🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 6 Assamese Book Chapter 20 Answer | Sankardev School Class 6 Assamese Book Chapter 20 শিলৰ চোলা Question Answer |

শিলৰ চোলা 

Chapter 20

১। শব্দ অৰ্থ 

অজৰ-অমৰ – বুঢ়ো নোহোৱা বা নমৰা 

মেজাঙ্কৰি – আদাকৰি গছৰ পাত খােৱা মুগা এবিধ গছ। ইয়াৰ পাত মুগা পলুয়ে খায়। মেজাঙ্কৰি পাটৰ মনােমােহা কাপােৰ অতীজত অসমৰপৰা ৰপ্তানি কৰা হৈছিল, ৰজা আৰু সম্রান্তলােকে এই বস্ত্র ব্যৱহাৰ কৰিছিল। মেজাঙ্কৰি গছৰ গুটিৰপৰা উৎপাদন কৰা তেলত “ চিত্রল’ নামৰ উপাদান থাকে আৰু ইয়াৰ পৰা ঔষধ প্রস্তুত কৰা হয়। সেয়ে মেজাঙ্কৰি এবিধ অর্থকৰী গছ। ইয়াক স্থায়ীভাৱে আদাকৰি গছ বুলিও জনা যায়।

বাব – পদবী 

প্ৰাণদণ্ড – মৃত্যু ঘটাবলৈ দিয়া আদেশ 

অবুজন – বুজিবলৈ ইচ্ছা নকৰা লোক 

কবিৰাজ – আয়ুৰ্বেদ পদ্ধতিৰে চিকিৎসা কৰা লোক 

যুদ্ধ-বিগ্ৰহ – ৰণ 

পুথি-পাঁজি – কিতাপ 

সমস্যা – জটিল বিষয় 

উধাতু খোৱা – ভয়তে উশাহ ল’ব নোৱৰা অৱস্থা 

অসম্ভৱ – যিটো সম্ভৱ নহয়

বিষণ্ণ – বেজাৰমুৱা 

ৰাজসভা – ৰজাৰ সভা 

সকাম – প্ৰয়োজন  

২। চমু উত্তৰ দিয়াঃ

(ক) শিলৰ মূৰ্তিটো কোনে সজাইছিল?

উত্তৰঃ- শিলৰ মূৰ্তিটো জলাদিত্যই সজাইছিল।

(খ) শিলাদিত্যৰ ককাদেউতাকৰ নাম কি আছিল?

উত্তৰঃ- শিলাদিত্যৰ ককাদেউতাকৰ নাম জলাদিত্যই আছিল।

(গ) ৰজা শিলাদিত্য শিলৰ চোলা কিয় পিন্ধিব খুজিছিল?

উত্তৰঃ- ৰজা শিলাদিত্য শিলৰ চোলা পিন্ধিব খুজিছিল কাৰণ তেওঁ ভাবিছিল শিলৰ চোলা শিলৰ দৰেই অজৰ-অমৰ হ’ব পাৰে।

(ঘ) ৰজা শিলাদিত্যৰ মন্ত্ৰী জীয়েকৰ নাম কি আছিল?

উত্তৰঃ- ৰজা শিলাদিত্যৰ মন্ত্ৰী জীয়েকৰ নাম মনোমতী আছিল।

(ঙ) মনোমতীয়ে ৰজাক কি কথা কৈ পিতাকৰ জীৱন ৰক্ষা কৰিলে?

উত্তৰঃ- মনোমতীয়ে ৰজাক পানীৰ বেজীৰেহে শিলৰ চোলা সীব পাৰি বুলি কৈ পিতাকৰ জীৱন ৰক্ষা কৰিলে।

(চ) শিলৰ চোলা দিব নোৱাৰিলে মন্ত্ৰীক কি শাস্তি দিব বুলি ৰজাই কৈছিল?

উত্তৰঃ- শিলৰ চোলা দিব নোৱাৰিলে মন্ত্ৰীক মৃত্যুদণ্ড দিব বুলি ৰজাই কৈছিল।

৩। নাটিকাখন ভালকৈ পঢ়া আৰু নাটিকাখনৰ কাহানীটো সাধুৰ ৰূপত লিখা।

উত্তৰঃ এদিন ৰজা শিলাদিত্য এটা শিলৰ মূৰ্তিৰ আগচত থিয় দি আছে। তেতিয়াই শিলাদিত্যই তেওঁৰ মন্ত্ৰীক সুধিলে সেই মূৰ্তিটো কোনে সাজিছিল বুলি। তেতিয়া মন্ত্ৰীজনে কৈছিল এই মূৰ্তীটো ৰজা শিলদিত্যৰ ককা-দেউতাক জলাদিত্যই সাজিছিল। তেতিয়াই শিলাদিত্যই কৈছিল ককাদেউতা মৰি গ’ল, কিন্তু তেওঁ নিৰ্মাণ কৰা শিলৰ মূৰ্তিটো আজিও ভাল হৈ আছে। কাপোৰবোৰ আজিও ফাটাভাল হৈ আছে, নাফাটেও নিছিগেও। মন্ত্ৰীজনে ক’লে শিলৰ কাপোৰ ক’ত ফাটিব। তেতিয়া শিলাদিত্যই ক’লে এনেকোৱা শিলৰ কাপোৰ যদি ককাদেউতাই পিন্ধিলে হয় তেনেহ’লে তেওঁ অমৰ হৈ গ’ল হয়। তেতিয়া মন্ত্ৰীজনে ক’লে যে মানুহ অমৰ নহয় মহাৰাজ। ৰজাই ক’লে মোক এনেকোৱা শিলৰ চোলা লাগিব। মন্ত্ৰীজনে ক’লে মহাৰাজ শিলৰ চোলা শিলৰ মূৰ্তিয়েহে পিন্ধে মানুহে নিপিন্ধে। তেতিয়া ৰজাই খংত ক’লে মোক সাঁতদিনৰ ভিতৰত এটা শিলৰ চোলা লাগিব, আৰু যদি বনায় আনি দিব লোৱাৰা তেনেহ’লে মৃত্যু দণ্ড দিয়া হ’ব। মন্ত্ৰীজনে হুমুনিয়াহ কাঢ়ি ক’লে হ’ব মহাৰাজ। 

               মন্ত্ৰী ঘৰলৈ আহিল। তেওঁৰ তজায়েক মনোমতীয়ে তেওঁক সুধিলে কিবা হৈছে নেকি দেউতা? তুনি বৰ দুখমনেৰে ঘৰত সোমাইছা। দেশত কিবা যুদ্ধ হৈছে নেকি? তেতিয়া মন্ত্ৰীয়ে ক’লে যুদ্ধ হোৱা নাই। মোৰহে মৰণৰ দিন কাষ চাপি আহিছে। তেতিয়া মনোমতিয়ে ক’লে যদিহে গা অসুখ কৰিছে তেনেহ’লে মই কবিৰাজক মাতি আনো। তেতিয়া মন্ত্ৰীয়ে ক’লে মোৰ গা অসুখ কৰা নাই, মহাৰাজক যদি মই সাত দিনৰ ভিতৰত শিলৰ চোলা সাঁজি দিব নোৱাৰো তেনেহ’লে মোক তেওঁ মৃত্যু দণ্ড দিব। তেতিয়া মনোমতী ক’লে আপুনি এই সাত দিন ঘৰতে পুথি-পাঁজি পঢ়ি থাকক এি সমস্যটো মই সমাধান কৰিম।

        ছয়দিনৰ পাছত ৰাজা ৰাজ সভাত বহি থকাৰ সময়ত ক’লে আজি সাত দিন হ’ল আজিলৈ মন্ত্ৰীয়ে চোলাটো অনা নাই। খবৰ লবলৈ পঠাওতে জীয়েকে ক’লে দেউতাকে হেনো সূতা কাতি আছে। এনেতে দুৱৰী ক’লে মন্ত্ৰীৰ জীয়েক দুৱাৰ মুখত ৰৈ আছেহি। ৰজাই ক’লে হাতত কিবা বস্তু লৈ আহিছে নেকি? দুৱৰীয়ে ক’লে নাই। ৰজাই ক’লে পঠিয়াই দে তাইক। দুৱৰী যোৱাৰ লগে লগে মনোমতী জঁপিয়াই জঁপিয়াই ৰাজমহললৈ সোমাই আহিল আৰু ক’লে মহাৰাজৰ জয় হওক, ৰজাই তাইক সুধিলে চোলাটো হ’লনে তাই ক’লে চোলাটো অতি সোনকালে হ’ব। কিন্তু এটা সমস্য আছে। এটা বস্তপৰ বাবেই চোলাটো হোৱা নাই। সেই বস্তুটো নিবলৈ মই ৰাজমহললৈ আহিছো। তাইৰ কথাখিনি শুনি ৰজাই ক’লে যোৱা ৰাজমহলত কোনো বস্তুৰ আকাল নাই তাত গৈ সেই বস্তুটো লৈ যোৱা। তেতিয়া মনোমতীয়ে ক’লে সেই বস্তুটো ৰাজমহলত নাই। বজাই সুধিলে সেই বস্তুটো কি? তেতিয়া মনোমতীয়ে ক’লে দেউতাক এটা পানীৰ বেজীৰ প্ৰয়োজন। সেইটো হ’লেই চোলাটো সম্পূৰ্ণ হৈ যাব। তেতিয়া ৰজাই ক’লে পানীৰ বেজী বনোৱা সম্ভৱ জানো, মন্ত্ৰীয়েনো এনে অসম্ভৱ বস্তু কিয় বিচাৰিছে? অ বুজিলো শিলৰ চোলা সীৰুৱাটো সিমানেই অসম্ভৱ চাগৈ। মনোমতীয়ে ক’লে দেউতাই পানীৰ বেজীৰ বাবে ৰৈ আছে, আপুনি যদি… তেতিয়া ৰজাই হাঁহি মাৰি ক’লে তুমি বহুত বুদ্ধিয়ক ছোৱালী। দেউতাক ৰাজসভালৈ আহিব কোৱা আৰু দেউতাক ক’বা পানীৰ বেজীও নাই আৰু মোক শিলৰ চোলাও নালাগে। তেতিয়া মনোমতীয়ে ৰজাৰ সেৱালৈ ৰাজ প্ৰসাদৰ পৰা ওলায় গ’ল।

বাক্য ৰচনা কৰাঃ

ঘৰ-দুৱাৰ – ঘৰ-দুৱাৰ নথকা লোকক অঘৰী বোলে। 

অজৰ-অমৰ – মহাত্মা গান্ধী মৰিলে যদিও তেওংৰ ভাল কামৰ বাবে তেওঁ আজিও সকলোৰে মাজত অজৰ-অমৰ হৈ আছে। 

আথে-বেথে –  ৰিমাই কেঁচুৱাটোক আথে-বেথে তুলি লৈছিল। 

যুদ্ধ-বিগ্ৰহ – যুদ্ধ-বিগ্ৰহ হ’লে বহুতো মানুহ মৰে।  

পুথি-পাঁজি – ৰিমাই পুথি-পাঁজি পঢ়ি বৰ ভাল পায়।

Mampi Kakati 

Post ID :DABP006080

*****

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop