🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 4 Science Chapter 6 শাক-পাচলি । Question Answer

Chapter 6

শাক-পাচলি

১। উদ্ভিদৰ কি কি অংশ পাচলি হিচাপে পাঁও?

উত্তৰঃ উদ্ভিদৰ ফল, পাত, শিপা, ফুল আদ আমি পাচলি হিচাপে খাওঁ।

২। বতৰ অনুসৰি কিয় ভিন ভিন শস্য়ৰ খেতি কৰা হয়?

উত্তৰঃ সকলো শাক-পাচলি সকলো সময়তে নহয়। কাৰণ কিছুমান শাকপাচলিৰ খেতিৰ বাবে বতৰ গৰম হ’ব লাগে। পানীও সৰহ পৰিমাণে লাগে, আন কিছুমান খেতিৰ বাবে বাৰিষা কাল উপযুক্ত আৰু আন কিছুমান খেতিৰ বাবে খৰালি কাল উপযুক্ত।

৩। বাৰিষা আৰু খৰালি কালত হোৱা দহবিধকৈ শাক-পাচলিৰ নাম লিখা।

উত্তৰঃ বাৰিষা কালত হোৱা পাচলি দহবিধ হৈছে – পানীলাউ, ভুল, জিকা, কেৰেলা, মৰিচা শাক, ভেন্দি, ৰঙালাউ, কোমোৰা, স্কোৱাচ আৰু মিঠা আলু।

    আৰু খৰালি কালত হোৱা দহবিধ শাক-পাচলিৰ নাম হৈছে – ফুলকবি, বন্ধাকবি, মূলা, গাজৰ, লাই, পালেং, আলু, মটৰ, পিয়াঁজ আৰু বিলাহী।

৪। তলত দিয়া শাক-পাচলিবোৰৰ কি কি অংশ খোৱা হয় লিখাঃ

লাই, পালেং, পানীলাউ, গাজৰ, কোমোৰা, বকফুল, মুলা, ওলকবি, কচু, বীন, মটৰ, উৰহি স্কোৱাচ, বিলাহী।

উত্তৰঃ

পাচলি – অংশ

লাই – পাত।

পালেং – পাত।

পানীলাউ – ফল।

গাজৰ – শিপা।

কোমোৰা – ফল।

বকফুল – ফুল।

মূলা – শিপা।

ওলকবি – শিপা।

কচু – শিপা।

বীন – ফল।

মটৰ – ফল।

উৰহী – ফল।

স্কোৱাচ – ফল।

বিলাহী – ফল।

৫। কিছুমান বীজ গজিবলৈ পানীত তিয়াই ৰখা হয়। কিয়?

উত্তৰঃ কিছুমান বীজৰ বাকলি টান। ইয়াৰ পৰা গজালি ওলাবলৈ বহু সময়ৰ প্ৰয়োজন। সেয়েহে ইয়াক গজিবলৈ পানীত তিয়াই ৰখা হয়।

৬। শুদ্ধনে অশুদ্ধ লিখা-

(ক) আমি লাই শাকৰ পাত অংশ খাও।

উত্তৰঃ শুদ্ধ।

(খ) শাক-পাচলি ৰান্ধিয়ে খাব পাৰি।

উত্তৰঃ অশুদ্ধ।

(গ) কিছুমান বনৰীয়া শাক পাচলি আছে।

উত্তৰঃ শুদ্ধ।

(ঘ) ভেন্দি জাৰকালি হোৱা শাক-পাচলি।

উত্তৰঃ অশুদ্ধ।

(ঙ) কিছুমান শাকৰ গুটি সিঁচিলেই গজালি ওলায় ।

উত্তৰঃ শুদ্ধ।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop