🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 Assamese Chapter 11 MCQs । অতীতক নাযাবা পাহৰি ।

অতীতক নাযাবা পাহৰি

Chapter 11

১. বিশিষ্ট প্ৰত্নতত্ত্ববিদ গৰাকীৰ নাম কি?

(ক) বিপিন চন্দ্ৰ দাস

(খ) সৰ্বপল্লি ৰাধাকৃষ্ণণ

(গ) চন্দ্ৰ কুমাৰ আগৰৱালা

উত্তৰঃ- (ক) বিপিন চন্দ্ৰ দাস

২. কিমান বছৰ পুৰণি সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ হিচাপে ধৰে?

(ক) ৫০০ বছৰ

(খ) ১০০ বছৰ

(গ) ২০ বছৰ

উত্তৰঃ- (খ) ১০০ বছৰ

৩. পোৰা মাটিৰ কুঁৱাৰ অৱশেষ ক’ত উদ্ধাৰ হৈছিল?

(ক) তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত

(খ) নগাওঁ জিলাত

(গ) মৰিগাঁৱত

উত্তৰঃ- (ক) তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত

৪. নটৰাজ মূৰ্তি ক’ত উদ্ধাৰ হৈছিল?

(ক) গুৱাহাটী মহাগুৱাহাটীৰ আমবাৰী অঞ্চলত

(খ) গোৱালপাৰা জিলাত

(গ) গোলাঘাট জিলাত

উত্তৰঃ– (ক) গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলত

৫. আহোম স্বৰ্গদেউৰ ৰাজকীয় সমাধিক্ষেত্ৰ মৈদামসমূহ ক’ত উদ্ধাৰ হৈছিল?

(ক) গুৱাহাটীৰ আমবাৰী অঞ্চলত

(খ) শিবসাগৰ জিলাৰ চৰাইদেউত

(গ) তেজপুৰত

উত্তৰঃ- (খ) শিবসাগৰ জিলাৰ চৰাইদেউত

৬. অ’ভাৰহেড প্ৰজেক্টৰটো কোনে সাজু কৰি দিছিল?

(ক) বিঞ্জান শিক্ষক ভূঞা ছাৰে

(খ) প্ৰধান শিক্ষকে

(গ) কোনেও সাজু কৰি দিয়া নাছিল

উত্তৰঃ- (ক) বিঞ্জান শিক্ষক ভূঞা ছাৰে

৭. অ’ভাৰহেড প্ৰজেক্টৰ মানে কি?

(ক) এবিধ প্ৰক্ষেপণ যন্ত্ৰ

(খ) এবিধ সাধাৰণ যন্ত্ৰ

(গ) এটাও নহয়

উত্তৰঃ- (ক) এবিধ প্ৰক্ষেপণ যন্ত্ৰ

৮. তীৰ্থ-স্থানৰ নাম কবলৈ কোন থিয় হৈছিল?

(ক) উত্তৰা

(খ) দক্ষিণা

(গ) ৰজিনা

উত্তৰঃ- (ক) উত্তৰা

৯. নটৰাজ মূৰ্তিটোৱে কাৰ পিঠিত উঠি নৃত্য়ৰত অৱস্থাত আছিল?

(ক) হাতীৰ পিঠিত

(খ) শিৱৰ বাহন নন্দীৰ পিঠিত

(গ) ঘোৰা পিঠিত

উত্তৰঃ- (খ) শিৱৰ বাহন নন্দীৰ পিঠিত

১০. তলৰ কোনবিধ প্ৰত্নতাত্ত্বিক সম্পদ

(ক) প্ৰাচীন মঠ-মন্দীৰ

(খ) কিতাপ

(গ) আধুনিক মন্দীৰ

উত্তৰঃ- (ক) প্ৰাচীন মঠ-মন্দীৰ

১১. বিদ্য়ালয়ৰ প্ৰধান শিক্ষক কোন?

(ক) কমল শৰ্মা

(খ) বিপিন চন্দ্ৰ দাস

(গ) চন্দ্ৰকান্ত দাস

উত্তৰঃ- (ক) কমল শৰ্মা

১২. প্ৰত্নতত্ত্ব  শব্দৰ অৰ্থ কি ?

(ক) প্ৰাচীন কালৰ মুদ্ৰা লিপি

(খ) আধুনিক কালৰ মুদ্ৰা লিপি

(গ) দুয়োটাই হয়

উত্তৰঃ- (ক) প্ৰাচীন কালৰ মুদ্ৰা লিপি

১৩. উদঘাটন শব্দৰ অৰ্থ কি?

(ক) মুকলি কৰা কাৰ্য

(খ) আৱদ্ধ কৰা কাৰ্য

(গ) পেলাই দিয়া কাৰ্য

উত্তৰঃ- (ক) মুকলি কৰা কাৰ্য

১৪. তলৰ কোনটো আপুৰুগীয়া সম্পদ হয়।

(ক) প্ৰাচীন মঠ-মন্দিৰ

(খ) বস্ত্ৰ

(গ) বাচন

উত্তৰঃ- (ক) প্ৰাচীন মঠ-মন্দিৰ

১৫. সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত?

(ক) গোৱালপাৰা জিলাত

(খ) মৰিগাঁও জিলাত

(গ) নগাঁও জিলাত

উত্তৰঃ- (ক) গোৱালপাৰা জিলাত

১৬. কি জিলাত পাগলাটেকত পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ হৈছে?

(ক) নগাঁও জিলাত

(খ) মৰিগাওঁ জিলাত

(গ) গোৱালপাৰা জিলাত

উত্তৰঃ- (গ) গোৱালপাৰা জিলাত

১৭. মঠ-মন্দিৰ, লিপি, বাচন-বৰ্তন, আ-অলংকাৰ আদি কি সম্পদ?

(ক) প্ৰাকৃতি সম্পদ

(খ) মানৱ সম্পদ

(গ) প্ৰত্নতাত্ত্বিক সম্পদ

উত্তৰঃ- (গ) প্ৰত্নতাত্ত্বিক সম্পদ

১৮. চিনাকি বিপৰিত শব্দ কি?

(ক) অচিনাকি

(খ) পুৰনি

(গ) প্ৰধান

উত্তৰঃ- (ক) অচিনাকি

১৯. প্ৰাৰম্ভতে প্ৰধান শিক্ষক কমল শৰ্মাই প্ৰত্নতত্ত্ববিদ কাৰ লগত সকলোকে চিনাকি কৰি দিয়ে?

(ক) ড° বিপিন

(খ) ড° দাস

(গ) ড° বৰুৱা

উত্তৰঃ- (খ) ড° দাস

২০. সকলো ছাত্ৰ-ছাত্ৰীয়ে থিয় হৈ তেখেতক কি জনালে?

(ক) নমস্কাৰ

(খ) শ্রদ্ধাঞ্জলি

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰঃ- (ক) নমস্কাৰ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop