Class 10 Geography Book Chapter 5 জাপানৰ আঞ্চলিক ভূগোল Short Question Answer Type

১। জাপান এছিয়া মহাদেশৰ কোন প্ৰান্তত অৱস্থিত?

উত্তৰঃ পূব প্ৰান্তত অৱস্থিত।

২। বিশ্বৰ উন্নত দেশসমূহৰ ভিতৰত কোনখন দেশ অন্য়তম?

উত্তৰঃ জাপান দেশ।

৩। কি কি সমষ্টিয়েই জাপান দেশ?

উত্তৰঃ প্ৰশান্ত মহাসাগৰৰ উত্তৰ অংশত থকা বহুতো সৰু-ডাঙৰ দ্বীপৰ সমষ্টিয়েই হৈছে জাপান দেশ।

৪। জাপানৰ পুৰণি নাম কি?

উত্তৰঃ ইয়াৰ পুৰণি নাম ‘নিম্পন’, অৰ্থাৎ ‘সূৰ্যোদয়ৰ ভূমি’।

৫। জাপান কিহেৰে গঠিত?

উত্তৰঃ হ’কাইডো, হন্ছু, চিক’কু আৰু কিউছিউ- এই চাৰিটা প্ৰধান দ্বীপ আৰু ৰিউকিউ দ্বীপকে ধৰি আন বহুতো সৰু সৰু দ্বীপপুঞ্জেৰে জাপান গঠিত।

৬। জাপানৰ দ্বীপসমূহৰ ভিতৰত কোনটো দ্বীপ বৃহত্তম?

উত্তৰঃ হন্ছুৱেই দ্বীপ বৃহত্তম।

৭। কিমান খৃষ্টাব্দত সমগ্ৰ জাপান দ্বীপপুঞ্জক সম্ৰাট মেইজিয়ে নিজৰ অধিনলৈ আনি শাসন কৰিছিল?

উত্তৰঃ ১৮৬৮ খৃষ্টাব্দত।

৮। জাপান দেশ কি জলবায়ুৰ অন্তৰ্গত?

উত্তৰঃ নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত।

৯। উত্তৰা-দক্ষিণাকৈ জাপানৰ দৈৰ্ঘ্য় কিমান?

উত্তৰঃ ২৪০০ কিলোমিটাৰ।

১০। জাপানৰ মাটিকালি কিমান?

উত্তৰঃ ৩,৭৭,৭৬৫ বৰ্গ কিলোমিটাৰ।

১১। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য় অনুসৰি জাপানৰ মুঠ জনসংখ্য়া কিমান?

উত্তৰঃ ১২৮ নিযুত।

১২। জনসংখ্য়াৰ ক্ষেত্ৰত জাপান কেই নম্বৰ বৃহৎ দেশ?

উত্তৰঃ দশম বৃহৎ দেশ।

১৩। জাপানৰ ৰাজধানী কি?

উত্তৰঃ টকিঅ’।

১৪। জাপানৰ প্ৰধান চাৰিটা দ্বীপক কি পৰ্বতমালাই আগুৰি আছে?

উত্তৰঃ ধেনুভিৰিয়া পৰ্বতমালাই আগুৰি আছে।

১৫। দেশখনৰ কিমান শতাংশ ঠাই পৰ্বতময়?

উত্তৰঃ ৭৫ শতাংশ ঠাই।

১৬। জাপানৰ ভূ-প্ৰকৃতি প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰা হৈছে আৰু কি কি?

উত্তৰঃ জাপানৰ ভূ-প্ৰকৃতি প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰা হৈছে।যেনে- উত্তৰৰ পৰা দক্ষিণলৈ সেই ভাগকেইটা হ’ল ১) হ’কাইডো অঞ্চল, ২) উত্তৰ-পূৱ জাপান অঞ্চল, ৩) মধ্য় জাপান অঞ্চল আৰু ৪) দক্ষিণ-পশ্চিম জাপান অঞ্চল।

১৭।  উত্তৰ-পূৱ জাপান আৰু দক্ষিণ-পশ্চিম জাপান一 এই অঞ্চল দুটাক পুণৰ কেইটা ভাগত বিভক্ত কৰিছে?

উত্তৰঃ এই অঞ্চল দুটাক পুণৰ দুটা অঞ্চলত বিভক্ত কৰিছে। পূবা-পশ্চিমাকৈ অন্তঃ অঞ্চল আৰু বহিঃ অঞ্চল হিচাপে বিভক্ত কৰিছে। 

১৮। হ’কাইডো অঞ্চল কিহেৰে গঠিত?

উত্তৰঃ জাপানৰ একেবাৰে উত্তৰ অংশত থকা প্ৰধান দ্বীপ হ’কাইডোৰে এই অঞ্চল গঠিত।

১৯। এই অঞ্চলৰ ভূ-প্ৰকৃতি কেনেধৰণৰ?

উত্তৰঃ এই অঞ্চলৰ ভূ প্ৰকৃতি পৰ্বতময়।

২০। আচাহিডাকে শৃংগৰ উচ্চতা কিমান মিটাৰ?

উত্তৰঃ ২,২৯০ মিটাৰ।

২১। এই অঞ্চলৰ দুটা উল্লেখযোগ্য় সমভূমিৰ নাম লিখা?

উত্তৰঃ টকাছি আৰু কনছেন সমভূমি।

২২। এই অঞ্চলৰ কেইখনমান উল্লেখযোগ্য় নগৰৰ নাম লিখা?

উত্তৰঃ চাপ’ৰো, কুচিৰো, মুৰ’ৰাণ, আচাহিগাৱা, হাকোডাটো আদি। 

২৩। উত্তৰ-পূব জাপান অঞ্চল কিহেৰে গঠিত?

উত্তৰঃ হন্ছু দ্বীপৰ উত্তৰ অংশক লৈয়েই উত্তৰ-পূব জাপান অঞ্চল গঠিত।

২৪। এই অঞ্চলত থকা দুটা সমান্তৰাল পৰ্বতশ্ৰণীৰ নাম লিখা?

উত্তৰঃ আও আৰু উট্ছু পৰ্বত।

২৫। এই অঞ্চলৰ কেইখনমান প্ৰধান নগৰৰ নাম লিখা?

উত্তৰঃ আওমিৰা, আকিটা, মৰিওকা, হাচিনোহে, চেণ্ডাই, কোৰিয়ামা, আৰু য়ামাগোটা।

২৬। মধ্য় জাপান কাক বোলে?

উত্তৰঃ হন্ছু দ্বীপৰ মধ্য় অংশকে মধ্য় জাপান বোলা হয়।

 ২৭। এই অঞ্চলৰ পূৱত থকা উচ্চ অংশটো কি পৰ্বত নামেৰে জনাজাত?

উত্তৰঃ হিদা পৰ্বত নামেৰে জনাজাত।

২৮। জাপানীসকলৰ এটা পবিত্ৰ পৰ্বত-শৃংগৰ নাম লিখা?

উত্তৰঃ মাউন্ট ফুজি তেওঁলোকৰ এটা পবিত্ৰ শৃংগ।

২৯। এই শৃংগটো কিহেৰে গঠিত?

উত্তৰঃ লাভাৰে গঠিত।

৩০। সমুদ্ৰ-পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা কিমান?

উত্তৰঃ ৩,৭৭৬ মিটাৰ।

৩১। মধ্য় জাপানৰ দুটা উল্লেখযোগ্য় সমভূমিৰ নাম লিখা?

উত্তৰঃ কান্টো আৰু নবি।

৩২। কোন অঞ্চলৰ প্ৰৰ্বতশ্ৰণী দেশৰ ভিতৰত আটাইতকৈ দীঘল?

উত্তৰঃ দক্ষিণ-পশ্চিম জাপান অঞ্চলৰ পৰ্বতশ্ৰেণী দেশৰ ভিতৰতে আটাইতকৈ দীঘল।

৩৩। জাপানৰ জনসংখ্য়াৰ গঢ় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান?

উত্তৰঃ ৩৩৮ জন।

৩৪। বৰ্তমান টকিঅ’ৰ জনসংখ্য়া কিমান?

উত্তৰঃ ৩ কোটিৰো অধিক।

৩৫। ঔদ্য়োগিক উৎপাদনৰ ক্ষেত্ৰত  জাপানৰ স্থান সমগ্ৰ বিশ্বৰ ভিতৰত কিমান?

উত্তৰঃ দ্বিতীয়।

৩৬। মৎস্য় উৎপাদনত পৃথিৱীৰ ভিতৰত প্ৰথম স্থান কোনখন দেশে অধিকাৰ কৰিছে?

উত্তৰঃ  জাপান দেশে।

৩৭। জাপানত কৰা দুবিধ কৃষিৰ নাম লিখা।

উত্তৰঃ বেদিকা কৃষি, আৰু মিশ্ৰকৃষি।

৩৮। জাপানৰ প্ৰধান কৃষিশস্য় কি?

উত্তৰঃ ধান।

৩৯। পশ্চিম কান্টো অঞ্চল কিহৰ বাবে বিখ্য়াত?

উত্তৰঃ নুনী গছৰ বাবে। 

৪০। হ’কাইডো অঞ্চলৰ প্ৰধান শস্য় কি?

উত্তৰঃ ধান।

৪১। ওছাকা-কোবে-কিওটো উদ্য়োগক কিয় কিন্কি উদ্য়োগ বুলি জনা যায়?

উত্তৰঃ এই উদ্য়োগ অঞ্চলটোৱে কিন্কি সমতলভাগ আগুৰি আছে সেয়ে ইয়াক কিন্কি উদ্য়োগ অঞ্চল বুলি জনা যায়।

৪২। ওছাকা আৰু কিওটা কিহৰ বাবে দেশৰ ভিতৰতে প্ৰখ্য়াত?

উত্তৰঃ বয়ন আৰু হস্তশিল্পৰ ক্ষেত্ৰত।

৪৩। নাগোয়া উদ্য়োগ অঞ্চল কিহৰ বাবে বিখ্য়াত?

উত্তৰঃ পাট, উণ আৰু কপাহী বয়ন সিল্পৰ বাবে প্ৰখ্য়াত।

৪৪। উত্তৰ কিউছিউ উদ্য়োগ অঞ্চল কিহৰ ক্ষেত্ৰত আগবঢ়া?

উত্তৰঃ লো-তীখাভিত্তিক বৃহৎ উদ্য়োগৰ ক্ষেত্ৰত আগবঢ়া।

৪৫। কোনটো উদ্য়োগ অঞ্চলক জাপানৰ ‘ডেট্ৰইট’ বুলি জনা যায়?

উত্তৰঃ নাগোয়া উদ্য়োগ অঞ্চলক।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping