SEBA Class 9 Maths Solution Chapter 12। হিৰণৰ সূত্ৰ । অনুশীলনী 12.1 Question Answer

অনুশীলনী 12.1

1. ” আগত বিদ্য়ালয় আছে” বুলি লিখা থকা যান বাহনৰ প্ৰতি সংকেত ফলক এখন সমবাহু ত্ৰিভূজ আকাৰৰ যাৰ বাহুৰ দীঘ ‘a’। হিৰ’ণৰ সূত্ৰ ব্য়ৱহাৰ কৰি সংকেত ফলকখনৰ কালি উলিওৱা। যদি ইয়াৰ পৰিসীমা 180 চেমি , সংকেত ফলকখনৰ কালি কিমান হ’ব?

2. এখন উৰণীয়া সেতু ত্ৰিভূজ আকৃতিৰ দাঁতিৰ বেৰবোৰ বিজ্ঞাপন প্ৰচাৰৰ বাবে ব্য়ৱহাৰ কৰা হৈছে। প্ৰতিখন বেৰৰ দাঁতিকেইটা 122 মি., 22 মি. আৰু 120 মি.। বিজ্ঞাপনত প্ৰতিবছৰে উপাৰ্জন কৰা হয় প্ৰতি বৰ্গমিতাৰত 5000 টকা। এটা কোম্পানীয়ে ইয়াৰ এখন বেৰ 3 মাহৰ বাবে ভাড়া ল’লে। কোম্পানীটোৱে কিমান ভাড়া পৰিশোধ কৰিব লাগিব?

3. এখন উদ্যানত এখন চোঁচৰা সেতু আছে। ইয়াৰ দাঁতিৰ বেৰ এখনত ”উদ্য়ানখন সেউজ আৰু নিকা কৰি ৰাখা” 一 এই বাৰ্তাটোৰ সৈতে ৰং বোলাই ৰঙীন কৰি থোৱা আছে। যদি বেৰখনৰ দাঁতিকেইটা 15 মি., 11 মি. আৰু 6 মি. তেন্তে ৰঙীন কৰি ৰখা ঠাইখিনিৰ কালি উলিওৱা।

4.  এটা ত্ৰিভূজৰ দুটা বাহু 18 চেমি আৰু 10 চেমি আৰু পৰসীমা 42 চেমি। ত্ৰিভূজৰ কালি উলিওৱা।

5. এটা ত্ৰিভূজৰ বাহু কেইটা 12:17:25 অনুপাতত আছে; আৰু ইয়াৰ পৰিসীমা 540 চে মি. ইয়াৰ কালি উলিওৱা।

6. সমদ্বিবাহু ত্ৰিভূজ এটাৰ পৰিসীমা 30 চেমি আৰু সমান বাহু দুটাৰ প্ৰত্য়েকেই 12 চেমি। ত্ৰিভূজটোৰ কালি উলিওৱা।

7. এটা সমবাহু ত্ৰিভূজৰ কালি নিৰ্ণয় কৰা যাৰ পৰিসীমা 24 চেমি।

8. এটা সমকোণী ত্ৰিভূজৰ অতিভূজৰ মাপ 13 চেমি আৰু এটা বাহুৰ মাপ 5 চেমি ত্ৰিভূজটোৰ কালি উলিওৱা।

Type – Boby Bora

0
    0
    Your Cart
    Your cart is emptyReturn to Shop