SVN Class 3 Environment Chapter 13 | উদ্ভিদ আৰু প্ৰাণীৰ বংশ বৃদ্ধি Question and Answer |

Chapter 13

উদ্ভিদ আৰু প্ৰাণীৰ বংশ বৃদ্ধি

উদ্ভিদ আৰু প্রাণী উভয়ে বংশ বৃদ্ধি কৰে। উদ্ভিদে সাধাৰণতে বীজৰ দ্বাৰা বংশ বৃদ্ধি কৰে। কিছুমান উদ্ভিদৰ বীজ ফুলৰ ভিতৰত সােমাই থাকে। যেনে- ডালিম, লিচু, মধুৰিআম, আম ইত্যাদি। কিছুমান উদ্ভিদে নিজৰ শিপাৰ পৰা নতুন গছ তৈয়াৰ কৰে। আনহাতে কিছুমান গছৰ ডাল কাটি আনি বেলেগকৈ ৰুই থ’লেও পুনৰ নতুন গছ হয়। প্রাণীবােৰে বংশ বৃদ্ধিৰ বাবে কণী পাৰে বা পােৱালী জগায়। উভচৰ, সৰীসৃপ আৰু চৰাইবােৰে কণী পাৰি পােৱালী জগায়। উচ্চ খাপৰ প্রাণীবােৰে পােৱালী জন্ম দিয়ে। চৰায়ে কণী পাৰি বুকুৰ উম দি কণীৰ পৰা পােৱালী জগায়। পােৱালীবােৰক মাক-বাপেকে মুখে মুখে খাদ্য খুৱায়। আনহাতে পােৱালী জন্ম দিয়া মাকে নিজৰ গাখীৰ খুৱাই। পােৱালী ডাঙৰ দীঘল কৰে। যেনে — গৰু, কুকুৰ, হাতী, ঘোঁৰা, বান্দৰ, মানুহ ইত্যাদি।

১। উদ্ভিদে সাধাৰণতে কিহৰ দ্বাৰা বংশ বৃদ্ধি কৰে?

উত্তৰঃ উদ্ভিদে সাধাৰণতে বীজৰ দ্বাৰা বংশ বৃদ্ধি কৰে।

২। কোনবোৰ উদ্ভিদৰ বীজ ফুলৰ ভিতৰত সোমাই থাকে?

উত্তৰঃ উদ্ভিদৰ বীজ ফুলৰ ভিতৰত সোমাই থকা কিছুমান উদ্ভিদৰ নাম হ’ল- ডালিম, লিচু, মধুৰিআম, আম আদি।

৩। কোনবোৰ প্ৰাণীয়ে পোৱালি জগায়?

উত্তৰঃ উভচৰ, সৰীসৃপ আৰু চৰাইবোৰে পোৱালী জগায়।

৪। উচ্চ খাপৰ প্ৰাণীবোৰে নিজৰ পোৱালীক কেনেদৰে খাদ্য খুৱায়? সিহঁতৰ উদাহৰণ দিয়া।

উত্তৰঃ উচ্চ খাপৰ প্ৰণীবোৰে নিজৰ পোৱালীক মুখে মুখে খাদ্য খুৱায়। পোৱালী জন্ম দিয়া মাকে নিজৰ গাখীৰ খুৱাইও নিজৰ পোৱালীক ডাঙৰ দীঘল কৰে। যেনে- গৰু, কুকুৰ, হাতী, ঘোঁৰা, বান্দৰ, মানুহ আদি।

Type: Pompi Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping