SVN Class 6 Science Chapter 12 আহাৰৰ উপাদান। MCQ Question Answer

Chapter 12

আহাৰৰ উপাদান

১। উপকৰণত থকা উপাদানবোৰ আমাৰ শৰীৰ বাবে অতি আৱশ্যক। এই উপাদানবোৰক কি বোলে?

(ক) সুষম আহাৰ

(খ) পৰিপোষক

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পৰিপোষক

২। কাৰ্বহাইড্ৰেট,প্ৰটিন,স্নেহ পদাৰ্থ,ভিটামিন আৰু খনিজ লৱণ কি?

(ক) সুষম আহাৰ

(খ) স্নেহ পদাৰ্থ

(গ) খাদ্যৰ প্ৰধান পৰিপোষক

উত্তৰঃ (গ) খাদ্যৰ প্ৰধান পৰিপোষক

৩। আমি আমাৰ খোৱাবস্তুসমূহক কেইটা ভাগত ভাগ কৰিব পাৰোঁ?

(ক) দুটা

(খ) তিনিটা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) তিনিটা

৪। স্নেহপদাৰ্থ আৰু কাৰ্বহাইড্ৰেটযুক্ত খাদ্যসমূহক কি বোলে?

(ক) শক্তিদায়ক খাদ্য

(খ) সুষম আহাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শক্তিদায়ক খাদ্য

৫। শৰ্কৰা,চেনি আৰু গ্লুক’জ কি?

(ক) প্ৰধান স্নেহপদাৰ্থবোৰ

(খ) প্ৰধান কাৰ্বহাইড্ৰেটবোৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰধান কাৰ্বহাইড্ৰেটবোৰ

৬। কি পদাৰ্থই কাৰ্বহাইড্ৰেটকৈও অধিক শক্তিৰ যোগান ধৰে?

(ক) স্নেহপদাৰ্থই

(খ) কাৰ্বহাইড্ৰেট

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) স্নেহপদাৰ্থই

৭। শৰীৰ বৃদ্ধি আৰু গঠনৰ বাবে প্ৰটিনৰ প্ৰয়োজন। প্ৰটিন থকা খাদ্যবোৰক কি খাদ্য বোলে?

(ক) শৰীৰবদ্ধক

(খ) সুষম আহাৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শৰীৰবদ্ধক

৮। কাৰ্বহাইড্ৰেট আৰু স্নেহপদাৰ্থই আমাক কিহত সহায় কৰে?

(ক) শৰীৰৰ বৃদ্ধি আৰু পুনৰ গঠনত

(খ) আমাৰ দেহত শক্তি যোগায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) আমাৰ দেহত শক্তি যোগায়

৯। কি ভিটামিনৰ অভাৱত আমাৰ চকুৰ দৃষ্টি কমি যায়?

(ক) ভিটামিন A

(খ) ভিটামিনৱ B

(গ) ভিটামিন C

উত্তৰঃ (ক) ভিটামিন A

১০। কি ভিটামিনৰ অভাৱত আমাৰ বেৰিবেৰি নামৰ ৰোগ হয়?

(ক) ভিটামিন D

(খ) ভিটামিন C

(গ) ভিটামিন B

উত্তৰঃ (গ) ভিটামিন B

১১। কি ভিটামিনৰ অভাৱত আমাৰ স্কাৰ্ভি নামৰ ৰোগ হয়?

(ক) ভিটামিন B

(খ) ভিটামিন A

(গ) ভিটামিন C

উত্তৰঃ (গ) ভিটামিন C

১২। কি ভিটামিনৰ অভাৱত আমাৰ ৰিকেট নামৰ ৰোগ হয়?

(ক) ভিটামিন B

(খ) ভিটামিন D

(গ) ভিটামিন C

উত্তৰঃ (খ) ভিটামিন D

১৩। ভিটামিনে আমাক কি কৰে?

(ক) বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰে

(খ) বেমাৰ বৃদ্ধি কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰে

১৪। অধিক চৰ্বীযুক্ত খাদ্য খোৱা উচিতনে?

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নহয়

১৫। এটা বা তাতোধিক পৰিপোষকৰ দীৰ্ঘদিনীয়া অভাৱত হোৱা ৰোগক কি বোলে?

(ক) স্কাৰ্ভি

(খ) ৰিকেট

(গ) অভাৱজনিত

উত্তৰঃ (গ) অভাৱজনিত

১৬। আহাৰত যথেষ্ট পৰিমাণে পানী আৰু আঁহজাতীয় খাদ্য থাকিলে,সেই আহাৰক কি বোলে?

(ক) সুষম আহাৰ

(খ) আভাৱজনিত ৰোগ

(গ) স্নেহপদাৰ্থ

উত্তৰঃ (ক) সুষম আহাৰ

১৭। ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা তাপে খাদ্যৰ কি ভিটামিন সহজে নষ্ট কৰে?

(ক) ভিটামিন B

(খ) ভিটামিন C

(গ) ভিটামিন A

উত্তৰঃ (খ) ভিটামিন C

১৮। কণীত থকা ভিটামিন বিধ কি?

(ক) ভিটামিন A

(খ) ভিটামিন B

(গ) ভিটামিন D

উত্তৰঃ (গ) ভিটামিন D

১৯। বিলাহীত থকা ভিটামিন বিধ কি?

(ক) ভিটামিন C

(খ) ভিটামিন A

(গ) ভিটামিন B

উত্তৰঃ (ক) ভিটামিন C

২০। নেমুত থকা ভিটামিন বিধ কি?

(ক) ভিটামিন B

(খ) ভিটামিন D

(গ) ভিটামিন C

উত্তৰঃ (গ) ভিটামিন C

Type – Boby Bora

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop