SVN Class 6 Social Science Chapter 11 আদিম মানুহৰ অৰ্থনৈতিক কাৰ্য-কলাপ আৰু স্থায়ী বসবাস । Short Question Answer

Chapter 11

আদিম মানুহৰ অৰ্থনৈতিক কাৰ্য-কলাপ আৰু স্থায়ী বসবাস

১) আদিম মানুহে কেনেকৈ খাদ্য় বিচাৰি ঘূৰি ফুৰিছিল?

উত্তৰঃ আদিম যুগৰ মানুহে চিকাৰ আৰু খাদ্য় বিচাৰি ফুৰিছিল।

২) ঐতিহাসিকবিদ্সকলে কোনখিনি সময়ক নৱ প্ৰস্তৰ যুগৰ সময় বুলি অনুমান কৰিছে?

উত্তৰঃ ঐতিহাসিকবিদ্সকলে খ্ৰীঃ পুঃ ৭,০০০ ৰক নৱ প্ৰস্তৰ যুগৰ সময় বুলি অনুমান কৰিছে।

৩) আদিম মানুহে কেনেকৈ কৃষিৰ বিষয়ে জ্ঞান লাভ কৰিছিল?

উত্তৰঃ খাদ্য় আৰু চিকাৰৰ সন্ধানত ঘূৰি ফুৰোঁতে আদিম মানুহে কৃষিৰ জ্ঞান লাভ কৰিছিল।

৪)  কোনটো যুগত খেতিৰ আৱিষ্কাৰজুইৰ ব্য়ৱহাৰ জনাৰ  হ’ল?

উত্তৰঃ নৱ প্ৰস্তৰ যুগত খেতিৰ আৱিষ্কাৰ হ’ল।

৫) জুইৰ ব্য়ৱহাৰ জনাৰ পিছত আধিিম মানুহে খাদ্য়বস্তৰবোৰ কেনেকৈ খাইচিল?

উত্তৰঃ জুই আৱিষ্কাৰ জনাৰ পিছত আদিম মানুহে খাদায়্বস্তুবোৰ পুৰি খাইছিল।

৬) নৱ প্ৰস্তৰ যুগত চকাৰ আৱিষ্কাৰ হৈছিলনে?

উত্তৰঃ হয়, নৱ প্ৰস্তৰ যুগত চকাৰ আৱিষ্কাৰ হৈছিল।

৭) ভাৰতত নৱ প্ৰস্তৰ যুগৰ সঁজুলি উদ্ধাৰ হোৱা দুখন ৰাজ্য়ৰ নাম লিখা।

উত্তৰঃ উত্তৰ প্ৰদেশ আৰু বিহাৰ।

৮) কোনটো যুগত গাঁৱৰ সৃষ্টি হৈছিল?

উত্তৰঃ নৱ প্ৰস্তৰ যুগত গাঁৱৰ সৃষ্টি হৈছিল।

৯) মানৱ সভ্য়তাৰ এক উল্লেখযোগ্য় সাফল্য় কি?

উত্তৰঃ মানৱ সভ্য়তাৰ এক উল্লেখযোগ্য় সাফল্য় হৈছে খেতিৰ আৱিষ্কাৰ।

১০) কোনটো যুগত মানুহে জন্তৰ হাড়েৰে সঁজুলি তৈয়াৰ কৰিছিল?

উত্তৰঃ নৱ প্ৰস্তৰ যুগত মানুহে জন্তৰ হাড়েৰে সঁজুলি তৈয়াৰ কৰিছিল।

১১) আদিম মানুহে কেনেকুৱা জন্তুবোৰক পোহ মনাইছিল?

উত্তৰঃ আদিম মানুহে গৰু, ছাগলী, ভেড়া আদিৰ নিচিনা শান্ত প্ৰকৃতিৰ জন্তুবোৰক পোহ মনাইছিল।

১২) অঘৰী অৱস্থাৰপৰা নিগাজিকৈ বসবাস কৰাৰ অৱস্থা পাবলৈ আদিম মানুহৰ কিমান দিন লাগিছিল?

উত্তৰঃ অঘৰী অৱস্থাৰ পৰা নিগাজিকৈ বসবাস কৰাৰ অৱস্থা পাবলৈ আদিম মানুহৰ বহু হাজাৰ বছৰ লাগিছিল। 

১৩) কিহৰ কাৰণে আদিম মানুহে চকাৰ আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ দূৰ-দূৰণি ঠাইলৈ কম সময়তে যোৱা, খেতিৰ ফচল কঢ়িওৱা আদিৰ প্ৰয়োজনত আদিম মানুহে চকাৰ আৱিষ্কাৰ কৰিছিল।

১৪) আদিম মানুহে কি কি শস্য়ৰ উপাদন কৰিছিল?

উত্তৰঃ আদিম মানুহে গম, বাৰ্লি, যৱ আদিৰ উৎপাদন কৰিছিল।

১৫) কোনটো যুগত আদিম মানুহে সূতা কটা আৰু কাপোৰ বোৱাৰ প্ৰমাণ পোৱা গৈছিল?

উত্তৰঃ নৱ প্ৰস্তৰ যুগত আদিম মানুহে সূতা কটা আৰু কাপোৰ বোৱাৰ প্ৰমাণ পোৱা গৈছিল।

১৬) আদিম মানুহে নিজে উৎপাদন কৰা গমৰপৰা কি তৈয়াৰ কৰিছিল?

উত্তৰঃ আদিম মানুহে নিজে উৎপাদনকৰা গমৰপৰা ৰুটী তৈয়াৰ কৰিছিল।

১৭) আদিম মানুহে কিহৰ কাৰণে জুপুৰি ঘৰ সাজি বাস কৰিবলৈ লৈছিল?

উত্তৰঃ স্থায়ী বসতি আৰম্ভ হোৱাৰ লগে লগে আদিম মানুহে জুপুৰি ঘৰ সাজি বাস কৰিবলৈ লৈছিল?

১৮) আদিম মানুহে নৱ প্ৰস্তৰ যুগত মৃতদেহসমূহ সৈতে কি কৰিছিল?

উত্তৰঃ নৱ প্ৰস্তৰ যুগত আদিম মানবহে মৃতদেহসমূহ পুতি থৈছিল বা কবৰ দিছিল।

১৯) আদিম মানুহে শস্য় গুড়ি কৰিবলৈ কি তৈয়াৰ কৰিছিল?

উত্তৰঃ আদিম মানুহে শস্য় গুড়ি কৰিবলৈ পটাগুটি তৈয়াৰ কৰিছিল।

২০) অসমৰ উত্তৰ কাছাৰ জিলাৰ দাওজালি হাৰ্ডিং নামৰ ঠাইত কি পোৱা গৈছে?

উত্তৰঃ অসমৰ উত্তৰ কাছাৰ জিলাৰ দাওজালি হাৰ্ডিং নামৰ স্থানত আদিম যুগৰ বহুতো মিহি কুৰৰ আকৃতিৰ শিল, শস্য় গুড়ি কৰা পটা আৰু মাত্ৰিৰ পাত্ৰৰ টুকুৰা পোৱা গৈছে।

Type – Boby Bora

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping