🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 4 Science Chapter 10 চৰাইৰ নীড় বন্ধন আৰু শাৱক পালন । Question Answer

Chapter 10

চৰাইৰ নীড় বন্ধন আৰু শাৱক পালন

১। গছৰ খোৰোঙত বাহ সজা কেইবিধমান চৰাইৰ নাম লিখা। 

উত্তৰঃ গছৰ খোৰোঙত বাহ সজা কেইবিধমান চৰাইৰ নাম হৈছে – মাছৰোকা, ভাটৌ, ধনেশ, মইনা আদি।

২। গছৰ ফেৰেঙণিত কি কি চৰায়ে বাহ সাজে?

উত্তৰঃ গছৰ ফেৰেঙণিত কাউৰী, চিলনি, শগুণ আদি চৰায়ে বাহ সাজে।

৩। চৰায়ে কিয় গান গায়?

উত্তৰঃ চৰায়ে নিজৰ মাত আৰু গানৰ মাধ্য়মেদি ইটোৱে-সিটোলৈ বতৰা পঠিয়ায়। সিহঁতে গান আৰু মাতেৰে নিজৰ অস্তিত্ব জাহিৰ কৰে; প্ৰজননৰ সময়ত ইঙ্গিত দিয়ে আৰু বিপদৰ বতৰা দিয়ে।

৪। চৰাইৰ কন্ঠনলীক কি বুলি কোৱা হয়?

উত্তৰঃ চৰাইৰ কন্ঠনলীক ছাইৰিংক্স বুলি কোৱা হয়।

৫। চৰাইৰ মাত চিঁয়া কিয়?

উত্তৰঃ চৰাইৰ গানৰ প্ৰতি ছেকেণ্ডত চাৰিহাজাৰতকৈ অধিক কঁপনি সৃষ্টি হ’ব পাৰে। সেয়ে চৰাইৰ মাত চিঁয়া।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop