🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 6 Social Science Chapter 17 প্ৰাচীন অসমৰ কথা । Short Question Answer

Chapter 17

প্ৰাচীন অসমৰ কথা

১) অসমৰ সৰ্বপ্ৰথম ঐতিহাসিক বংশ কোনটো?

উত্তৰঃ অসমৰ সৰ্বপ্ৰথম ঐতিহাসিক বংশটো হৈচে বৰ্মন বংশ।

২) বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা হৈছে পূষ্য় বৰ্মন।

৩) কাৰ ৰাজত্বকালত হিউৱেন চাং নামৰ এজন চীনা পৰিব্ৰাজক কামৰূপলৈ আহিছিল?

উত্তৰঃ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেন চাং নামৰ এজন চীনা পৰিব্ৰাজক কামৰূপলৈ আহিছিল।

৪) যোগিনীতন্ত্ৰ মতে পূৰণি কামৰূপ ৰাজ্য় কেইটা ভাগত বিভক্ত আছিল?

উত্তৰঃ যোগিনীতন্ত্ৰ মতে পূৰণি কামৰূপ ৰাজ্য় চাৰিটা ভাগত বিভক্ত আছিল।

৫) বিংবদন্তি অনুসৰি অসমৰ প্ৰাচীনতম ৰজাজনৰ নাম কি?

উত্তৰঃ কিংবদন্তি অনুসৰি অসমৰ প্ৰাচীন ৰজাজনৰ নাম মহীৰংগ দানৱ।

৬) শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল?

উত্তৰঃ শালস্তম্ভ বংশৰ শেষ ৰজা ত্য়াগ সিংহ আছিল।

৭) কেতিয়া শাসস্তম্ভ বংশৰ বিলুপ্তি ঘটিল?

উত্তৰঃ শালস্তম্ভ বংশৰ শেষ ৰজা ত্য়াগ সিংহৰ মৃত্য়ুৰ লগে লগে শাসস্তম্ভ বংশৰ বিলুপ্তি ঘটিল।

৮)  দানৱ বা অসুৰ বংশৰ পাঁচজন ৰজাৰ নাম লিখা।

উত্তৰঃ দানৱ বা অসুৰ বংশৰ পাঁচজন ৰজাৰ নাম হ’ল- মহীৰংগ দানৱ, হটকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ বা ঘটককিৰাত।

৯) বাণ ৰজাৰ জীয়ৰীৰ নাম কি?

উত্তৰঃ বাণ ৰজাৰ জীয়ৰীৰ নাম ঊষা।

১০) মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল?

উত্তৰঃ বাণ ৰজাই মহাভৈৰৱ মন্দিৰ সজাইছিল।

১১) মহাভাৰতৰ যুদ্ধত ৰজা ভগদত্তৰ কাৰ হাতত মৃত্য়ু হয়?

উত্তৰঃ মহাভাৰতৰ যুদ্ধত ৰজা ভগদত্তৰ  অৰ্জুনৰ হাতত মৃত্য়ু হয়।

১২) ব্ৰজদত্তৰ পিছৰপৰা বৰ্মন বংশ প্ৰতিষ্ঠা হোৱালৈকে কামৰূপত ৰাজত্ব কৰা ৰজা দুজনৰ নাম লিখা।

উত্তৰঃ ব্ৰজদত্তৰ পিছৰপৰা বৰ্মন বংশ প্ৰতিষ্ঠা হোৱালৈকে কামৰূপত ৰাজত্ব কৰা দুজন ৰজাৰ নাম হ’ল-দেৱেশ্বৰ আৰু ধৰ্মপাল

১৩) ‘চি-উ-কি’ পুথিখন কাৰ?

উত্তৰঃ ‘চি-উ-কি’ পুথিখন চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ।

১৪) পাল বংশৰ শেষ ৰজা কোন আছিল?

উত্তৰঃ পাল বংশৰ শেষ ৰজা জয়পাল আছিল।

১৫) ভৌম বংশৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ ভৌম বংশৰ প্ৰতিষ্ঠাতা নৰকাসুৰ।

১৬) বাণ ৰজা কেনেকুৱা আছিল?

উত্তৰঃ বাণ ৰজা শিৱভক্ত আছিল।

১৭) ভাস্কৰ বৰ্মনে ৰজা হৰ্ষবৰ্দ্ধনলৈ মিত্ৰতা স্থাপনৰ উদ্দেশ্য়ে পঠিওৱা কটকীজনৰ নাম কি?

উত্তৰঃ ভাস্কৰ বৰ্মনে ৰজা হৰ্ষবৰ্দ্ধনলৈ মিত্ৰতা স্থাপনৰ উদ্দেশ্য়ে পঠিওৱা কটকীজনৰ নাম হ’ল হংসবেগ।

১৮) কেতিয়া বৰ্মন বংশৰ অন্ত পৰিছিল?

উত্তৰঃ ভাস্কৰ বৰ্মনৰ মৃত্য়ুৰ পিছত বৰ্মন বংশৰ অন্ত পৰিছিল।

১৯) ৰজা ভগদত্তৰ জীয়ৰী ভানুমতীক কালৈ বিয়া দিছিল?

উত্তৰঃ ৰজা ভগদত্তৰ জীয়ৰী ভানুমতীক জ্য়েষ্ঠ কৌৰৱ দুৰ্যোধনলৈ বিয়া দিছিল।

২০) ভাস্কৰ বৰ্মনৰ মৃত্য়ু কেতিয়া হৈছিল?

উত্তৰঃ আনুমানিক ৬৫০ খ্ৰীঃত ভাস্কৰ বৰ্মনৰ মৃত্য়ু হৈছিল।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop