Class 11 Geography Book Chapter 1 | (গোট ১) অধ্যায় ১ বিষয় হিচাপে ভূগোল বিজ্ঞান | MCQs Short Question Answer |

Chapter 1

বিষয় হিচাপে ভূগোল বিজ্ঞান

১। ‘ভূগোল বিজ্ঞান’ শব্দটো কোনজন পণ্ডিতে প্ৰথমে ব্যৱহাৰ কৰিছিল ?

(ক) গেলিলিঅ’

(খ) ইৰাটোছথেনিচ

(গ) এৰিষ্ট’টল

উত্তৰঃ (খ) ইৰাটোছথেনিচ

২।  তলত উল্লেখ কৰা কোনটো ‘প্ৰাকৃতিক অৱয়ব’ ।  

(ক) সমতল

(খ) বন্দৰ

(গ) পানীপাৰ্ক বা নাও-জাহাজ ৰখা ঠাই

উত্তৰঃ (ক) সমতল

৩। বৰ্তমানৰ পৃথিৱীখনক এখন গোলকীয় গাঁও বুলি ধৰা হয় নে নহয় ?

(ক) হয়

(খ) নহয়

উত্তৰঃ (ক) হয়

৪। সামাজিক ভূগোলৰ সম্পদ কোনটো?                               

(ক) জনভূগোল

(খ) বতৰ বিজ্ঞান

(গ) মাটিবিজ্ঞান

উত্তৰঃ (ক) জনভূগোল

৫। আঞ্চলিক ভূগোল বিজ্ঞান পথটো কোনে উলিয়াইছিল?

(ক) কাৰ্ল ৰিটাৰ

(খ) হিৰোডোটাছ

(গ) গেলিলিঅ’

উত্তৰঃ (ক) কাৰ্ল ৰিটাৰ

৬। প্ৰাকৃতিক ভূগোল ভাগ এটা লিখা?

(ক) অৰ্থনৈতিক ভূগোল

(খ) পৰিৱেশিক ভূগোল

(গ) জলবায়ু বিজ্ঞান

উত্তৰঃ (৩) জলবায়ু বিজ্ঞান

৭। বুৰঞ্জীমূলক ঘটনাবোৰক ভূগোলবিজ্ঞানে প্ৰভাৱিত কৰে নে?

(ক) কৰে

(খ) নকৰে

উত্তৰঃ (ক) কৰে

৮। জীৱ ভূগোলৰ ভাগ কোনটো ?                                                

(ক) প্ৰাণী ভূগোল

(খ) বুৰঞ্জীমূলক

(গ) ভূগোল বিজ্ঞান

উত্তৰঃ (ক) প্ৰাণী ভূগোল

৯। সময় লগলগাবলৈ চেষ্টা কৰা বিষয় কোনটো ?

(ক) সমাজ বিজ্ঞান

(খ) বুৰঞ্জী বিষয়

(গ) ভূগোল বিজ্ঞান

উত্তৰঃ (খ) বুৰঞ্জী বিষয়

১০। কিমান চনত ভূগোল শব্দটো পোনপ্ৰথমে ইৰাটোচথেনিচে দাঙি ধৰিছিল?

(ক) ২৭৬-১৯৪

(খ) ২৭৬-১৯৫

(গ) ২৭৬-১৯৬

উত্তৰঃ (ক) ২৭৬-১৯৪

১১। আলেকজেণ্ডাৰ ফন হামবণ্ট কোন দেশৰ ভোগোলবিদ আছিল?

(ক) ভাৰতৰ

(খ) জাপানৰ

(গ) জাৰ্মানীৰ

উত্তৰঃ (গ) জাৰ্মানীৰ

১২। ভূগোলৰ প্ৰধান বৈশিষ্ট্যহল দ্বৈতবাদ। সচাঁ নে মিছা-

(ক) সচাঁ

(খ) মিছা

উত্তৰঃ (ক) সচাঁ

১৩। আঞ্চলিক ভূগোল বিজ্ঞান অধ্যয়নৰ পথটো উলিয়াইছিল –

(ক) কাৰ্ল ৰিটাৰে

(খ) ইৰাটোচথেনিচে

(গ) আলেকজেণ্ডাৰ ফন হামবণ্টে

উত্তৰঃ (ক) কাৰ্ল ৰিটাৰে

১৪। ভূগোল বিজ্ঞান অধ্যয়ন কৰিবলৈ অধ্যয়ন কৰা পথ কেইপ্ৰকাৰৰ-

(ক) ২ প্ৰকাৰৰ

(খ) ৪ প্ৰকাৰৰ

(গ) ৬ প্ৰকাৰৰ

উত্তৰঃ (ক) ২ প্ৰকাৰৰ

১৫। ভূগোল বিজ্ঞানীৰ প্ৰধান সজুঁলি কি ?

(ক) জিয়দ

(খ) মানচিত্ৰ

(গ) কলা

উত্তৰঃ (খ) মানচিত্ৰ

১৬। সকলোবোৰ বিজ্ঞানৰ মল উদ্দেশ্য এটাই, সত্যৰ অন্বেষণ-

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১৭। ভূগোল বিজ্ঞান এটা বিষয় হিচাপে কেইটা প্ৰশ্নৰ লগত জড়িত ?

(ক) দুটা

(খ) তিনিটা

(গ) ছয়টা

উত্তৰঃ (খ) তিনিটা

১৮। ভৌগোলিক ঘটনাবোৰ স্থিৰনে ?

(ক) হয়

(খ) নহয়

উত্তৰঃ (খ) নহয়

১৯। ভূগোল কেই প্ৰকাৰৰ-

(ক) ২ প্ৰকাৰৰ

(খ) ৩ প্ৰকাৰৰ

(গ) ৯ প্ৰকাৰৰ

উত্তৰঃ (ক) ২ প্ৰকাৰৰ

২০। আলেকজেণ্ডাৰ ফন হামবণ্ট জাৰ্মানী দেশৰ ভূগোলবিদ আছিল, শুদ্ধ নে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping