Class 12 Assamese Chapter 3 Short Question Answer | Class 12 ASSAMESE Chapter 3 আনন্দৰাম বৰুৱা Short Answer |

(ক) আনন্দৰামৰ চৰিত্ৰৰ বিশেষত্ব কি ?

উত্তৰঃ একাগ্ৰতাৰ সৈতে জ্ঞান চৰ্চা কৰাটোৱেই আছিল আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ বিশেষ বৈশিষ্ট্য।

(২) আনন্দৰাম বৰুৱাই কৰ্মক্ষেত্ৰত কি কৰি থৈ গৈছিল ?

উত্তৰ : আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা-সাহিত্য চৰ্চাৰ মূল দুৱাৰ মুকলি কৰি থৈ গৈছিল ।

(৩) আনন্দৰাম বৰুৱাৰ স্থান কোন দিশৰ পৰা উচ্চ ?

উত্তৰ : একাগ্ৰতা আৰু অধ্যাৱসায়ৰ দিশৰ পৰা আনন্দৰাম বৰুৱাৰ স্থান উচ্চ।

(৪) আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃৰ নাম কি ?

উত্তৰ : আনন্দৰাম বৰুৱাৰ পিতৃৰ নাম আছিল গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল দুৰ্লভেশ্বৰী।

(৫) আনন্দৰাম বৰুৱাৰ ককায়েকৰ নাম কি আছিল ?

উত্তৰ : আনন্দৰাম বৰুৱাৰ ককায়েকৰ নাম আছিল পৰশুৰাম বৰুৱা আৰু জানকীৰাম বৰুৱা ।

(৬) আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্ৰেমৰ পৰিচয় দিছে?

উত্তৰ : আনন্দৰাম বৰুৱাই তেওঁ ৰচনা কৰা সংস্কৃতসাহিত্যত প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ বিভিন্ন কথা উল্লেখ কৰি স্বদেশপ্ৰেমৰ পৰিচয় দিছে।

(৭) ‘মহাবীৰ চৰিত্ৰ ‘ৰ ব্যাখ্যাত নাট-অভিনয়ৰ বিষয়ে লিখোতে আনন্দৰামে কিহৰ কথা উল্লেখ কৰিছে?

উত্তৰ : ‘মহাবীৰ চৰিত্ৰ’ৰ ব্যাখ্যাত নাট-অভিনয়ৰ বিষয়ে লিখোতে আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।

(৮) ‘প্ৰাগজ্যোতিষপুৰ সম্ভৱম’ বুলি কোনে গৌৰৱ কৰিছিল ?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ সম্ভৱম’ বুলি আনন্দৰাম বৰুৱাই গৌৰৱ কৰিছিল।

(৯) আনন্দৰাম বৰুৱা আমাৰ মাজত কিয় চিৰপূজ্য হৈ থাকিব ?

উত্তৰ : আনন্দৰামে ৰচনা কৰা সংস্কৃত গ্ৰন্থসমূহৰ বাবে আমাৰ মাজত চিৰপূজ্য হৈ থাকিব ।

(১০) প্রকৃত কৰ্মীৰ চিন কেনেদৰে প্ৰকাশ পায় ?

উত্তৰ : প্ৰকৃত কৰ্মীয়ে কৰ্মৰ বিনিময়ত কেতিয়াও প্ৰশংসা বা সন্মান নিবিচাৰে। ইয়াৰ দ্বাৰাই প্ৰকৃত কৰ্মীৰ চিন প্ৰকাশ পায় ৷

(১১) অসমৰ মানুহে কিহৰ বাবে বংগ দেশলৈ যাবলৈ ভয় কৰিছিল ?

উত্তৰ : বাট-পথ দুৰ্গম বাবে অসমৰ মানুহে বংগ দেশলৈ যাবলৈ ভয় কৰিছিল।

(১২) আনন্দৰাম বৰুৱাই জ্ঞান লাভৰ বাবে কলৈ গৈছিল ?

উত্তৰ : আনন্দৰাম বৰুৱাই জ্ঞান লাভৰ বাবে সুদূৰ ইউৰোপলৈ গৈছিল। *

(১৩) আনন্দৰাম বৰুৱাই জ্ঞান চৰ্চাৰ অনুৰাগত কি ব্রত পালন কৰিছিল ?

উত্তৰ : আনন্দৰাম বৰুৱাই জ্ঞান চৰ্চাৰ অনুৰাগত চিৰকুমাৰ ব্ৰত পালন কৰিছিল ।

(১৪) আনন্দৰাম বৰুৱাই ল’ৰালি কালত কোনখন গ্ৰন্থ মুখস্থ কৰিছিল ?

উত্তৰ : ল’ৰালি কালত আনন্দৰাম বৰুৱাই ‘অমৰকোষ’ গ্ৰন্থখন মুখস্থ কৰিছিল।

(১৫) আনন্দৰাম বৰুৱাৰ জীৱনী কোনে লিখিছিল ?

উত্তৰ : ড° সূর্যকুমাৰ ভূঞাই আনন্দৰাম বৰুৱাৰ জীৱনী ৰচনা কৰিছিল।

(১৬) আনন্দৰাম বৰুৱাই ল’ৰালিকালত কি হত অভিনয় কৰিছিল ?

উত্তৰ : আনন্দৰাম বৰুৱাই ল’ৰালি কালত ভাওনাত অভিনয় কৰিছিল।

(১৭) আনন্দৰাম বৰুৱাই কি ভাষাত সাহিত্য চর্চাকৰি ভাল পাইছিল?

উত্তৰ : আনন্দৰাম বৰুৱাই সংস্কৃত ভাষাত সাহিত্য চৰ্চা কৰি ভাল পাইছিল।

(১৮) ক’ত ক’ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল ?

উত্তৰ : আনন্দৰাম বৰুৱাই ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি অগাধ পণ্ডিত হৈ পৰিছিল।

(১৯) আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পর্কে কেনেদৰে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল ?

উত্তৰঃ আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্ভৱম’ অর্থাৎ নিজকে প্রাগজ্যোতিষপুৰৰ লোক বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল ।

(২০) আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ত্ৰত অৱলম্বন কৰিছিল ?

উত্তৰঃ একাগ্ৰ কৰ্মনিষ্ঠা আৰু জ্ঞানতৃষ্ণাৰ বাবেই তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল।

(২১) আনন্দৰাম বৰুৱাই কি উদ্দেশ্যে বিদেশলৈ গৈছিল ?

উত্তৰ : আনন্দৰাম বৰুৱাই জ্ঞান লাভৰ উদ্দেশ্যে বিদেশলৈ গৈছিল।

(২২) কি ‘হৰ বাবে আনন্দৰাম পূজ্য হৈ থাকিব ?

উত্তৰঃ জ্ঞান চৰ্চাৰ ক্ষেত্ৰত অসমীয়াৰ পক্ষে নৱযুগৰ সূচনা কৰা বাবে আনন্দৰাম পূজা হৈ থাকিব ।

(২৩) আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি কোন পণ্ডিতে বিস্ময় মানিছিল ?

উত্তৰ : আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিখ্যাত পণ্ডিত মেক্সমূলাৰে বিষ্ময় মানিছিল ।

২৪। আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল ?

উত্তৰ : আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীৰ ৰাজাদুৱাৰ নামে ঠাইত ।

২৫। ভাৰতত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা কলৈ গৈছিল ?

উত্তৰঃ ভাৰতত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈছিল।

২৬। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছিল ?

উত্তৰ : আনন্দৰাম বৰুৱাই ‘মহাবীৰ চৰিত্ৰ’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোতে কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছিল।

২৭। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা ।

উত্তৰ : আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিদেশী পণ্ডিত মেক্সমূলাৰে বিস্ময়াভিভূত হৈছিল।

২৮। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র কি আছিল ?

উত্তৰ : আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কর্ম।

খ) চমু প্রশ্ন

১। ‘আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’- বুজাই লিখা।

উত্তৰ : দেশমাতৃৰ সুযোগ্য সন্তান আনন্দৰাম বৰুৱাই দেশ তথা মাতৃভূমি অসমক অন্তৰৰ পৰা ভক্তি কৰিছিল। প্ৰাগজ্যোতিষপুৰক লৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছল। তেওঁ নিজৰ গ্ৰন্থৰ মাজত য’তেই সুবিধা পাইছিল তাতেই দুয়োটা নাম তথা ইয়াৰ ঐতিহ্যৰ কথা উল্লেখ কৰিছিল। ‘প্ৰাগজ্যোতিষপুৰ সম্ভৱম’ (প্ৰাগজ্যোতিষপুৰৰ লোক) বুলি তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ “মহাবীৰ চৰিত্ৰৰ সংস্কৃত ব্যাখ্যাত কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছে।

এনেদৰে তেওঁ নিজ দেশৰ প্ৰতি শ্ৰদ্ধা ভক্তি দেখুৱাইছিল।

২। কিহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব ?

উত্তৰ : আনন্দৰাম বৰুৱাই জ্ঞানচৰ্চাৰ বাবে দেখুওৱা আদৰ্শ আৰু তেওঁ ৰচনা কৰা মূল্যৱান সংস্কৃত গ্ৰন্থসমূহৰ বাবে সদায় পূজনীয় হৈ থাকিব ।

৩। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুসৰণ কৰিবলগীয়া ?

উত্তৰ : আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধা, দেশৰ প্ৰতি ভক্তি, জ্ঞান চৰ্চাৰ প্ৰতি স্পৃহা আৰু কৰ্মনিষ্ঠা আদি গুণবোৰ অনুসৰণ কৰিবলগীয়া

৪। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল ?

উত্তৰ : আনন্দৰাম বৰুৱা বিলাতলৈ যোৱাৰ সময়ত নিচেই কম মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰিছিল। আনকি পথ দুৰ্গম হোৱা কাৰণে অসমৰ পৰা বংগদেশলৈয়ো যাবলৈ অসমৰ মানুহে ভয় কৰিছিল। এনে ভাৱৰ বাহিৰেও বিলাতলৈ গ’লে জাতি যোৱা ভয়ো আছিল। সেয়ে আনন্দৰামৰ বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল।

৫। কেনে ধৰণে তেওঁ পৰিচয় দি সন্তোষ লাভ কৰিছিল?

উত্তৰঃ আনন্দৰাম বৰুৱাই গৰ্গৰাম আৰু দুৰ্লভেশ্বৰীৰ পুত্ৰ আৰু পৰশুৰাম জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল।

(২) দেশৰ প্ৰতি আনন্দৰাম বৰুৱাৰ মহৎ দান কি ?পাঠটিৰ আধাৰত চমুকৈ লিখা।

উত্তৰ : সংস্কৃত ভাষা আৰু সাহিত্যক আনন্দবানে ভাল পাইছিল। তাবে বিশেষ চৰ্চা কৰি নিজ প্রতিভাবে আনন্দৰামে জগতত চিৰকাললৈ অসমীয়াৰ গৌৰব কঢ়ালে। আৰু আন আন দেশৰ উন্নতি পথৰ ইংগিত দি থৈ গ’ল। দেশৰ উন্নতি পথৰ ইংগিত দিব পৰাটোকেই লিথকে দেশৰ প্ৰতি আনন্দৰামৰ মহৎ দান বুলি কৈছে।

(গ) দীঘল প্রশ্ন

১। জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰ- দীঘল কৰোতাসকলক আনন্দৰাম বৰুৱাই কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা প্রকাশ কৰিছিল ? বুজাই লিখা ।

উত্তৰ : আনন্দৰাম বৰুৱা আছিল এজন বিদগ্ধ পণ্ডিত। তেওঁ অসাধরণ পাণ্ডিত্যৰ অধিকাৰী হোৱা সত্বেও আত্মীয়- স্বজনৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ভক্তি লেশমানো কমা নাছিল। এইগৰাকী মহান পণ্ডিতে নিজৰ পাণ্ডিত্যৰ পৰিচয় দিয়াতকৈ পিতৃ-মাতৃ তথা জ্যেষ্ঠ ভাতৃৰ পৰিচয়ৰে পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল। তেওঁলোকৰ প্ৰতি তেওঁ কেনেকৈ ভক্তি দেখুৱাব, কেনেকৈনো তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰিব তাক লৈয়ে আনন্দৰাম বৰুৱাই চিন্তা কৰিছিল।

সেয়ে তেওঁ জনম দিওঁতা আৰু লালন-পালন কৰোঁতাসকলৰ পৰিচয়েৰে তেওঁলোকৰ প্রতি কৃতজ্ঞতা প্ৰকাশ কৰিছিল।

(২) ‘নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ কাৰণে আনন্দৰাম সদায় পূজা পাব।’- চমুকৈ বুজাই লিখা।

উত্তৰ : আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্য চৰ্চাৰে ভাৰতীয় বৌদ্ধিক জগত বিশ্বত প্রতিভাত কৰি থৈ যায়। অসমীয়া ভাষাত তেওঁ গ্ৰন্থ ৰচনা নকৰিলেও তেওঁ সকলো কৰ্ম ক্ষেত্ৰৰে মূল দুৱাৰ মুকলি কৰিলে। জাত- পাতৰ বিচাৰ সেই সময়ত অধিক কটকটীয়া আছিল। ফলত জাতি যোৱাৰ ভয়ত সৰহভাগ মানুহেই বিদেশলৈ যোৱাৰ পক্ষপাতী নাছিল। তেনেকুৱা পৰিস্থিতিত পিতৃ-মাতৃ, আত্মীয়-স্বজনৰ পৰা আঁতৰি সাগৰ পাৰ হৈ ইউৰোপলৈ যাবলৈ সাহস আৰু মনোবলৰ প্ৰয়োজন আছিল। আনন্দবামে সেয়া আমাক দেখুৱাই থৈ গ’ল।

সেয়ে লিখক লেখাৰুদেৱে কৈছে যে আনন্দৰামে অসমীয়াৰ পক্ষে নবযুগৰ আৰম্ভণি কৰি থৈ গ’ল যাৰ বাবে তেওঁ পূজ্য হৈ থাকিব।

৩। পদাংক অনুসৰণ কৰি মানুহে কেনেকৈ নিজকে পৰিচালিত কৰিব পাৰে ? ‘আনন্দৰাম বৰুৱা’ পাঠটিৰ সহায়ত বুজাই লিখা ।

উত্তৰঃ মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে নিজকেপৰিচালিত কৰিব পাৰে। আনন্দৰাম বৰুৱা তাৰ এক উজ্জ্বল উদাহৰণ। আনন্দৰাম বৰুৱা এখন সৰু গাঁৱত জন্ম গ্ৰহণ কৰি খাৰপাত, কল, কুঁহিয়াৰ আদি খাই ডাঙৰ হৈছিল যদিও তেওঁৰ কৰ্ম আৰু সংকল্পই বিশ্ববাসীক আচৰিত কৰি তুলিছিল । ….. তেওঁৰ কৰ্ম আৰু সংকল্প দেখি বিখ্যাত পণ্ডিত মেক্সমূলাৰেও বিষ্ময় মানিছিল। আনন্দৰাম বৰুৱাই একাগ্রচিত্তে জ্ঞান-চর্চা কৰিছিল বাবেই মূল্যৱান সংস্কৃত গ্ৰন্থসমূহ ৰচনা কৰিবলৈ সক্ষম হৈছিল। গতিকে তেওঁ দেখুৱাই থৈ যোৱা বাটেৰে খোজ দি আমিও উন্নতিৰ পথেৰে পৰিচালিত হ’ব পাৰোঁ।

৪। প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা ।

উত্তৰ : আনন্দৰাম বৰুৱা আছিল প্ৰাচ্য আৰু পাশ্চাত্যৰ সেঁতুস্বৰূপ। আনন্দৰাম বৰুৱাৰ পূৰ্বে ভাৰতীয় সংস্কৃত ভাষা-সাহিত্যৰ চৰ্চা কম আছিল বাবে বিশ্বই ভাৰতীয় সংস্কৃত সাহিত্যৰ বিষয়ে জনা নাছিল। আনন্দৰামৰ সংস্কৃত সাহিত্য চৰ্চাৰ যোগেদি পাশ্চাত্যৰ পণ্ডিতসকলে সেই সুযোগ লাভ কৰিবলৈ সুবিধা পায়। পিছলৈ আনন্দৰামৰ আদৰ্শকে সন্মুখত ৰাখি ভাৰততো সংস্কৃত ভাষা সাহিত্য চৰ্চাৰ এক জাগৰণৰ সূত্ৰপাত হয়। আজি ভাৰতৰ সংস্কৃত ভাষা-সাহিত্যৰ যোগেদি ভাৰতীয় সভ্যতাই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈছে। সেয়ে প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাৰ স্থানো অতি উচ্চ।

৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা – —কমই জীৱন আৰু কৰ্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।’

উত্তৰ : উপৰি উক্ত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে ৰচনা কৰা ‘আনন্দৰাম বৰুৱা, নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

কৰ্মৰ দ্বাৰাই যে মানুহে জীৱনক অমৰ আৰু মহান কৰিব পাৰে তাকে বুজাই ক’বলৈ লিখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

পণ্ডিত আনন্দৰাম বৰুৱাৰ জীৱন আছিল কৰ্মময়। কৰ্মৰ দ্বাৰাই তেওঁ জীৱনৰ আনন্দ লাভ কৰিছিল। তেওঁ কঠোৰ কৰ্ম শক্তিৰ দ্বাৰাই দেশ-বিদেশৰ উচ্চ শিক্ষাৰে শিক্ষিত হ’ব পাৰিছিল আৰু সংস্কৃত সাহিত্যত পাণ্ডিত্যৰ পৰিচয় দিব পাৰিছিল, লগতে ভাৰতীয় সংস্কৃত ভাষা-সাহিত্য বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিব পাৰিছিল।

সেয়ে কৰ্মৰ দ্বাৰাহে মানুহে জীৱনৰ পৰিচয় গঢ়িব পাৰে। কর্মহীনতাৰ দ্বাৰা কেতিয়াও কোনেও নিজৰ পৰিচয় গঠন কৰিব নোৱাৰে। অৰ্থৎ কৰ্মহীনতা জীৱন্তে মৃত্য়ুস্বৰুপ।

Type By Suman Bora

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping