Class 6 General Science Chapter 8 | দেহৰ চলন | MCQ

Chapter 8

দেহৰ চলন

১। অস্থি আৰু কোমলাস্থিয়ে কি গঠন কৰে ?

(ক) মানৱ দেহৰ শৰীৰ

(খ) মানৱ দেহৰ জঁকাটো

(গ) মানৱ দেহৰ তেজবোৰ

উত্তৰঃ (খ) মানৱ দেহৰ জঁকাটো

২। সাপে কেনেকৈ গতি কৰে ?

(ক) বুকুৰে চুঁচৰি

(খ) উৰি

(গ) সাঁতোৰে

উত্তৰঃ (ক) বুকুৰে চুঁচৰি

৩। শামুকবোৰে কিহৰ সহায়ত চলাচল কৰে ?

(ক) হাড় আৰু পেশীৰ

(খ) শুঙৰ

(গ) এবিধ পেশীয় অংগৰ 

উত্তৰঃ  (গ) এবিধ পেশীয় অংগৰ

৪। ‘শুং’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Backbone

(খ) Bristles

(গ) Cartilage

উত্তৰঃ (খ) Bristles

৫। মানৱ দেহৰ কিছু অংগ হাড়ৰ নিচিনা কঠিন নোহোৱাৰ বাবে ইয়াক লৰচৰ কৰিব পৰা যায়, ইয়াক কি বুলি কোৱা হয় ?

(ক) কোমলাস্থি

(খ) কান্ধ

(গ) শ্ৰোণিৰ হাড়

উত্তৰঃ (ক) কোমলাস্থি

৬। কামিহাড়বোৰে বুকুৰ হাড় আৰু ৰাজহাড়ৰ লগত লগ লাগি এটি বাকচ আকৃতিৰ গঠন কৰে। ইয়াক কি বুলি কোৱা হয় ?

(ক) কান্ধৰ হাড়

(খ) অচল সন্ধি

(গ) কামিহাড়ৰ সঁজা

উত্তৰঃ (গ) কামিহাড়ৰ সঁজা

৭। হাড়ৰ সন্ধিয়ে দেহৰ চলনত সহায় কৰে।

(ক) তেজৰ

(খ) দেহৰ

উত্তৰঃ (খ) দেহৰ

৮। উৰ্দ্ধ হনু কি ?

(ক) লৰচৰ কৰিব নোৱাৰা সন্ধি

(খ) ধাৰা অপ্ৰতিৰোধী শৰীৰ

(গ) বতাহত উৰিব পাৰে

উত্তৰঃ (ক) লৰচৰ কৰিব নোৱাৰা সন্ধি

(ক) ৰাজহাড়

(খ) কামি হাড়ৰ সঁজা

(গ) আঠুৰ কব্জা সন্ধি

উত্তৰঃ (গ) আঠুৰ কব্জা সন্ধি

৯। তলত দিয়া ছবিটো মানুহৰ কোনটো অংশৰ হাড়?

(ক) ৰাজহাড়

(খ) কামি হাড়ৰ সঁজা

(গ) আঠুৰ কব্জা সন্ধি

উত্তৰঃ (গ) আঠুৰ কব্জা সন্ধি

১০। ৰাজহাড়ডাল কিহৰ সমষ্টি ?

(ক) তেজৰ

(খ) সৰু সৰু হাড়ৰ টুকুৰাৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) সৰু সৰু হাড়ৰ টুকুৰাৰ

১১। কান্ধত দেখা পোৱা দুডাল স্পষ্ট হাড়ক কি বুলি কোৱা হয় ?

(ক) কান্ধৰ হাড়

(খ) কোমলাস্থি

(গ) শ্ৰোণিৰ হাড়

উত্তৰঃ (ক) কান্ধৰ হাড়

১২। লাওখোলাৰ ভিতৰত কি সুৰক্ষিত হৈ থাকে ?

(ক) ধমনী

(খ) সিৰা

(গ) মগজু

উত্তৰঃ (গ) মগজু

১৩। কিহৰ বাবে পেশী ওফন্দি উঠে ?

(ক) চলনৰ

(খ) সংকোচনৰ

(গ) হাড়ৰ

উত্তৰঃ (খ) সংকোচনৰ

১৪। যেতিয়া পেশীবোৰ সংকুচিত হয় তেতিয়া পেশীবোৰ কি হয় ?

(ক) চুটি

(খ) কঠিন

উত্তৰঃ (ক) চুটি

১৫। পেশীয়ে কি ভাৱে কাম কৰে ?

(ক) যুৰীয়াভাৱে

(খ) কঠিনভাৱে

(গ) সহজভাৱে

উত্তৰঃ (ক) যুৰীয়াভাৱে

১৬। বহুতবোৰ আঙুঠি ইটোৰ লগত সিটো লগলাগি কাৰ শৰীৰ গঠিত ?

(ক) কেঁচুৰ

(খ) শামুকৰ

(গ) পঁইতাচোৰাৰ

উত্তৰঃ (ক) কেঁচুৰ

১৭। পঁইতাচোৰাৰ পৃথক  আছে ।

(ক) পাখি

(খ) পেশী

(গ) হাড়

উত্তৰঃ (খ) পেশী

১৮। চৰাইৰ হাড়বোৰ কেনেকুৱা ?

(ক) ফোপোলা আৰু পাতল

(খ) কঠিন বা ডাঠ

(গ) এটাও নহয়

উত্তৰঃ (ক) ফোপোলা আৰু পাতল

১৯। চৰাইৰ পিচফালৰ হাড়বোৰ কিহৰ বাবে উপযুক্ত ?

(ক) খোজকঢ়া

(খ) ওখ ঠাইত জিৰণি লোৱা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

২০। ‘পেশী’ শব্দৰ ইংৰাজী ৰূপ কি ?

(ক) Muscle

(খ) Skeleton

উত্তৰঃ (ক) Muscle

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping