🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 6 Social Science Chapter 12 প্ৰাচীন নগৰীয়া সভ্য়তা। Short Question Answer

Chapter 12

প্ৰাচীন নগৰীয়া সভ্য়তা

১) প্ৰাচীন সভ্য়তাসমূহ ঘাইকৈ ক’ত গঢ়ি উঠিছিল?

উত্তৰঃ প্ৰাচীন সভ্য়তাসমূহ ঘাইকৈ নদীৰ পাৰত গঠি উঠিছিল।

২) ভাৰতৰ আটাইতকৈ পূৰণি সভ্য়তা কোনটো?

উত্তৰঃ ভাৰতৰ আটাইতকৈ পূৰণি সভ্য়তাটো হ’ল সিন্ধু সভ্য়তা।

৩) সিন্ধু সভ্য়তা বা হৰপ্পা সভ্য়তাৰ অন্তৰ্ভুক্ত ঠাইবোৰৰ নাম লিখা।

উত্তৰঃ সিন্ধু সভ্য়তা বা হৰপ্পা সভ্য়তাৰ অন্তৰ্ভুক্ত ঠাইবোৰ হ’ল- হৰপ্পা, মহেঞ্জদাৰো, ৰূপাৰ, লোথাল, ছানডাৰো, কালিবাংগান আদি।

৪) মিছৰীয় সভ্য়তা কোনখন নদীৰ পাৰত গঢ়ি উঠিছিল?

উত্তৰঃ নীল নদীৰ পাৰত মিছৰীয় সভ্য়তা গঢ়ি উঠিছিল।

৫) সিন্ধু উপত্য়কাৰ সভ্য়তাৰ উল্লেখযোগ্য় উদ্য়োগ কি?

উত্তৰঃ সিন্ধু উপত্য়কাৰ সভ্য়তা।

৬) মহেঞ্জদাৰোত থকা ৰাজহুৱা স্নানাগাৰটোত দীঘ-প্ৰস্থ কিমান?

উত্তৰঃ মহেঞ্জদাৰোত থকা ৰাজহুৱা স্নানাগাৰটোৰ দীঘ ১৮০ ফুট আৰু প্ৰস্থ ১০৮ ফুট।

৭) সিন্ধু সভ্য়তাৰ লোকসকলৰ প্ৰধান জীৱিকা কি আছিল?

উত্তৰঃ সিন্ধু সভ্য়তাৰ লোকসকলৰ প্ৰধান জীৱিকা আছিল কৃষি আৰু পশুপালন।

৮) ইউফ্ৰেটিছ আৰু টাইগ্ৰীছ নদীৰ পাৰত কোনটো সভ্য়তা গঢ় লৈ উঠিছিল?

উত্তৰঃ ইউফ্ৰেটিছ আৰু টাইগ্ৰীছ নদীৰ পাৰত বেবিলনীয় সভ্য়তা গঢ় লৈ ুটিছিল।

৯) ইউফ্ৰেটিছ আৰু টািগ্ৰীছ নদীৰ পাৰৰ হাট-বজাৰত কি কৰা হৈছিল?

উত্তৰঃ ইউফ্ৰেটিছ আৰু টাইগ্ৰীছ নদীৰ পাপ হাট-বজাৰত সিন্ধু উপত্য়কাৰ নিৰ্মিত বস্তু বিক্ৰী কৰা হৈছিল।

১০) সিন্ধু সভ্য়তাৰ মহিলাসকলে কেনেকুৱা আ-অলংকৰা পৰিধান কৰিছিল?

উত্তৰঃ সিন্ধু সভ্য়তাৰ মহিলাসকলে কেৰু, খাৰু বা বালা, হাৰ, আঙটি আদি পৰিধান কৰিছিল।

১১) সিন্ধু সভ্য়তা নগৰকেন্দ্ৰিক আছিলনে?

উত্তৰঃ হয়, সিন্ধু সব্য়তা নগৰকেন্দ্ৰিক আছিল।

১২) মহেঞ্জদাৰোত থকা আটাইতকৈ ডাঙৰ শস্য়ৰ ভঁৰালটোৰ আয়তন কিমান আছিল?

উত্তৰঃ মহেঞ্জদাৰোত থকা আটাইতকৈ ডাঙৰ শস্য়ৰ ভঁৰালটোৰ আয়তন আছিল ৪৬ মিটাৰ দীঘল আৰু ১৫ মিটাৰ বহল।

১৩) নদীৰ পাৰত সভ্য়তাসমূহ গঢ় লৈ উঠাৰ দুটা কাৰণ লিখা।

উত্তৰঃ নদীৰ পাৰত সভ্য়তাসমূহ গঢ় লৈ উঠাৰ দুটা কাৰণ হ’ল-

১) নদীৰ পাৰৰ মাটি খাৰুৱা হোৱাৰ বাবে খেতি উপযোগী।

২) নদীৰপৰা পানী নি পথাৰৰ শস্য়ত দিব পৰাৰ ব্য়ৱস্থা কৰিব পাৰিছিল।

১৪) পণ্ডিতসকলৰ অনুমান অনুসৰি সিন্ধু সভ্য়তাৰ অধিবাসীসকলে কি পূজা কৰিছিল?

উত্তৰঃ পণ্ডিতসকলৰ অনুমান অনুসৰি সিন্ধু সব্য়তাৰ অধিবাসীসকলে শিৱ আৰু শক্তি পূজা কৰিছিল।

১৫) সিন্ধু সভ্য়তাৰ গৃহসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি?

উত্তৰঃ সিন্ধু সভ্য়তাৰ গৃহসমূহ তিনিটা ভাগত ভাগ কৰিব পাৰি। বৃহৎ অট্টালিকা, সাধাৰণ মানুহৰ বাসগৃহ আৰু গা ধোৱা ঘৰ বা স্নানাগাৰ।

১৬) সিন্ধু সভ্য়তাৰ উপত্য়কাৰ লোকসকলে কেনেকুৱা পাত্ৰ ব্য়ৱহাৰ কৰিছিল?

উত্তৰঃ সিন্ধু সভ্য়তাৰ উপত্য়কাৰ লোকসকলে মাটিৰ পাত্ৰ ব্য়ৱহাৰ কৰিছিল।

১৭) সিন্ধু সভ্য়তাৰ মানুহে পোৰা ইটাৰে ঘৰ নিৰ্মাণ কৰিছিলনে?

উত্তৰঃ হয়, সিন্ধু সভ্য়তাৰ মানুহে পোৰা ইটাৰে ঘৰ নিৰ্মাণ কৰিছিল।

১৮) সিন্ধু সভ্য়তাৰ মানুহে পৰিধান কৰা অলংকাৰবোৰ কিহিৰে নিৰ্মিত আছিল?

উত্তৰঃ সিন্ধু সভ্য়তাৰ মানুহে পৰিধান কৰা অলংকাৰবোৰ সোণ, ৰূপ, তাম, ব্ৰঞ্জ আৰু হাতী দাঁতেৰে নিৰ্মিত আছিল।

১৯) সিন্ধু সভ্য়তাৰ বেপাৰীসকলে কি ৰপ্তানি কৰিছিল?

উত্তৰঃ সিন্ধু সভ্য়তাৰ বেপাৰীসকলে বিভিন্ন ধৰণৰ মণি, কাপোৰ, মাটিৰ পাত্ৰ, মছলা আদি ৰপ্তানি কৰিছিল।

২০) সিন্ধু উপত্য়কাত চলোৱা খননকাৰ্যত কিবা মঠ-মন্দিৰ আৱিষ্কাৰ হৈছিলনে?

উত্তৰঃ নাই, সিন্ধু উপত্য়কাত চলোৱা খননকাৰ্ষত কোনো ধৰণৰ মঠ-মন্দিৰ আৱিষ্কাৰ হোৱা নাছিল।

Type – Boby Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop