🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 6 Social Science Chapter 10 আদি প্ৰস্তৰ যুগ । Short Question Answer

 Chapter 10

আদি প্ৰস্তৰ যুগ

১) প্ৰস্তৰ মানে কি?

উত্তৰঃ প্ৰস্তৰ মানে শিল বা পাথৰ।

২) আদি প্ৰস্তৰ যুগ বুলি কোনটো যুগক কোৱা হয়?

উত্তৰঃ খহতা শিলেৰে তৈয়াৰী গঢ়-গতি নোহোৱা, ভোটা আকৃতিৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ ব্য়ৱহাৰ কৰা যুগটোক আদি প্ৰস্তৰ যুগ বুলি কোৱা হয়।

৩) আদি প্ৰস্তৰ যুগৰ মানুহবোৰ কেনেকুৱা আছিল?

উত্তৰঃ আদি প্ৰস্তৰ যুগৰ মানুহবোৰ অঘৰী আছিল।

৪) আদি প্ৰস্তৰ যুগৰ মানুহে কেনেকুৱা সাজ-পোছাক পৰিধান কৰিছিল?

উত্তৰঃ আদি প্ৰস্তৰ যুগৰ মানুহে গছৰ বাকলি আৰু জীৱ-জন্তুৰ ছালেৰে তৈয়াৰী সাজ-পোছাক পৰিধান কৰিছিল।

৫) আদি প্ৰস্তৰ যুগত শৱদেহ সৎকাৰৰ প্ৰথা আছিলনে?

উত্তৰঃ আদি প্ৰস্তৰ যুগত শৱদেহ সৎকাৰৰ প্ৰথা নাছিল।

৬) শিলৰ সঁজুলি ব্য়ৱহাৰ কৰা যুগটোক কি বুলি কোৱা হয়?

উত্তৰঃ শিলৰ সঁজুলি ব্য়ৱহাৰ কৰা যুগটোক প্ৰস্তৰ যুগ বুলি কোৱা হয়।

৭) কিহৰ ওপৰত লক্ষ্য় কৰি প্ৰস্তৰ যুগক দুভাগত বিভক্ত কৰা হৈছে?

উত্তৰঃ প্ৰস্তৰ যুগৰ সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰৰ আকৃতি আৰু নিৰ্মাইণ কৌশলৰ প্ৰতি লক্ষ্য় কৰি এই যুগক দুভাগত বিভক্ত কৰা হৈছে।

৮) আদিম মানুহে সঘনাই ঠাই সলনি কৰাৰ কাৰণ কি?

উত্তৰঃ আদিম মানুহে চিকাৰৰ সন্ধানত বা খাদ্য় বিচাৰি সঘনাই ঠাই সলনি কৰে।

৯) আদিম যুগৰ মানুহে খাদ্য়বস্তুবোৰ কেনেকৈ খাইছিল?

উত্তৰঃ আদিম যুগৰ মানুহে খাদ্য়বস্তুবোৰ কেচাই কেচাই খাইছিল।

১০) আদিম যুগৰ মানুহে কেনেকৈ আনন্দ লাভ কৰিছিল?

উত্তৰঃ আদিম যুগৰ মানুহে গছৰ ছাল আৰু গুটিৰ ৰং উলিয়াই গুহাবোৰ অংকণ কৰাৰ জৰিয়তে আদিম মানুহে আনন্দ লাভ কৰিছিল। দল বান্ধি চিকাৰলৈ যোৱা আৰু খাদ্য় সংগ্ৰহ কৰিও আনন্দ উপভোগ কৰিছিল।

১১) আদি প্ৰস্তৰ যুগৰ মানুহে শিলৰ বাহিৰে অন্য় ধাতুৰ ব্য়ৱহাৰ জানিছিলনে?

উত্তৰঃ আদি প্ৰস্তৰ যুগৰ মানুহে শিলৰ বাহিৰে অন্য় ধাতুৰ ব্যৱহাৰ নাজানিছিল।

১২) আদি প্ৰস্তৰ যুগৰ লগত পিছৰ যুগৰ জীৱন-নিৰ্বাহ প্ৰণালী কেনেকুৱা?

উত্তৰঃ আদি প্ৰস্তৰ যুগৰ লগত পিছৰ যুগৰ জীৱন নিৰ্বাহ প্ৰণালী বেলেগ বেলেগ।

১৩) মানৱ সভ্য়তাৰ কোনটো স্তৰক আদি প্ৰস্তৰ যুগ বুলি কোৱা হয়?

উত্তৰঃ মানৱ সভ্য়তাৰ একেবাৰে আধিম স্তৰক আদি প্ৰস্তৰ যুগ বুলি কোৱা হয়।

১৪) আদিম যুগৰ মানুহৰ গুহা আৰু গছৰ তলৰ বাহিৰে অন্য় কিবা বাসস্থান আছিলনে?

উত্তৰঃ আদিম যুগৰ মানুহৰ গুহা আৰু গছৰ তলৰ বাহিৰে অন্য় বাসস্থান নাই বুলি জানিব পাৰি।

১৫) আদিম যুগৰ মানুহৰ জীৱন-যাপন কষ্টকৰ আছিলনে?

উত্তৰঃ হয়, আদিম যুগৰ মানুহৰ জীৱন-যাপন কষ্টকৰ আছিল।

১৬) আদি প্ৰস্তৰ যুগৰ মানুহে শিলৰ বাহিৰে আন কি বস্তুক সঁজুলি হিচাপে ব্য়ৱহাৰ কৰিছিল?

উত্তৰঃ আদিম যুগৰ মানুহে শিলৰ বাহিৰে জীৱজন্তপৰ হাঁড়, দাঁত, শিং আদিও সঁজুলি হিচাপে ব্য়ৱহাৰ কৰিছিল।

১৭) আদি প্ৰস্তৰ যুগৰ মানুহে জুইৰ ব্য়ৱহাৰ জানিছিলনে?

উত্তৰঃ আদি প্ৰস্তৰ যুগৰ মানুহে জুইৰ ব্য়ৱহাৰ জনা নাছিল।

১৮) আদিম যুগৰ মানুহে কি কি কামত সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ ব্য়ৱহাৰ কৰিছিল?

উত্তৰঃ চিকাৰ কৰা, মৃত জীৱ-জন্তুৰ ছআল এৰুওৱা, ফল-মূল কটা, হিংস্ত্ৰ জন্তুৰপৰা আত্মৰক্ষা কৰা আদি বিভিন্ন কামত আদিম মানুহে সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ ব্য়ৱহাৰ কৰিছিল।

১৯) আদিম যুগৰ মানুহবোৰ মূলতঃ কেনেকুৱা আছিল?

উত্তৰঃ আধিম যুগৰ মানুহবোৰ মূলতঃ চিকাৰী আৰু খাদ্য় সংগ্ৰহকাৰী আছিল।

২০) আদিম যুগৰ মানুহৰ গাৰ বৰণ, আকাৰ-আকৃতি কেনেকুৱা আছিল?

উত্তৰঃ আদিম যুগৰ মানুহৰ গাৰ বৰণ ক’লা, চুটি-চাপৰ, চেপেটা নাকৰ আৰু গোটেই শৰীৰটো নোমেৰে আবৃত আছিল।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop