অনুশীলনী 3.2
1. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া—
(i) কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখা দুডালৰ নাম কি ?
Ans : কাৰ্টীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অংকন কৰা ৰেখা দুডালৰ নাম হ’ল- উলম্ব ৰেখাডালক (y) অক্ষ , আৰু অনুভূমিক ৰেখাডালক (x) অক্ষ ।
(ii) এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি ?
Ans : এই ৰেখা দুডালে সমতল খনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম – প্ৰথম চোক, দ্বিতীয় চোক, তৃতীয় চোক, আৰু চতুৰ্থ চোক।
(iii) এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম লিখা ।
Ans : এই ৰেখা দুডালে পৰস্পৰক ছেদ কৰা বিন্দুটোৰ নাম ‘মূল বিন্দু’ ।
2. চিত্ৰ 3.14 চোৱা আৰু তলত দিয়াকেইটা লিখা —
(i) B বিন্দুৰ স্থানাংক
Ans : B বিন্দুৰ স্থানাংক (-5,2)
(ii) C বিন্দুৰ স্থানাংক
Ans : C বিন্দুৰ স্থানাংক (5,-5)
(iii) (-3,-5) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো
Ans : (-3,-5) ৰ স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো E
(iv) (2,-4) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো
Ans : (2,-4) স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো G
(v) D ,বিন্দুটোৰ ভুজ
Ans : D বিন্দুটোৰ ভুজ 6
(vi) H বিন্দুটোৰ কোটি
Ans : H বিন্দুটোৰ কোটি -3
(vii) L বিন্দুটোৰ স্থানাংক
Ans : L বিন্দুটোৰ স্থানাংক (0,5)
(viii) M বিন্দুটোৰ স্থানাংক
Ans : M বিন্দুটোৰ স্থানাংক (-3,0)
