🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

SVN Class 3 Environment Chapter 14 | পৰিৱেশৰ সংকেত Question and Answer |

Chapter 14

পৰিৱেশৰ সংকেত

প্রকৃতিত থকা উদ্ভিদ আৰু প্রাণীবােৰে স্থানীয় পৰিৱেশৰ সংকেত দিয়ে। সকলাে উদ্ভিদ বা সকলাে প্রাণী সকলাে ঠাইতে নাথাকে। কোনাে এলেকাৰ পৰা আগতে থকা উদ্ভিদ নাইকিয়া হােৱা মানে বন্য জীৱ কিছুমানৰ খাদ্য আৰু নিৰাপত্তা নাইকিয়া হােৱা। উদ্ভিদৰ আশ্ৰয়তহে প্রাণী থাকে। সেয়ে কিবা এবিধ প্রাণী নােহােৱা মানে প্রাণী বিধে জীয়াই থকাৰ সম্বল হেৰুওৱা বুজায়। প্রত্যেকটো প্রাণীৰ প্ৰজাতিয়ে জানে কেনে পৰিৱেশ সিহঁতৰ বাবে সুস্থিৰ। সেয়ে সকলাে সুবিধা পােৱা ঠাইতহে প্রাণী বৰ্তি থাকে। ঘাঁহনিত ঘাঁহ নাইকিয়া হলে ঘাঁহ খােৱা প্রাণীবোৰ ক’ৰবালৈ গুচি যায় অন্যথা মৃত্যু হ’ব। ঘাঁহ খােৱা প্রাণী নাথাকিলে আকৌ মাংসহাৰীৰ খাদ্য নােহােৱা হ’ব। মুঠতে উদ্ভিদ আৰু প্রাণীবােৰে পৰিৱেশৰ সুন্দৰ সংকেত মানুহলৈ প্রেৰণ কৰে।

১। স্থানীয় পৰিৱেশৰ সংকেত কোনে দিয়ে?

উত্তৰঃ প্ৰকৃতিত থকা উদ্ভিদ আৰু প্ৰাণীবোৰে স্থানীয় পৰিৱেশৰ সংকেত দিয়ে।

২। উদ্ভিদ থাকিলেহে ______ থাকিব।

উত্তৰঃ উদ্ভিদ থাকিলেহে প্ৰাণী থাকিব।

৩। যদি তৃণভোজী প্ৰাণী নোহোৱা হয় তেনেহলে কোনবোৰ প্ৰাণীৰ খাদ্য নোহোৱা হ’ব?

উত্তৰঃ যদি তৃণভোজী প্ৰাণী নোহোৱা হয় তেনেহ’লে মাংসভোজী প্ৰাণীৰ খাদ্য নোহোৱা হ’ব।  অৰ্থাৎ সেইবোৰ প্ৰাণীও মৃত্যু মুখত পৰিবলগীয়া হ’ব।

৪। তলৰ কোনটো খাদ্য় শৃংখল শুদ্ধ।

(ক) ঘাঁহ → মাংসভোজী → তৃণভোজী

(খ) তৃণভোজী → ঘাঁহ → মাংসভোজী

(গ) ঘাঁহ → তৃণভোজী → মাংসভোজী

উত্তৰঃ (গ) ঘাঁহ → তৃণভোজী → মাংসভোজী।

Type: Pompi Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop