জুবিন গাৰ্গৰ গীত হুৰ-হুৰ-হুৰাই দে

হুৰ-হুৰ-হুৰাই দে

আপোন পথাৰখন নোকলাই দে।

হুৰ-হুৰ-হুৰাই দে

আপোন পথাৰখন মোকলাই দে।

নমতা আলহীৰে টোতাল ভৰিছে

অনেক কথাৰে তোৰ খোপনি পুতিছে

থলুৱাৰ পৰিচয় নৰ’বগৈ

থলুৱা বুলি তোৰ চিনাকি দে।

হুৰ-হুৰ-হুৰাই- দে

আপোন পথাৰখন মোকলাই দে।

কোনবা কোঁচ, কোনজন ভৈয়াম

কোন আদিবাসী নে পাহাৰীয়া

ধৰি ল’ জোৰকৈ একেডাল জৰী

খিলঞ্জীয়া অসমীয়া

ৰজাঘৰীয়াকো জনাদেশ লাগে

ৰাজপাট বিচাৰি আলহীক নেৰে

মাটি ঘৰ পখাৰ আনে খাই ঐ

সিহণতক তোৰ ধমকিতো দে…

হুৰ-হুৰ-হিুৰাই দে

আপোন পথাৰখন মোকলাই দে।

চাৰিজন লগে হৈ দল এটি গঢ়িছে

জাতি এক বোলোতা সমাজখন জ্বলিছে

কাৰ এটি আহে যায়

মাথোঁ তোৰ মোৰ…

হৈছে তেজ ৰঙাকৈ তেজ

খোৱা কামোৰাকৈ আপোনজনক মৰিছে

অসমীয়া খিলঞ্জীয়া

হুৰ-হুৰ-হুৰাই দে

আুোন পথাৰখন মোকলাই দে।

0
    0
    Your Cart
    Your cart is emptyReturn to Shop