জোঁথৰ, কাগজৰ টুকুৰা, পাচলিৰ বাকলি, গছৰ পাত, গোবৰ আদি গাঁত খান্দি পুতি পেলাব লাগে।

৮। অসমত চ’ত-বহাগ মাহত বলা ধুমুহা বতাহজাকক কি বোলে?

উত্তৰঃ অসমত চ’ত-বহাগ মাহত বলা ধুমুহা বতাহজাকক ধুমুহা বোলে।

৯। ধুমুহা আহিলে ল’বলগীয়া সাৱানতাৰ বিষয়ে কি কি জানা লিখা?

উত্তৰঃ ধুমুহা আহিলে ল’বলগীয়া সাৱধানতাসমূহ হৈছে- 

    -নিৰাপদ ঠাইত আশ্ৰয় ল’ব লাগে।

    -জ্বলি থকা জুই নুমুৱাই থ’ব লাগে।

    -গছৰ তলত ৰৈ থাকিব নালাগে।

    -বিজুলী তাঁৰৰ তলত থাকিব নালাগে।

১০। বানে মানুহৰ কি কি ক্ষতিসাধন কৰে?

উত্তৰঃ বানে মানুহৰ বহুতো ক্ষতিসাধন কৰে। তাৰ ভিতৰত হৈছে- বানৰ সোঁতে মাটি খান্দি লৈ যায়। ঘৰ-দুৱাৰ ভাঙে, গৰু-ছাগলী উটুৱাই নিয়ে। বাট-পথ ভাগি-ছিগি যোৱাত যাতায়তৰ অসুবিধা হয়।

১১। বানৰ পাছত কি কি ক্ষেত্ৰত সাৱধানতা ল’ব লাগে?

উত্তৰঃ বানৰ পিছত বিভিন্ন ধৰণৰ বেমাৰ-আজাৰ হ’ব পাৰে। বেমাৰ-আজাৰ হ’লে সোনকালেই চিকিৎসকৰ দিহা-পৰামৰ্শ ল’ব লাগে। খোৱা পানী উটলাই খাব লাগে। গেলা-পচা বস্তুৰ পৰা বেমাৰ-আজাৰ নহ’বলৈ বীজাণুনাশক ঔষধ ছটিয়াব লাগে।

১২। ভূমিকম্প কাক বোলে? ভূমিকম্প জোখা যন্ত্ৰটোক কি বোলে?

উত্তৰঃ পৃথিৱীৰ ভিতৰ ভাগত ঘটা কিছুমান পৰিঘটনাৰ ফলত কেতিয়াবা কেতিয়াবা পৃথিৱীৰ খোলাটো কঁপি উঠাকে ভূমিকম্প বোলে।

    ভূমিকম্প জোখা যন্ত্ৰটোক ভূকম্পলেখ বোলা হয়।

১৩। ঘৰত জুই লাগিলে কি কৰিব লাগে?

উত্তৰঃ ঘৰত জুই লাগিলে অতি সোনকালে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিব লাগে। ঘটনাৰ সময়ত ভয়ত বিতত হ’ব নালাগে। জুই লগা ঘৰটোত পানী ছটিয়াব লাগে।

১৪। ভূমিকম্পৰ সময়ত কি কি সাৱধানতা অৱলম্বন কৰিবা?

উত্তৰঃ ভূমিকম্পৰ সময়ত মুকলি ঠাইলৈ ওলাই আহিব লাগে। যদি মুকলি ঠাইলৈ ওলাই অহাত অসুবিধা হয়, তেতিয়া ডেস্ক বা মেজৰ তলত আশ্ৰয় ল’ব লাগে। 

১৫। ভুমিকম্পৰ প্ৰাবল্য় কি এককেৰে জোখা হয়?

উত্তৰঃ ভূমিকম্পৰ প্ৰাবল্য় ৰিখটাৰ এককেৰে জোখা হয়।

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping