SVN Class 6 Social Science Chapter 19 উন্নত জীৱনশৈলীৰ প্ৰয়োজনসমূহ । Short Question Answer

Chapter 19

উন্নত জীৱনশৈলীৰ প্ৰয়োজনসমূহ

১) সামাজিক প্ৰয়োজন বুলিলে কি বুজা?

উত্তৰঃ এখন সমাজত সুস্থ-সবল আৰু শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ মানুহক যিবোৰ ব্য়ৱস্থা বা সামগ্ৰীৰ প্ৰয়োজন হয় সেইবোৰক সামাজিক প্ৰয়োজন বুলি কোৱা হয়।

২) মানুহৰ ব্য়ক্তিগত প্ৰয়োজন কি?

উত্তৰঃ মানুহে নিজৰ আৰু পৰিয়ালৰ ব্য়ক্তিগত জীৱনটো ভালদৰে চলাই নিবলৈ যিবোৰ সামগ্ৰীৰ প্ৰয়োজন অনুভৱ কৰে সেইবোৰেই হ’ল মানুহৰ ব্য়ক্তিগত প্ৰয়োজন।

৩) ব্য়ক্তিগত প্ৰয়োজনসমূহ কেনেকৈ ভিন ভিন হয়?

উত্তৰঃ ব্য়ক্তিগত প্ৰয়োজনসমূহ মানুহৰ জীৱিকা আৰু উপাৰ্জনভেদে ভিন ভিন হয়।

৪) মানুহৰ সামাজিক জীৱন কেতিয়াৰপৰা আৰম্ভ হ’ল?

উত্তৰঃ মানুহৰ সামাজিক জীৱন সমাজ পাতি বাস কৰিবলৈ লোৱাৰ লগে লগে আৰম্ভ হ’ল।

৫) কিহৰ ওপৰত সামাজিক প্ৰয়োজন নিৰ্ভৰ কৰে?

উত্তৰঃ ভৌগোলিক অৱস্থান আৰু সামাজিক পৰিৱেশৰ ভিন্নতাৰ ওপৰত সামাজিক প্ৰয়োজন নিৰ্ভৰ কৰে।

৬) আৰক্ষী, থানা, ন্য়ায়ালয়ে, মানৱাধিকাৰ আয়োগ আদিয়ে আমাক কি প্ৰদান কৰে?

উত্তৰঃ আৰক্ষী, থানা, ন্য়ায়ালয়ে, মানৱাধিকাৰ আয়োগ আদিয়ে আমাক নিৰাপত্তা প্ৰদান কৰে।

৭) শিক্ষা লাভ কৰিবলৈ আমাক কিহৰ প্ৰয়োজন?

উত্তৰঃ শিক্ষা লাভ কৰিবলৈ আমাক বিদ্য়ালয়, পুথিভঁৰাল, প্ৰেক্ষাগৃহ আদিৰ  প্ৰয়োজন।

৮) সময় কেনেকুৱা?

উত্তৰঃ সময় গতিশীল।

৯) কেইটামান সামাজিক প্ৰয়োজনৰ নাম লিখা।

উত্তৰঃ শিক্ষা ব্য়ৱস্থা, জনস্বাস্থ্য, সামাজিক নিৰাপত্তা, ধৰ্ম-সংস্কৃতি, মানৱীয় গুণ আদি।

১০) নামঘৰ, মন্দিৰ, মছজিদ আদিৰ নিচিনা ধৰ্মীয় অনুষ্ঠানবোৰে আমাক কিহত সহায় কৰে?

উত্তৰঃ নামগৰ, মন্দিৰ, মছজিদ, গিৰ্জা, গুৰুদ্বাৰ আদিৰ নিচিনা ধৰ্মীয় অনুষ্ঠানে আমাক সংস্কৃতি প্ৰসাৰত সহায় কৰে।

১১) দয়া, মৰম, মমতা, ভাতৃত্ববোধ, সহনশীলতা, দায়বদ্ধতা, শৃংখলাবোধ আদি মানৱীয় গুণসমূহে আমাক কিহত সহায় কৰে?

উত্তৰঃ দয়া, মৰম, মমতা, ভাতৃত্ববোধ, সহনশীলতা, দায়বদ্ধতা, শংখলাবোধ আদি মানৱীয় গুণসমুহে আমাক সামাজিক একতা আৰু শৃংখলা ৰক্ষা কৰাত সহায় কৰে।

১২) বিশুদ্ধ খোৱা পানী, অনাময় ব্য়ৱস্থা, উন্নত ৰাস্তা-ঘাট, চিকিৎসালয়ে আমাক কিহত সহায় কৰে?

উত্তৰঃ বিশুদ্ধ খোৱা পানী, অনাময় ব্য়ৱস্থা, উন্নত ৰাস্তা-ঘাট, চিকিৎসালয়ে আমাক স্বাস্থ্য় ৰক্ষাত সহায় কৰে।

১৩) ব্য়ক্তিগত অভাৱ পূৰণ কৰা কেইবিধমান প্ৰয়োজনীয় বস্তুৰ নাম লিখা।

উত্তৰঃ ব্য়ক্তিগত অভাৱ পূৰণ কৰা কেইবিধমান প্ৰয়োজনীয় বস্তুৰ নাম হ’ল- ফ্ৰীজ, টেলিফোন, ৰন্ধন গেছ আদি।

১৪) আমোদ-প্ৰমোদ আৰু অৱসৰ বিনোদনৰ অৱস্থাই কি কৰে?

উত্তৰঃ আমোদ-প্ৰমোদ আৰু অৱসৰ বিনোদৰ অৱস্থাই এখন সমাজত মানুহক সুখ-শান্তিৰে জীয়াই থকাত সহায় কৰে।

১৫) সামাজিক জীৱন সুখময়, শান্তিপূৰ্ণ আৰু আৰামদায়ক হ’বলৈ কিহৰ প্ৰয়োজন?

উত্তৰঃ সামাজিক জীৱন সুখময়, শান্তিপূৰ্ণ আৰু আৰামদায়ক হ’বলৈ আমাক এটা সুস্থ, সুন্দৰ, শান্তিপূৰ্ণ আৰু নিৰাপদ পৰিৱেশৰ প্ৰয়োজন।

১৬) মানুহক এটা সুখী জীৱন-যাপন কৰাত কোনে সহায় কৰে?

উত্তৰঃ বননিকৰণ, উন্নত যাতায়ত ব্যৱস্থা, পৰিষ্কাৰ পৰিৱেশ, সামাজিক নিৰাপত্তা আদিয়ে মানুহক এটা সুখী জীৱন-যাপন কৰাত সহায় কৰে।

১৭) পুথিভঁৰাল কাক বোলে?

উত্তৰঃ যি ঠাইত কিতাপ পত্ৰবোৰ অধ্য়য়ন কৰি জমা কৰি থোৱা হয় তাকে পুথিভঁৰাল বোলে।

১৮) বৰ্তমান আমাৰ প্ৰয়োজন কেৱল মৌলিক প্ৰয়োজনতে সীমাবদ্ধ হয়নে?

উত্তৰঃ বৰ্তমান আমাৰ প্ৰয়োজন কেৱল মৌলিক প্ৰয়োজনতে সীমাবদ্ধ নহয়।

১৯) খেতি কৰিবলৈ হ’লে এজন কৃষকক কিহৰ প্ৰয়োজন?

উত্তৰঃ খেতি কৰিবলৈ কৃষকক নাঙল, গৰু, ট্ৰেক্টৰ, পাৱাৰটিলাৰ ইত্য়াদিৰ প্ৰয়োজন।

২০) তাঁতীৰ বাবে কিহৰ প্ৰয়োজন?

উত্তৰঃ তাঁতীৰ বাবে তাতশালৰ প্ৰয়োজন।

Type – Boby Bora

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping