🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Sankardev Class 7 Social Science Chapter 10 ভাৰতৰ কৃষি Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

ভাৰতৰ কৃষি

অধ্যায় ১০

১। কৃষিপ্ৰধান দেশ বুলি কাক কোৱা যায়?

উত্তৰঃ ভাৰতবৰ্ষক কৃষিপ্ৰধান দেশ বুলি কোৱা হয়।

২। ভাৰতৰ অৰ্থনীতিৰ মূল আধাৰ কি?

উত্তৰঃ কৃষি ভাৰতৰ অৰ্থনীতিৰ মূল আধাৰ।

৩। গহন কৃষি কৰিলে কি হয়?

উত্তৰঃ জনসংখ্যা বেছি, কিন্ত মাটি কম হয়।

৪। গহন কৃষি পদ্ধতি কাক বোলে?

উত্তৰঃ  জনসংখ্যা বেছি আৰু মাটি কম ঠাইত যি কৃষি কৰা হয় তাকে গহন কৃষি পদ্ধতি বোলা হয়।

৫। আৰ্দ্ৰ কৃষি কাক বোলা হয়?

উত্তৰঃ প্ৰচুৰ বৰষুণ হোৱা অঞ্চলসমূহত, বৰ্ষাকালত শস্যৰ বীজ, ৰোপণ কৰি শৰৎ কাল বা শীল কালত শস্য সংগ্ৰহ কৰিব পৰাকৈ যি কৃষি হয় তাকে আৰ্দ্ৰ কৃষি বোলা হয়।

৬। জলসিঞ্চন কৃষি কাক বোলে?

উত্তৰঃ যিবোৰ ঠাইত বৰষুণৰ পৰিমাণ পৰিমাণ কম হয়, সেইবোৰ ঠাইৰ কৃষিত কৃত্ৰিম উপায়েৰে পানী যোগান ধৰিব লগা হয়। এই কৃষিক জলসিঞ্চন কৃষি বুলি কোৱা হয়।

৭। শুষ্ক কৃষি কাক বোলে?

উত্তৰঃ যিবোৰ ঠাইত বছৰি গড়ে ৫০ চেণ্টিমিটাৰতকৈ কম বৰষুণ হয় তেনেবোৰ ঠাইত বালিচহীয়া মাটিত যি কৃষি কৰা হয় তাকে শুষ্ক কৃষি বোলা হয়।

৮। দ্বি-শষ্য ৰোপণ পদ্ধতি কাক বোলে?

উত্তৰঃ একেডৰা মাটিতে বছৰটোত দুটা শস্য উৎপাদন কৰা পদ্ধতিক দ্বি-শষ্য ৰোপণ পদ্ধতি বোলা হয়।

৯। পোষণ কৃষি কাক বোলে?

উত্তৰঃ পৰিয়ালৰ ভৰণ-পোষণৰ বাবে কৰা কৃষিক পোষণ কৃষি বুলি কোৱা হয়।

১০। পোষণ কৃষি পদ্ধতি কেইপ্ৰকাৰৰ?

উত্তৰঃ দুই প্ৰকাৰৰ।

১১। পাহাৰীয়া অঞ্চলৰ লোকে কেনেকৈ খেতি কৰে?

উত্তৰঃ হাবি আৰু জংঘল কাটি, জ্বলাই ঠাই উলিয়াই খেতি কৰে।

১২। বাণিজ্যিক কৃষি পদ্ধতিৰ উদ্দেশ্য কি?

উত্তৰঃ শস্যসমূহৰ চাহিদাভিত্তিক উৎপাদন কৰা।

১৩। কোন কোন ঠাইত ধান উৎপাদন কৰা হয়?

উত্তৰঃ কাশ্মীৰ, অসম, পশ্মিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ ইত্যাদি।

১৪। কপাহ ক’ত ক’ত পোৱা যায়?

উত্তৰঃ মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, পঞ্জাব, মেঘালয়, অসম আদি।

১৫। মৰাপাট কোন কোন ঠাইত পোৱা যায়?

উত্তৰঃ পশ্চিম বংগ, অসম, বিহাৰ, ওড়িশা, তামিলনাডু, কেৰেলা, মহাৰাষ্ট্ৰ ইত্যাদি।

১৬। কুঁহিয়া ক’ত ক’ত পোৱা যায়?

উত্তৰঃ উত্তৰ প্ৰদেশ, বিহাৰ, পশ্মিম বংগ, পঞ্জাব, হাৰিয়ানা, মহাৰাষ্ট্ৰ ইত্যাদি।

১৭। চাহ খেতি ক’ত ক’ত কৰা হয়?

উত্তৰঃ অসম, পশ্চিম বংগৰ উত্তৰ অংশ, কেৰেলা, বিহাৰ ইত্যাদি।

Type Susmita Kakati

Post ID: DABP005440

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop