🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 6 Social Science Chapter 20 জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ । Short Question Answer

Chapter 20

জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ

১) মানুহৰ অভাৱৰ অন্ত আছেনে?

উত্তৰঃ মানুহৰ অভাৱৰ অন্ত নাই।

২) ৰাহি হোৱা খাদ্য়শস্য়সমূহ ভৱিষ্য়তৰ বাবে সাঁচি ৰাখিবলৈ কি আৱিষ্কাৰ হৈছে?

উত্তৰঃ ৰাহি হোৱা খাদ্য়শস্য়সমূহ ভৱিষ্য়তৰ বাবে সাঁচি ৰাখিবলৈ শীতল ভঁৰাল আৱিষ্কাৰ হৈছে।

৩) আধুনিক শিক্ষাৰ প্ৰসাৰৰ লগে লগে মানুহি কি কৰিবলৈ ধৰিলে?

উত্তৰঃ আধুনিক শিক্ষা প্ৰসাৰৰ লগে লগে মানুহে বিজ্ঞানসন্মতভাৱে চিন্তা-চৰ্চা কৰিবলৈ ধৰিলে।

৪) কোনে পৃথিৱীখনক ওচৰ চপাই আনি এখন ডাঙৰ গাওঁত পৰিণত কৰিছে?

উত্তৰঃ কম্পিউটাৰ, ইন্টাৰনেট, চেলিফোন, ম’বাইল, উপগ্ৰহ আদিৰ ব্য়ৱহাৰে পৃথিৱীখনক ওচৰ চপাই আনি একন ডাঙৰ গাওঁত পৰিণত কৰিছে।

৫) কম্পিউটাৰৰ আৱিষ্কাৰে আধুনিক সভ্য়তাক কি কৰিছে?

উত্তৰঃ কম্পিউটাৰৰ আৱিষ্কাৰে আধুনিক সভ্য়তাক আৰু খোজ আগবঢ়াই দিলে।

৬) অন্তহীন অভাৱ পূৰণৰ চেষ্টাৰ ফলস্বৰূপে মানুহে নিতৌ কি কৰিবলৈ ধৰিছে?

উত্তৰঃ অন্তহীন অভাৱ পূৰণৰ চেষ্টাত ফলস্বৰূপে মানুহে নিতৌ নতুন বস্তু আৱিষ্কাৰ কৰিবলৈ ধৰিছে। 

৭) আধুনিক প্ৰযুক্তিৰ অন্য় এক নাম কি?

উত্তৰঃ আধুনিক প্ৰযুক্তিৰ অন্য় এক নাম হ’ল বিজ্ঞানভিত্তিক প্ৰযুক্তি।

৮) মানুহৰ বৈজ্ঞানিক চিন্তা-চৰ্চাই কেতিয়া প্ৰায়োগিকভাবে বিকাশ লাভ কৰিলে?

উত্তৰঃ মানুহৰ বৈজ্ঞানিক চিন্তা-চৰ্চাই প্ৰায়োগিকভাবে প্ৰকাশ লাভ কৰিলে প্ৰযুক্তিৰ যুগত।

৯) ৰে’ল সেৱাৰ ফলত কি সুবিধা হৈছে?

উত্তৰঃ ৰে’ল সেৱাৰ ফলত ৰে’ল সেৱাৰ ফলত গধুৰ বস্তু অনা-নিয়া কৰাত সুবিধা হৈছে।

১০) প্ৰকৃতিৰপৰা প্ৰযুক্তিৰ প্ৰয়োগেৰে আমাৰ প্ৰয়োজনীয় সম্পদৰাজি আহৰণৰদ্বাৰা মানুহৰ জীৱন কি হৈ পৰিছে?

উত্তৰঃ প্ৰকৃতিৰপৰা প্ৰযুক্তিৰ প্ৰয়োগেৰে আমাৰ প্ৰয়োজনীয় সম্পদৰাজি আহৰণৰদ্বাৰা মানুহৰ জীৱন ধাৰণৰ মান ক্ৰমাত উন্নত হ’বলৈ ধৰিলে।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop