🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Advanced Assamese Book Chapter 5 | অধ্যায় ৫ (গোট ১) পছোৱাৰ ডাক | MCQs Short Question Answer |

Chapter 5

পছোৱাৰ ডাক

1.পছোৱাৰ ডাক কবিটাতো কোনে ৰচিছিল ?

ক) আনন্দচন্দ্ৰ আগৰৱালা

খ) হেমচন্দ গোস্বামী

গ) প্ৰসন্নলাল চোধুৰী

উত্তৰঃ গ) প্ৰসন্নলাল চোধুৰী

2. প্ৰসন্নলাল চোধুৰী কিমান চনত জন্ম হৈছিল?

ক) ১৮৯৮

খ) ১৮৯৬

গ) ১৮৯৫

উত্তৰঃ ক) ১৮৯৮

3. প্ৰসন্নলাল চৌধুৰী ক’ত জন্ম হৈছিল ?

ক) যোৰহাত

খ) পলাশবাৰী

গ) নগাঁও

উত্তৰঃ খ) পলাশবাৰী

4. জন্মস্থানতে প্ৰথমিক শিক্ষা লাভ কৰি তেওঁ কোন ঠাইত চৰকাৰী হাইস্কুলত ভৰ্তি হয় ?

ক) বৰপেটা

খ) যোৰহাত

গ) গুৱাহাটী

উত্তৰঃ ক) বৰপেটা

5. শিক্ষকতাকে  জীৱনৰ ব্ৰত হিচাপে লোৱা চৌধুৰীদেৱে কিমান চনত পলাশবাৰী মইনৰ স্কুলত শিক্ষক হিচাপে নিযুক্ত পায় ?

ক) ১৯২৬

খ) ১৯২৭

গ) ১৯২৮

উত্তৰঃ গ) ১৯২৮

6. কিমান চনৰ পৰা তেওঁ বৰপেটা বিদ্যাপীঠত শিক্ষকতা কৰে ?

ক) ১৯৩১

খ) ১৯৩২

গ) ১৯৩৩

উত্তৰঃ ক) ১৯৩১

7. প্ৰসন্নলাল চৌধুৰী কাব্যপুথি কেইখন

ক) এখন

খ) দুখন

গ) তিনিখন

উত্তৰঃ খ) দুখন

8.  কি সুৰৰ প্ৰধান্যই তেওঁৰ কবিতাসমৃূহ অধিক শক্তিশালী কৰি তুলিছে ?

ক) বিদ্ৰোহী

খ) জোনাকী

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ ক) বিদ্ৰোহী

9. প্ৰসন্নলাল চৌধুৰী কি কবি হিচাপে পৰিচিত ?

ক) চৌধুৰী

খ) বিদ্ৰোহী

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ খ) বিদ্ৰোহী

10. তেওঁৰ কাব্য ভাষা কি ?

ক) বলিষ্ঠ

খ) কনিষ্ঠ

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ ক) বলিষ্ঠ

11. ৰক্তপত্ৰ শব্দ অৰ্থ কি ?

ক) হালধীয়া পাত

খ) নীলা পাত

গ) ৰঙা পাত

উত্তৰঃ গ) ৰঙা পাত

12. ব্যোম শব্দ অৰ্থ কি ?

ক) আকাশ

খ) পাতাল

গ) পৃথিৱী

উত্তৰঃ ক) আকাশ

13. দুৰ্মদ শব্দ অৰ্থ হ’ল ?

ক) ভাল গৰ্ব

খ) বেয়া গৰ্ব

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ খ) বেয়া গৰ্ব

14. অৱসন্ন  শব্দ অৰ্থ কি?

ক) ভাগৰুৱা

খ) দুৰ্বল

গ) সুখ

উত্তৰঃ ক) ভাগৰুৱা

15. সিন্ধু শব্দ অৰ্থ কি?

ক) নদী

খ) পুখুৰী

গ) সাগৰ

উত্তৰঃ গ) সাগৰ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop