🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Environment Chapter 9 | পৰিৱেশ প্ৰদূষণ Question and Answer |

Chapter 9

পৰিৱেশ প্ৰদূষণ

যেতিয়া কোনাে এখন ঠাইৰ বায়ু , পানী আৰু মাটিৰ প্রকৃত গুণাগুণ নষ্ট হয়। তেতিয়াই আমি সেই ঠাইখন প্ৰদূষিত বুলি কওঁ। বায়ু প্ৰদূষিত হয় বিষাক্ত ধোঁৱা আৰু গেছবােৰৰ বাবে। বায়ুৰ ধর্ম নষ্ট হলে উশাহ-নিশাহত কষ্ট হয়। বায়ু প্ৰদূষণৰ কাৰণে গােলকীয় উত্তাপ বৃদ্ধি হয়। পানী মানুহৰ বিভিন্ন কামৰ বাবে তথা জলচৰ জীৱৰ বাবে জীৱন ৰেখা। পানী যেতিয়া বৰণযুক্ত বা দুর্গন্ধময় হয়, তেতিয়া সেই পানীক আমি দূষিত বুলি কওঁ। দূষিত পানীত বেমাৰৰ বীজাণু উৎপন্ন হয়। সেইদৰে মানুহে প্লাষ্টিক, ৰবৰ অলাগতীয়াল মটৰৰ চকা আদি পেলাই মাটিৰ গুণ নষ্ট কৰে। ৰাসায়নিক সাৰ আৰু তৈলজাত সামগ্ৰীয়েও মাটিৰ অনিষ্ট কৰে। বায়ু, পানী আৰু মাটি এইদৰে অনিষ্ট হােৱা মানে স্থানীয় পৰিৱেশ প্ৰদূষিত হােৱা। আজিকালি গাড়ী-মটৰ আৰু কাৰখানাৰ পৰা সৃষ্টি হােৱা বিষাক্ত ধোঁৱা আৰু গেছে সেউজগৃহৰ প্ৰভাৱ বিস্তাৰিত কৰিছে। সেউজগৃহৰ গেছবিলাকৰ ভিতৰত কার্বন-ডাই-অক্সাইড, কার্বন-মন’অক্সাইড, নাইট্রাছ-অক্সাইড, মিথেন আদিয়েই প্রধান।

১। প্ৰদূষিত কাক বোলে?

উত্তৰঃ যেতিয়া কোনো এখন ঠাইৰ বায়ু, পানী আৰু মাটিৰ প্ৰকৃত গুণাগুণ নষ্ট হয় তেতিয়াই আমি সেই ঠাইখন প্ৰদূষিত বোলে।

২। বায়ু প্ৰদূষিত কিয় হয়?

উত্তৰঃ বিষাক্ত ধোঁৱা আৰু গেছবোৰৰ বাবে বায়ু প্ৰদূষিত হয়।

৩। মানুহৰ উশাহ-নিশাহত কেতিয়া কষ্ট হয়?

উত্তৰঃ যেতিয়া বায়ুৰ ধৰ্ম নষ্ট হয় তেতিয়া মানুহৰ উশাহ-নিশাহ লোৱাত কষ্ট হয়।

৪। বায়ু প্ৰদূষণ হ’লে কি হয়?

উত্তৰঃ বায়ু প্ৰদূষণ হ’লে গোলকীয় উত্তাপ বৃদ্ধি হয়।

৫। দূষিত পানী কাক বোলে?

উত্তৰঃ পানী যেতিয়া বৰণযুক্ত বা দূৰ্গন্ধময় হয়, তেতিয়া সেই পানীক দূষিত বোলে।

৬। দূষিত পানীত কি উৎপন্ন হয়?

উত্তৰঃ দূষিত পানীত বেমাৰৰ বীজাণু উৎপন্ন হয়।

৭। কেনেকুৱা ধৰণৰ সামগ্ৰীবোৰে মাটি অনিষ্ট কৰে?

উত্তৰঃ ৰাসায়নিক সাৰ, অলাগতিয়াল মটৰৰ চকা, তৈলজাত আদি সামগ্ৰীবোৰে মাটি অনিষ্ট কৰে।

৮। সেউজগৃহ প্ৰভাৱ কোনে বিস্তাৰিত কৰিছে?

উত্তৰঃ গাড়ী-মটৰ আৰু কাৰখানাৰ পৰা সৃষ্টি হোৱা বিষাক্ত ধোঁৱা আৰু গেছে সেউজগৃহ প্ৰভাৱ বিস্তাৰিত কৰিছে।

৯। সেউজগৃহ প্ৰধান গেছ কেইটাৰ নাম লিখা।

উত্তৰঃ সেউজগৃহ প্ৰধান গেছ কেইটাৰ নাম হ’ল – কাৰ্বন-ডাই-অক্সাইড, কাৰ্বন-মন’অক্সাইড, নাইট্ৰাছ-অক্সাইড, মিথেন আদি।

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop