🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

সৌৰজগতৰ কথা Chapter 18 | Class 4 Social Science Question and Answer |

১। গ্ৰহ আৰু নক্ষত্ৰৰ মাজত থকা প্ৰধান পাৰ্থক্য় কি?

উত্তৰঃ গ্ৰহ আৰু নক্ষত্ৰৰ মাজত থকা পাৰ্থক্য়সমূহ হ’ল – গ্ৰহৰ নিজা তাপ আৰু পোহৰ নাই, আনহাতে নক্ষত্ৰৰ নিজা তাপ আৰু পোহৰ আছে।

২। সৌৰজগত কাক বোলে?

উত্তৰঃ নক্ষত্ৰ সূৰ্যক কেন্দ্ৰ কৰি চাৰিওফালে নিৰন্তৰ ঘূৰি থকা আঠটা গ্ৰহ আৰু সেই গ্ৰহৰ উপগ্ৰহসমূহক লৈ যি পৰিয়ালৰ সৃষ্টি হৈছে তাকেই সৌৰজগত বোলা হয়। 

৩। মহাকৰ্ষণ শক্তি কি?

উত্তৰঃ গ্ৰহ আৰু নক্ষত্ৰবোৰৰ মাজত থকা আকৰ্ষণকে মহাকৰ্ষণ শক্তি বোলে।

৪। ৰঙা গ্ৰহ আৰু নীলা গ্ৰহ বুলি কোনকেইটা গ্ৰহক কোৱা হয়?

উত্তৰঃ মঙল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় আৰু আমাৰ পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়।

৫। সৌৰজগতৰ নতুনকৈ আৱিষ্কৃত গ্ৰহাণুকেইটাৰ নাম কি কি?

উত্তৰঃ সৌৰজগতৰ নতুনকৈ আৱিস্কৃত গ্ৰহাণুকেইটাৰ নাম হ’ল চেৰন, এৰিচ আৰু চেৰিচ।

৬। প্লুটো গ্ৰহ হয়নে?

উত্তৰঃ প্লুটো গ্ৰহ নহয়।

৭। সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটো কি?

উত্তৰঃ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটো হ’ল নেপচুন।

৮। সৌৰজগতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি?

উত্তৰঃ সৌৰজগতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ’ল বুধ।

৯। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি?

উত্তৰঃ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো নাম হ’ল বৃহস্পতি।

১০। চন্দ্ৰ গ্ৰহ নে উপগ্ৰহ?

উত্তৰঃ চন্দ্ৰ উপগ্ৰহ।

Autor By- Mayur Rani Kashyap

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop