SVN Class 6 Social Science। Chapter 1। সৌৰজগতত আমাৰ পৃথিৱী । Short Question Answer

  Chapter 1

সৌৰজগতত আমাৰ পৃথিৱী

১) পপীয়া তৰাৰ আন এটা নাম কি?

উত্তৰঃ পপীয়া তৰাৰ আন এটা নাম হ’ল উল্কা।

২) জ্য়োতিষ্কবোৰৰ মাজত কি থাকে?

উত্তৰঃ জ্য়োতিষ্কবোৰৰ মাজতত গ্ৰহ, গ্ৰহাঁণু, নেজাল তৰা আদি অনেক মহাজাগতিক উপাদান থাকে।

৩) গড় হিচাপে পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব কিমান?

উত্তৰঃ গড় হিচাপে পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব প্ৰায় ৩,৮৬,০০ কিঃমিঃ।

৪) ইউৰেনাছ গ্ৰহটোৰ উপগ্ৰহৰ সংখ্য়া কিমান?

উত্তৰঃ ইউৰেনাছ গ্ৰহটোৰ উপগ্ৰহৰ সংখ্য়া ২৭টা।

৫) সূৰ্যৰ পৃষ্ঠভাগৰ উত্তাপ কিমান?

উত্তৰঃ সূৰ্যৰ পৃষ্ঠভাগৰ উত্তাপ ৬০০০ ডিগ্ৰী চেলছিয়াছ।

৬) উপগ্ৰহ কি?

উত্তৰঃ গ্ৰহবোৰৰ চাৰিওফালে ঘূৰা সৰু-ডাঙৰ জ্য়োতিষ্কবোৰেই হ’ল উপগ্ৰহ।

৭) ধুমকেতু কিহৰ দ্বাৰা গঠিত?

উত্তৰঃ ধুমকেতু উজ্জ্বল বাষ্পৰদ্বাৰা গঠিত।

৮) সৌৰজগতৰ কেন্দ্ৰবিন্দু কি?

উত্তৰঃ সৌৰজগতৰ কেন্দ্ৰবিন্দু হ’ল সূৰ্য।

৯) কিমান চনৰপৰা প্লুটোক গ্ৰহৰ হিচাপত নধৰা হৈছে?

উত্তৰঃ ২০০৬ চনৰ পৰা প্লুটোক গ্ৰহৰ হিচাপত নধৰা হৈছে।

১০) মঙল আৰু বৃহস্পতি গ্ৰহৰ মাজত কি আছে?

উত্তৰঃ মঙল আৰু বহস্পতি গ্ৰহৰ মাজত গ্ৰহাণুপুঞ্জবোৰ আছে।

১১) চন্দ্ৰই পৃথিৱীৰ চাৰিওপালে এপাক মাৰিবলৈ কিমান সময় লয়?

উত্তৰঃ চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে এপাক মাৰিবলৈ চাৰে ২৯ দিন লয়।

১২) নীল আমষ্ট্ৰঙে কেতিয়া চন্দ্ৰপৃষ্ঠত পদাৰ্পণ কৰিছিল?

উত্তৰঃ নীল আমষ্ট্ৰঙে ১৯৬৭ চনৰ ২৯ জুলাইত চন্দৰপৃষ্ঠত পদাৰ্পণ কৰিছিল।

১৩) নিজা শক্তি বিকিৰণ কৰিব পৰা এটা নক্ষত্ৰৰ নাম লিখা।

উত্তৰঃ নিজা শক্তি বিকিৰণ কৰিব পৰা এটা নক্ষত্ৰৰ নাম হ’ল সূৰ্য।

১৪) গ্ৰহবোৰে নিজা পোহৰ বিলাব পাৰেনে?

উত্তৰঃ গ্ৰহবোৰে নিজা পোহৰ বিলাব নোৱাৰে।

১৫) বুধ গ্ৰহটোৰ আকৃতি কেনেকুৱা?

উত্তৰঃ বুধ গ্ৰহটোৰ আকৃতি প্ৰায় সম্পূৰ্ণ গোলাকাৰ।

১৬) প্লুটো গ্ৰহটোক কি আখ্য়া দিয়া হৈছে?

উত্তৰঃ প্লুটো গ্ৰহটোক বাওঁনা গ্ৰহ বুলি আখ্য়া দিয়া হৈছে।

১৭) দুমকেতুৰ নেজডাল কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ সৌৰশক্তিৰ চাপেৰে বাষ্পীভূত হোৱা পদাৰ্থবোৰ পিছলৈ জোৰেৰে ঠেলি পঠিওৱাৰ বাবে ধুমকেতুৰ নেজডাল সৃষ্টি হয়।

১৮) সৌৰজগত কাৰ অংশ?

উত্তৰঃ সৌৰজগত হাতীপতিৰ অংশ।

১৯) চন্দ্ৰৰ ব্য়াস কিমান?

উত্তৰঃ চন্দ্ৰৰ ব্য়াস ৩৪৮০ কিঃমিঃ।

২০) পৃথিৱীয়ে সূৰ্যৰ চাৰিওঁফালে এপাক মাৰিবলৈ কিমান সময় লয়?

উত্তৰঃ পৃথিৱীয়ে সূৰ্যৰ চাৰিওঁফালে এপাৰ মাৰিবলৈ সময় লয় ৩৬৫ দিন, ৫ ঘন্টা ৪৮ মিনিট, ৪৫-৪৭ ছেকেণ্ড।

Type – Boby Bora

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop