SVN Class 5 Assamese। Chapter 1। Short Question Answer । মৰমৰ আই

Chapter 1

মৰমৰ আই

১। কাৰ মউসনা মিঠা মাত?

উত্তৰঃ আইৰ মউসনা মিঠা মাত

২। নিচুকা শব্দাৰ্থ কি?

উত্তৰঃ কান্দোৱা এৰুৱা।

৩। চেনেহৰ চকুপানী কিহৰে বোৱাই?

উত্তৰঃ চেনেহৰ চকুপানী ধাৰেৰে বোৱাই।

৪। সৰু ল’ৰা-ছোৱালী বিলাকক টোপনি নিয়াবলৈ গোৱা গীতবোৰক কি গীত বোলে?

উত্তৰঃ নিচুকনি গীত বুলি কোৱা হয়।

৫। মোৰ প্ৰতি এনে যাৰ মৰম অসীম কেনেকই সিজনাক মই পাহৰিম এই কথাষাৰ কবিয়ে কাক কৈছিল?

উত্তৰঃ এই কথাষাৰ কবিয়ে আইক কৈছিল।

৬। নৰিয়া শব্দাৰ্থ কি?

উত্তৰঃ নৰিয়া শব্দাৰ্থ হ’ল বেমাৰ।

৭। কৃষ্ণক মাক যশোদাই কেনেকৈ নিচুকাই টোপনি নিয়াইছিল?

উত্তৰঃ কাণখোৱাৰ কথা কৈ নিচুকাই টোপনি নিয়াইছিল।

৮। মৰমৰ আই কবিতাটোৰ কবিজনৰ নাম কি?

উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা।

৯। তযু শব্দাৰ্থ কি?

উত্তৰঃ তযু শব্দাৰ্থ হ’ল তোমাৰ।

১০। তুলি-তালি মানে কি?

উত্তৰঃ লালন-পালন কৰা।

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping