🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Environment Chapter 6 | প্ৰাকৃতিক সম্পদ Question and Answer |

Chapter 6

প্ৰাকৃতিক সম্পদ  

পৃথিৱীৰ থকা জীৱ আৰু জড় সকলোবোৰকে প্ৰাকৃতিক পম্পদ বোলে। জীৱবোৰক জীৱাই থাকিবলৈ খাদ্য লাগে। জড়ৰ অৱস্থিতি আছে কিন্তু প্ৰাণ নাই। সেয়ে খাদ্য নালাগে। আমি সততে দেখা প্ৰাকৃতিক সম্পদবোৰ হল আৰণ্য নদী পাহাৰ বিল কয়লা ইত্যাদি।

অৰণ্যত থকা প্ৰাণী আৰু গছ- গছনিবোৰ অতি মূল্যৱান প্ৰাকৃতিক সম্পদ। উদ্ভিদ আৰু প্ৰাণীবোৰক একেলগে জৈৱ বৈচিত্ৰ্য বোলা হয়। সেইদৰে পানী মাটি আৰু বায়ু এই সকলোবোৰ অমূল্য প্ৰাকৃতিক সম্পদ। মানুহে প্ৰাকৃতিক সম্পদ গঢ়িব নোৱাৰে। সেয়ে প্ৰাকৃতিক সম্পদৰ অনিষ্ট কৰিব নালাগে। প্ৰাকৃতিক সম্পদ দেশৰ গৌৰৱ। 

১। প্ৰাকৃতিক সম্পদ কাক বোলে?

উত্তৰঃ পৃথিৱীত থকা জীৱ আৰু জড় সকলোবোৰক প্ৰাকৃতিক সম্পদ বোলে।

২। জড়ৰ অৱস্থিতি আছে কিন্তু ______ নাই।

উত্তৰঃ জড়ৰ অৱস্থিতি আছে কিন্তু প্ৰাণ নাই।

৩। কেইটামান প্ৰাকৃতিক সম্পদৰ নাম লিখা।

উত্তৰঃ কেইটামান প্ৰকৃতিক সম্পদৰ নাম হ’ল- অৰণ্য, নদী, পাহাৰ, বিল, কয়লা ইত্যাদি।

৪। উদ্ভিদ আৰু প্ৰাণীবোৰক একেলগে কি বুলি কোৱা হয়?

উত্তৰঃ উদ্ভিদ আৰু প্ৰণীবোৰক একেলগে জৈৱ বৈচিত্ৰ্য বুলি কোৱা হয়।

৫। প্ৰাকৃতিক সম্পদ দেশৰ _______।

উত্তৰঃ প্ৰাকৃতিক সম্পদ দেশৰ গৌৰৱ

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop