পৰশুৰাম কুণ্ডৰ সৈতে জড়িত প্ৰবাদটো কি ?

উত্তৰঃ পৌৰাণিক আখ্য়ান অনুসৰি পৰশুৰামৰ পিতৃ জমদগ্নি ঋষিৰ আদেশ মৰ্মে পৰশুৰামে মাতৃ ৰেণুকাৰ শিৰশ্ছেদ কৰিছিল। পিছত পৰশুৰামৰ অনুৰোধ মৰ্মে জমদগ্নি ঋষিয়ে ৰেণুকাক পুনৰ জীৱন দান কৰিছিল। মাতৃ হত্য়াৰ পাপ মোচন কৰিবৰ বাবে পৰশুৰামে এই কুণ্ডৰ কাষত বহি তপস্য়াত নিমগ্ন হৈছিল অন্তত ব্ৰহ্মকুণ্ডত স্থান কৰি পাপ মোচন কৰিছিল। তেতিয়াৰে পৰাই কুণ্ডটোৰ নাম পৰশুৰাম কুণ্ড হয় ।

0
    0
    Your Cart
    Your cart is emptyReturn to Shop