🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 6 Social Science Chapter 11 (খ) তাম্ৰ যুগ। Short Question Answer

Chapter 11 (খ)

তাম্ৰ যুগ

১) তাম্ৰ যুগৰ লোকসকলে কেনেকুৱা সাজ-পোছাক পৰিধান কৰিছিল?

উত্তৰঃ তাম্ৰ যুগৰ লোকসকলে কপাহী আৰু ঊণৰদ্বাৰা নিৰ্মিত সাজ-পোছাক পৰিধান কৰিছিল।

২) তাম্ৰ যুগৰ লোকসকলে কেনেকুৱা আ-অলংকাৰ পৰিধান কৰিছিল?

উত্তৰঃ তাম্ৰ যুগৰ লোকসকলে তামেৰে নিৰ্মিত আ-অলংকাৰ পৰিধান কৰিছিল।

৩) নৱ প্ৰস্তৰ যুগৰ শেষৰফালে ব্য়ৱহাৰ কৰা প্ৰথমবিধ ধাতু কি আছিল?

উত্তৰঃ নৱ প্ৰস্তৰ যুগৰ শেষৰফালে ব্য়ৱহাৰ কৰা প্ৰথমবিধ ধাতু হ’ল তাম।

৪) হৰপ্পা সভ্য়তা কোনটো যুগৰ?

উত্তৰঃ হৰপ্পা সভ্য়তা ব্ৰঞ্জ যুগৰ।

৫) ব্ৰঞ্জ ধাতু কেনেকৈ সৃষ্টি কৰা হৈছিল?

উত্তৰঃ তামৰ লগত টিন মিহলাই ব্ৰঞ্জ ধাতু সৃষ্টি কৰা হৈছিল। 

৬) তাম্ৰ যুগৰ লোকসকলে কাক পূজা-অৰ্চনা কৰিছিল?

উত্তৰঃ তাম্ৰ যুগৰ মানুহে গছ আৰু শিলৰ প্ৰতিমূৰ্তিক দেৱ-দেৱী হিচাপে মানি লৈ পূজা-অৰ্চনা কৰিছিল।

৭) ভাৰতবৰ্ষত কেতিয়া লোৰ ব্য়ৱহাৰ হৈছিল?

উত্তৰঃ ভাৰতবৰ্ষত আৰ্যসকল অহাৰ পিছত লোৰ ব্য়ৱহাৰ হৈছিল।

৮) তাম্ৰ যুগৰ লোকসকলে কি কি জন্ত পুহিছিল?

উত্তৰঃ তাম্ৰ যুগৰ লোকসকলে গৰু, ম’হ, ভেড়া আদি জন্তু পুহিছিল।

৯) তাম্ৰ যুগত কি কি শস্য়ৰ খেতি কৰা হৈছিল?

উত্তৰঃ তাম্ৰ যুগত ধান, যৱ, বাৰ্লি আৰু বিভিন্ন শস্য়ৰ খেতি কৰিছিল।

১০) তাম্ৰ যুগৰ লোকসকলে সূৰ্য পূজা কৰিছিলনে?

উত্তৰঃ হয়, তাম্ৰ যুগৰ লোকসকলে সূৰ্য পূজা কৰিছিল।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop