SVN Class 6 Science Chapter 1 জীৱ আৰু ইয়াৰ বৈশিষ্ট্য়। MCQ Question Answer

Chapter 1

জীৱ আৰু ইয়াৰ বৈশিষ্ট্য়

১। সকলো জীৱৰ দেহটো কিহৰ দ্বাৰা গঠিত?

(ক) কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে

(খ) চালেৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে

২। জীৱহীন বস্তুক কি বোলা হয়?

(ক) প্ৰাণী

(খ) হিংস্ৰ জন্তু

(গ) জড়

উত্তৰঃ (গ) জড়

৩। জীৱই সৰুৰ পৰা ডাঙৰ হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

(ক) জীৱদেহৰ বৃদ্ধি

(খ) পুনৰ জনম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জীৱদেহৰ বৃদ্ধি

৪। সকলো জীৱৰে জন্ম হয়,ডাঙৰ হয়,প্ৰজননক্ষম হয়,বৃদ্ধি হয় আৰু শেষত মৃত্যু হোৱাক কি বুলি হয়?

(ক) জন্মদিন

(খ) জলচক্ৰ

(গ) জীৱৰ জীৱন চক্ৰ

উত্তৰঃ (গ) জীৱৰ জীৱন চক্ৰ

৫। জীৱই সৰল অৱস্থাৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰাথমিক পৰ্যায়ত নতুন নতুন অংগ-প্ৰত্যংগ সৃষ্টি কৰি পূৰ্ণাংগ অৱস্থা লাভ কৰা প্ৰক্ৰিয়াটোক কি বোলে?

(ক) জলচক্ৰ

(খ) জীৱৰ বিকাশ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জীৱৰ বিকাশ

৬। সংবেদনশীলতা কি?

(ক) জীৱৰ বিশেষ লক্ষণ

(খ) এবিধ গেছ

(গ) জীৱৰ এটা প্ৰধান বৈশিষ্ট্য

উত্তৰঃ (গ) জীৱৰ এটা প্ৰধান বৈশিষ্ট্য

৭। সকলো জীৱই বিকাশ,বৃদ্ধি আৰু শক্তিৰ বাবে কি কৰে?

(ক) খাদ্য গ্ৰহণ কৰে

(খ) খোজ কাঢ়ে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) খাদ্য গ্ৰহণ কৰে

৮। উদ্ভিদৰ পাতত থকা ৰাসায়নিক পদাৰ্থ বিধৰ নাম কি?

(ক) অক্সিজেন

(খ) নাইট্ৰজেন

(গ) পত্ৰহৰিৎ

উত্তৰঃ (গ) পত্ৰহৰিৎ

৯। আমাৰ উদ্ভিদকে ধৰি সকলো জীৱই উশাহত কি গেছ ব্যৱহাৰ কৰে?

(ক) নাইট্ৰজেন

(খ) অক্সিজেন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অক্সিজেন

১০। আমাৰ উদ্ভিদকে ধৰি সকলো জীৱই নিশাহত কি গেছ এৰি দিয়ে?

(ক) কাৰ্বন-ডাই-অক্সাইড

(খ) নাইট্ৰজেন

(গ) অক্সিজেন

উত্তৰঃ (ক) কাৰ্বন-ডাই-অক্সাইড

১১। চৰাইবোৰে কিহৰ সহায়ত উৰি ফুৰে?

(ক) বেলুনৰ সহায়ত

(খ) ডেউকাৰ সহায়ত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ডেউকাৰ সহায়ত

১২। বাঘ-সিংহ আদি চিকাৰী জন্তুৱে কিহৰ সহায়ত চিকাৰ কৰে?

(ক) সিহঁতৰ আগ ঠেঙৰ সহায়ত

(খ) সিহঁতৰ পিছ ঠেঙৰ সহায়ত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সিহঁতৰ আগ ঠেঙৰ সহায়ত

১৩। মাছে কিহৰ সহায়ত সাঁতুৰি ফুৰে?

(ক) সিহঁতৰ আগ ঠেঙৰ সহায়ত

(খ) ছিটিৰ সহায়ত

(গ) ফান বা পাখিৰ সহায়ত

উত্তৰঃ (গ) ফান বা পাখিৰ সহায়ত

১৪। কি বস্তুৰ জন্ম,বৃদ্ধি আৰু মৃত্যু নাই?

(ক) জীৱৰ

(খ) জড় বস্তুৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জড় বস্তুৰ

১৫। জীৱৰ বংশ বৃদ্ধি কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়?

(ক) ৰেচন ক্ৰিয়া

(খ) সংবেদনশীলতা

(গ) প্ৰজনন

উত্তৰঃ (গ) প্ৰজনন

১৬। তলত দিয়া কোনটো বস্তু এটা সময়ত জীৱৰ অংশ আছিল?

(ক) শিলগুটি

(খ) চামৰাৰ বেগ

(গ) মাটি

উত্তৰঃ (খ) চামৰাৰ বেগ

১৭। তলত দিয়া কোনটো জড়?

(ক) চকী

(খ) হাতী

(গ) বাঘ

উত্তৰঃ (ক) চকী

১৮। ঘামবোৰ লুণীয়া হোৱাৰ কাৰণ কি?

(ক) ইয়াত পত্ৰহৰিৎ থাকে কাৰণে

(খ) ইয়াত লৱণ জাতীয় পদাৰ্থ থকাৰ কাৰণে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ইয়াত লৱণ জাতীয় পদাৰ্থ থকাৰ কাৰণে

১৯। জীৱই উশাহ-নিশাহ নোলোৱাকৈ জীয়াই থাকিব পাৰেনে?

(ক) পাৰে

(খ) এদিন পাৰে

(গ) নোৱাৰে

উত্তৰঃ (গ) নোৱাৰে

২০। কেঁচুয়ে কেনেকৈ চুঁচৰি যায়?

(ক) তাৰ দেহৰ ছালত থকা ছিটি নোমৰ সহায়ত

(খ) ফান বা পাখিৰ সহায়ত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) তাৰ দেহৰ ছালত থকা ছিটি নোমৰ সহায়ত

Type – Boby Bora

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping