🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Environment Chapter 4 | আমাৰ প্ৰয়োজনীয় পানী Question and Answer |

Chapter 4

আমাৰ প্ৰয়োজনীয় পানী

আমি বাস কৰা পৃথিৱীখনত আটাইতকৈ বেছি পানী থাকে সাগৰ মহাসাগৰ। এই পানীবোৰ লুণীয়া। সাগৰ পানী খাবও নোৱাৰি আৰু খেতি কৰা কাৰ্যতো ব্যৱহাৰ কৰিব নোৱাৰি। পৰ্বতৰ শৃংগত থকা বৰফবোৰ হল গোটমাৰি থকা পানী। বৰফ গলিলে পানীবোৰ নদীৰে নামি আহে। আমি দেখা খাল বিলবোৰতো পানী জমা হৈ থাকে। বৰষুন পৰিলে পানী লাহে লাহে নিগৰি মাটিত তললৈ গৈ থাকে। মাটিত তলত থকা শিলৰ ফাঁকত পানীবোৰ জমা হৈ থাকে। এনে পানীক ভূগৰ্ভৰপানী বোলে। মনত ৰাখিবা, পৃথিৱীৰ মুঠ পানীৰ মাত্ৰ বিশ শতাংশ পানীহে আমাৰ ব্যৱহাৰৰ বাবে উপযোগী। 

১। কোনবোৰ পানী লুণীয়া?

উত্তৰঃ সাগৰ-মহাসাগৰৰ পানীবোৰ লুণীয়া।

২। পৃথিৱীত আটাইতকৈ বেছি পানী ক’ত থাকে?

উত্তৰঃ পৃথিৱীত আটাইতকৈ বেছি পানী সাগৰমহাসাগৰত থাকে।

৩। মাটিৰ তলত থকা শিলৰ ফাঁকত কি থাকে?

উত্তৰঃ মাটিৰ তলত থকা শিলৰ ফাঁকত পানীবোৰ জমা হৈ থাকে।

৪। পৰ্বতৰ শৃংগত থকা বৰফবোৰক কি বুলি কয়?

উত্তৰঃ পৰ্বতৰ শৃংগত থকা বৰফবোৰক গোটমাৰি থকা পানী বুলি কয়।

৫। বৰফ গলিলে পানীবোৰ কিহেৰে নামি আহে?

উত্তৰঃ বৰফ গলিলে পানীবোৰ নদীৰে নামি আহে।

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop