🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Environment Chapter 10 | প্ৰদূষণ ৰোধ কেনেকৈ সম্ভৱ Question and Answer |

Chapter 10

প্ৰদূষণ ৰোধ কেনেকৈ সম্ভৱ

প্ৰদূষণ ৰােধ কৰিবলৈ হ’লে আমি সকলােৱে নিজৰ ঠাই খনক ভালপাব লাগিব। প্রয়ােজন মতে গছপুলি ৰােপণ কৰি যত্ন কৰিব লাগিব। গছে বেয়া গেছবােৰক শােষণ কৰিব পাৰে। বায়ু প্ৰদূষণ নহ’বৰ বাবে প্রদূষণ সৃষ্টি হােৱা ঠাইত সাৱধানতা অৱলম্বন কৰিব লাগিব। সকলাে ছাত্র ছাত্রীয়ে গছ-গছনিবোৰত কি কি জীৱ-জন্তুৰ আশ্রয় সেয়া জানিব লাগিব। তেতিয়াহে গছৰ প্রতি আদৰ বাঢ়িব। যিকোনাে বস্তু নলা-জলাশয় বা নদীত পেলাব নালাগে। বেয়াবস্তু পেলালে নলাৰ পানী বন্ধ হৈ যায় আৰু জলাশয়ৰ পানীৰ গুণাগুণ নষ্ট হ’ব ধৰে। কাৰখানা সমূহৰ পৰা যাতে বিষাক্ত গেছ আৰু লেতেৰা পানী পােনে। পােনে ক্রমে বায়ুলৈ আৰু জলাশয়লৈ আহিব নােৱাৰে সেই ব্যৱস্থা হ’ব লাগে। প্ৰদূষিত পৰিৱেশে মহামাৰী ৰােগ সহজে বিয়পায়। আচার্য-আচার্যাসকলে ছাত্ৰ-ছাত্ৰী সকলৰ লগত পষেকত এবাৰকৈ ঠাইখনৰ বিষয়ে মুকলি আলােচনা কৰিব লাগে।

১। বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ আমি কি কৰিব লাগে?

উত্তৰঃ বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ আমি গছপুলি ৰোপণ কৰিব লাগিব। প্ৰদূষণ সৃষ্টি হোৱা ঠাইত সাৱধানতা অৱলম্বন কৰিব লাগিব।

২। বেয়াবস্তু নলাত পেলালে কি হয়?

উত্তৰঃ বেয়া বস্তু নলাত পেলালে পানী বন্ধ হৈ যায় আৰু জলাশয়ৰ পানীৰ গুণাগুণ নষ্ট হয়।

৩। কিহে মহামাৰী ৰোগ সহজে বিয়পায়?

উত্তৰঃ প্ৰদূষিত পৰিৱেশে মহামাৰী ৰোগ সহজে বিয়পায়।

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop