🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম । পাঠ ১৯ । Chapter 19 | Class 7 Social Science Question And Answer Sankardev School | Class 7 Social Science Suggestion Sankardev School | Class 7 Social Science notes Sankardev School | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ভাৰতী সমাজ বিজ্ঞান সপ্তম মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ

গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম

পাঠ – ১৯

অনুশীলনী 

১। চমু উত্তৰ লিখা— 

(ক) প্ৰচাৰ বুলিলে কি বুজা ? 

উত্তৰঃ প্ৰচাৰ বুলি ক’লে কোনো খবৰ-বাতৰি, ঘটনা-পৰিঘটনা, আদেশ-উপদেশ আদি এজনৰপৰা আন এজনলৈ বা এঠাইৰপৰা আন এঠাইলৈ বিস্তাৰ হোৱা প্ৰক্ৰিয়াকে বুজা যায়।

(খ) প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি ?

উত্তৰঃ প্ৰচাৰ মাধ্যমৰ প্ৰধান ভাগ দুই প্ৰকাৰৰ। সেইকেইটা হ’ল-ছপা বা মুদ্ৰিত আৰু ইলেক্ট্ৰনিক বা বৈদ্যুতিক। বাতৰি কাকত, আলোচনী, কিতাপ ছপা বা মুদ্ৰিত মাধ্যম আৰু অনাতাঁৰ, দূৰদৰ্শন, ইন্টাৰনেট আদি ইলেক্ট্ৰনিক মাধ্যম।

(গ) গণমাধ্যম মানে কি ? উদাহৰণ দিয়া । 

উত্তৰঃ যিবোৰ প্ৰচাৰ মাধ্যমৰ পৰিসৰ বেছি আৰু অতি কম সময়ৰ ভিতৰত বহু লোকক খবৰ-বাতৰি যোগান ধৰিব পাৰে তাকে গণমাধ্যম বুলি কোৱা হয়। উদাহৰণ হ’ল- চলচ্চিত্ৰ আৰু নাটক।

(ঘ) প্রাচীন কালত ব্যৱহাৰ কৰা দুই প্রকাৰৰ প্ৰচাৰ মাধ্যমৰ নাম লিখা । 

উত্তৰঃ প্ৰাচীন কালত ব্যৱহাৰ হোৱা দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যমৰ নাম হ’ল- চৰাইৰ ঠেঙত বান্ধি উৰুৱাই দি বাতৰি পঠিওৱা আৰু ঢোল পিটি।

(ঙ) কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল ?

 উত্তৰঃ কম্পিউটাৰ ইংৰাজ বিজ্ঞানী চাৰ্লছ বেবেজে আৱিষ্কাৰ কৰিছিল।

২। উত্তৰ লিখা— 

(ক) দুটা প্রধান প্রচাৰ মাধ্যমৰ নাম লিখা । প্রচাৰ মাধ্যমসমূহে জনসাধাৰণক কেনে ধৰণে সহায় কৰে ? 

উত্তৰঃ দুটা প্ৰচাৰ মাধ্যমৰ নাম হ’ল – মুদ্ৰিত আৰু ইলেক্ট্ৰনিক। 

(খ) গণতন্ত্ৰত প্ৰচাৰ মাধ্যমসমূহে কেনে ধৰণৰ ভূমিকা পালন কৰে ? 

উত্তৰঃ

(গ) জনমত বুলিলে কি বুজা ? 

উত্তৰঃ যাৰ ফলত জনসাধাৰণে সমূহীয়া মতামত আগবঢ়াবলৈ সক্ষম হয় আৰু সামগ্ৰিক কল্যাণৰ বাবে যুক্তিসংগত মতামত প্ৰকাশ কৰে। এনে সমূহীয়া যুক্তিসংগত মতামতক জনমত বোলা হয়।

৩। খালী ঠাই পূৰ কৰা— 

(ক) প্ৰচাৰ মাধ্যমক কোৱা হয় গণতন্ত্ৰৰ …………….. স্তম্ভ ।

উত্তৰঃ চতুৰ্থ।

(খ) মানুহৰ মাজৰ …………….. প্রতিভা বিকাশত প্রচাৰ মাধ্যমসমূহে যথেষ্ট সহায় কৰে ।

উত্তৰঃ 

(গ) …………… ছপাশাল আৱিষ্কাৰ কৰিছিল ।

উত্তৰঃ জোহান গুটেনবাৰ্গে।

(ঘ) কম্পিউটাৰক অসমীয়াত ……………. যন্ত্র বুলি কোৱা হয় ।

উত্তৰঃ পৰিকলন যন্ত্ৰ। 

(ঙ) চৰকাৰ আৰু ………………. মাজৰ যােগসূত্র স্থাপনৰ প্রধান মাধ্যম হৈছে প্ৰচাৰ মাধ্যমসমূহ । 

উত্তৰঃ 

৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা— 

(ক) কনকলতা অসহযােগ আন্দোলন / ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিল । 

উত্তৰঃ কনকলতা ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিল।

(খ) অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে ঢােল / মাইকৰ ব্যৱহাৰ কৰিছিল । 

উত্তৰঃ অতীজত ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে ঢোল ব্যৱহাৰ কৰিছিল।

(গ) মুদ্রিত মাধ্যম হ’ল দূৰদৰ্শন / বাতৰি-কাকত । 

উত্তৰঃ মুদ্ৰিত মাধ্যম হ’ল বাতৰি-কাকত।

(ঘ) ইলেক্ট্রনিক মাধ্যম হ’ল কিতাপ / কম্পিউটাৰ ।

উত্তৰঃ ইলেক্ট্ৰনিক মাধ্যম হ’ল কম্পিউটাৰ।

 Type: সৌৰভ বৰা 

Author: Himashree Bora.
Post ID : DABP006069

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop