মুক্ত অৰ্থনীতিত সমষ্টিবাদী অৰ্থবিজ্ঞান | Lesson 6 | Class 12 Economics Question and Answer Assam | HS 2nd Year Economics Question and Answer Assam | HS 2nd Year Economics Suggestion and Notes Solution Assam |

Chapter 6

মুক্ত অৰ্থনীতিত সমষ্টিবাদী অৰ্থবিজ্ঞান

(Open Economy Macroeconomics)

A.  Very Short Answer Questions (Mark-1)

(২) এখন মুক্ত অৰ্থনীতিৰ সংজ্ঞা দিয়া ।

উত্তৰঃ মুক্ত অৰ্থনীতি হ’ল এনে এখন অৰ্থনীতি যিয়ে আন আন দেশৰ লগত বস্তু আৰু সেৱাসমূহৰ লেন-দেন কাৰ্য সম্পন্ন কৰে ।

(৩) সঁচানে মিছা লিখা ।

এখন অৰ্থনীতিৰ মুঠ ঘৰুৱা উৎপাদন আৰু মুঠ বৈদেশিক বানিজ্যৰ অনুপাতেই হ’ল সেই, অৰ্থনীতিখন কিমান পৰিমানে মুকলি সেইটো জোখাৰ এটা সাধাৰণ মাধ্যম ।

উত্তৰঃ সঁচা ।

(৪) 2006-07 বৰ্ষত ভাৰতৰ বৈদেশিক বাণিজ্য আছিল 34.9 শতাংশ , 1785-86 চনত আছিল 20.9 শতাংশ ।

কোনটো বৰ্ষত ভাৰতীয় অৰ্থনীতি বেছি মুক্ত আছিল উক্তিটোৰ ভিত্তিত উল্লেখ কৰা ।

উত্তৰঃ 2006-07 বৰ্ষত ভাৰতৰ বেদেশিক বাণিজ্য বেছি মুক্ত আছিল ।

(৫) সঁচানে মিছা লিখা ।

আন্তৰ্জাতিক পৰ্যায়ত এটা নিৰ্দিষ্ট কেন্দ্ৰীয় মুদ্ৰা কৰ্তৃপক্ষই ছপা কৰি উলিৱায় ।

উত্তৰঃ মিছা ।

(৬) বৈদেশিক লেনদেনৰ বিবৃতি কি ?

উত্তৰঃ কোনো এখন দেখৰ বাসিন্দা আৰু পৃথিৱীৰ আন আন দেশৰ বাসিন্দাসকলৰ মাজত এক নিৰ্দিষ্ট সময়ৰ বাবে হোৱা সকলো আৰ্থিক লেনদেনৰ এক প্ৰণালী বদ্ধ হিচাপেই হৈছে বৈদেশিক লেনদেনৰ বিবৃতি বা সমতা ।

(৭) লেনদেনৰ সমতাৰ মূল হিচাপ দুটা কি কি ?

উত্তৰঃ লেনদেনৰ সমতাৰ মূল হিচাপ দুটা হ’ল : ১। চলিত হিচাপ ২। মূলধনৰ হিচাপ ।

(৮) এখন দেশত একেটা সময়ত বাণিজ্য ঘাটি আৰু চলিত হিচাপত উদ্ধৃত্ত থাকিব পাৰেণে ?

উত্তৰঃ নোৱাৰে ।

(৯) অদৃশ্য মান বাণিজ্য কি ?

উত্তৰঃ সেৱাৰ মাধ্যমত হোৱা বানিজ্যক অদৃশ্য মান বাণিজ্য বুলি কোৱা হয় ।

(১০) হস্তান্তৰ প্ৰদান বা পৰিশোধ কি ?

উত্তৰঃ এখন দেখৰ বাসিন্দাসকলে যিবোৰ আয় মুক্ত ভাৱে লাভ কৰে আৰু যাৰ বিনিময়ত বৰ্তমান বা ভৱিষ্যতত কোনো মূল্য প্ৰদান কৰিব নালাগে তেনেবোৰ প্ৰাপ্তিক হস্তন্তৰ প্ৰদান বোলে ।

(১১) বৈদেশিক মুদ্ৰাৰ বজাৰৰ সংজ্ঞা দিয়া ।

উত্তৰঃ বৈদেশিক মুদ্ৰাৰ বজাৰ হ’ল এনে এখন বজাৰযত বিভিন্ন দেশৰ মুদ্ৰাবোৰ এটাৰ সলনি আনটো বিনিময় কৰা হয় । (এনে বজাৰত মুখ্য অংশগ্ৰহণ কাৰীসকল হ’ল বাণিজ্যিক বেংবোৰ, বৈদেশিক মুদ্ৰাৰ দালালবোৰ , অন্যান্য আইন সংগত ব্যৱসায়ী সকল আৰু ক্ষৌদ্ৰিক কৰ্তৃপক্ষসমূহ) ।

(১২) বৈদেশিক মুদ্ৰাৰ বজাৰৰ এটি মুল অংশগ্ৰহণ কাৰীৰ নাম উল্লেখ কৰা ।

উত্তৰঃ বাণিজ্যিক বেংক ।

(১৩) বৈদেশিক বিনিময় হাৰৰ সংজ্ঞা দিয়া ।

উত্তৰঃ বৈদেশিক মুদ্ৰাৰ এক একক ক্ৰয় কৰিবৰ বাবে যি পৰিমানৰ ঘৰুৱা মুদ্ৰাৰ আৱশ্যক হয় তাকেই বিনিময় হাৰ বোলে ।

(১৪) “এক টকা আৰু এটা ডলাৰৰ বিনিময় হাৰ হ’ল 45” ইয়াৰ অৰ্থ কি ?

উত্তৰঃ এটা ডলাৰ ক্ৰয়ৰ বাবে প্ৰয়োজন হোৱা ব্যয় হ’ল 45 টকা ।

(১৫) ক্ৰয়ক্ষমতাৰ সমতা কি ?

উত্তৰঃ যদি প্ৰকৃত বিনিময় হাৰ একৰ সমান হয় তেন্তে তাক ক্ৰয়ক্ষমতাৰ সমতা বুলি কোৱা হয় ।

(১৭) Y= C + I + G + NX. 

– সমীকৰণটোত NX এ কি বুজায় ? 

উত্তৰঃ NX হ’ল প্ৰকৃত ৰপ্তানী । 

B. Short Answer Question II Type (Marks – 3)

(১) মুক্ত অৰ্থনীতিৰ আধাৰত সামগ্ৰীৰ বজাৰ সংজোগ , বিত্তীয় বজাৰ সংজোগ আৰু উৎপাদনৰ  উপাদানৰ বজাৰ সংযোগৰ অৰ্থ লিখা ।

উত্তৰঃ সামগ্ৰীৰ বজাৰ সংযোগঃ ভোক্তাসকলে আৰু প্ৰতিষ্ঠানবোৰে বিভিন্ন ধৰণৰ ঘৰুৱা আৰু বৈদেশিক সামগ্ৰীৰ মাজত পচন্দ কৰাৰ সুযোগ পায় । ইয়াক সামগ্ৰীৰ বজাৰ সংযোগ বোলে ।

বিত্তীয় বজাৰ সংযোগঃ বিনিয়োগকাৰী সকলে ঘৰুৱা আৰু বৈদেশিক পৰিসম্পত্তিৰ মাজত পচন্দ কৰাৰ সুযোগ পায় ইয়াক বিত্তীয় বজাৰ সংযোগ বোলে ।

উৎপাদনৰ উপাদানৰ বজাৰ সংযোগঃ প্ৰতিষ্ঠানবোৰে নিজৰ পচন্দ অনুসৰি উৎপাদন প্ৰতিষ্ঠান ক’ত স্থাপন কৰিব আৰু শ্ৰমিক সকলে ক’ত কাম কৰিব সেইটো ঠিক কৰিব পাৰে । এয়া হ’ল উৎপাদনৰ উপাদনৰ বজাৰ সংযোগ ।

(২) মুদ্ৰাৰ অৱমুল্যায়ন বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া শিথিল বিনিময় হাৰ প্ৰদ্ধতিত সামাজিক কাৰ্যৰ দ্বাৰা বিনিময় হাৰ বৃদ্ধি কৰা হয়, তাক মুদ্ৰাৰ অৱমুল্যায়ন বুলি কোৱা হয় । উদাহৰণ স্বৰূপে ধৰা হওঁক আমেৰিকাৰ ডলাৰৰ লগত ভাৰতীয় টকাৰ বিনিময় হাৰ আছিল $1 = Rs 8 । যদি ভাৰত চৰকাৰে ভাৰতীয় টকাৰ আমেৰিকা ডলাৰৰ লগত বিনিময় মূল্য $1 = Rs 10 কৰে তেন্তে আমেৰিকাৰ ডলাৰৰ মানত ভাৰতীয় টকাৰ বৈদেশিক বিনিময় মূল্য 25% হ্ৰাস পাব । এইদৰে যেতিয়া এখন দেশৰ মূদ্ৰাৰ বহিমূল্য চৰকাৰীভাৱে হ্ৰাস কৰা হয় তাকেই মূদ্ৰাৰ অৱমূল্যায়ন বুলি কোৱা হয় ।

(৩) স্বৰ্ণমান কি ?

উত্তৰঃ অনুমানিক প্ৰায়ে 1870 চনৰ পৰা 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱালৈকে প্ৰচলিত হৈ থকা বিনিময় হাৰ আছিল স্বৰ্ণমান । এই পদ্ধতিটো হ’ল স্থিৰ বিনিময় হাৰ পদ্ধতিৰ এটা শ্ৰেষ্ঠ আহি । সকলোবোৰ মুদ্ৰাক সোণৰ মানত প্ৰকাশ কৰা হৈছিল আৰু কিছুমান মুদ্ৰা প্ৰকৃত সোণৰ দ্বাৰা তৈয়াৰ কৰাও হৈছিল । এই ব্যৱস্থাত প্ৰত্যেকখন অংশগ্ৰহনকাৰী দেশে ইয়াৰ মুদ্ৰাক এটা স্থিৰ মুল্যত সোনলৈ মুক্তভাৱে ৰূপান্তৰিত কৰিব বুলি নিশ্চয়তা দিছিল । ইয়াৰ ফলত অংশ গ্ৰহনকাৰী দেশৰ বাশিন্দাসকলৰ অধিকাৰত থকা এটা ঘৰুৱা মুদ্ৰাক আন্তজাতিক পৰিশোধত গ্ৰহণযোগ্য হোৱা অন্য পৰিসম্পদ (সোণ) লৈ এটা স্থিৰ মূল্যত মুকলি ভাৱে পৰিৱৰ্তন কৰিব পৰা গৈছিল ।

(৪) ব্ৰিটোন উডচ পদ্ধতিটো ব্যাখ্যা কৰা ।

উত্তৰঃ 1944 চনত হোৱা ‘ব্ৰিটোন উডচ’ অধিবেশনে ‘আন্তৰ্জাতিক মুদ্ৰানিধি’ (IMF) আৰু বিশ্ব বেংক (World Bank) নামৰ দুটা আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ জন্ম দিয়ে । ইয়াৰ ফলত এটা দুত্তৰপীয়া পৰিবৰ্তনশীল পদ্ধতি সৃষ্টি কৰা হৈছিল । ইয়াৰ মূল কেন্দ্ৰবিন্দু আছিল ডলাৰক। ব্ৰিটন উডচ পদ্ধতি অনুসৰি আমেৰিকাৰ ডলাৰক সোণৰ লগত মুক্তভাৱে পৰিবৰ্তন কৰিব পৰা গৈছিল । সোণ আৰু ডলাৰৰ বিনিময় মূল্য আছিল 35 ডলাৰ = 1 আউন্স নিভাজ সোণ ।

দ্বিতীয়টো তৰপত, সোণ আৰু ডলাৰৰ এনে বিনিময় মূল্যৰ ভিত্তিত দেশসমূহে নিজ দেশৰ মুদ্ৰাৰ বিনিময় হাৰ আমেৰিকাৰ ডলাৰৰ লগত নিধাৰণ কৰিব লাগিছিল ।

(৫) পৰিচলিত ভাসমান বিনিময় হাৰ পদ্ধতিটো ব্যাখ্যা কৰা ।

উত্তৰঃ কোনো আন্তৰ্জাতিক আনুষ্ঠানিক চুক্তি নোহোৱালৈকে সমগ্ৰ বিশ্বৰ দেশসমূহৰ মাজত এটা বিষেশ চিন্তা প্ৰবাহিত হৈ আছিল যে পৰিচালিত ভাসমান বিনিময় হাৰ পদ্ধতি হিচাপে কি ব্যৱস্থাক উৎকৃষ্ট ধৰণে ব্যাখ্যা কৰিব পৰা যাব । ই হ’ল এটা পৰিৱৰ্তন শীল বিনিময় হাৰ পদ্ধতি (ভাসমান অংসটো) আৰু এটা স্থিৰ বিনিময় হাৰ পদ্ধতি (পৰিচালিত অংশটো) ৰ সংমিশ্ৰন । ইয়াক লেতেৰা ভাসমান বুলিও কোৱা হয় । এই পদ্ধতি মতে কেন্দ্ৰীয় বেংকবোৰে বৈদেশিক মুদ্ৰাৰ ক্ৰয় আৰু বিক্ৰীৰ ওপৰত হস্তক্ষেপ কৰে আৰু ইয়াৰ দ্বাৰা বিনিময় হাৰৰ গতিশীল তাক সূস্থ কৰিবলৈ প্ৰচেষ্টা চলায় । এনে ব্যৱস্থাৰ বাবে চৰকাৰী জমা লেনদেনবোৰ শূণ্যৰ সমান নহয় ।

(৬) শিথিল (Pegged) বিনিময় হাৰ পদ্ধতি কি ?

উত্তৰঃ 1970 চনৰ প্ৰথম ভাগত “ব্ৰিটন উডচ” পদ্ধতিৰ ধ্বংস হোৱাৰ আগৰে পৰাই দেশসমূহত পৰিবৰ্তনশীল বিনিময় হাৰ পদ্ধতি আছিল । ইয়াৰ আগতে বেছিভাগ দেশতে স্থিৰ অথবা শিথিল বিনিময় হাৰ পদ্ধতিৰ প্ৰচলন আছিল । এই পদ্ধতিৰ মতে বিনিময় হাৰটো এটা নিদিষ্ট স্তৰত শিথিল কৰা হয় । স্থিৰ আৰু শিথিল বিনিময় হাৰ একেযেন লাগিলেও কিন্তু দুয়োটাৰ পাৰ্থক্য আছে । আগৰটো স্থিৰ হাৰ আৰু পিছৰটো মৌদ্ৰিক কৰ্তৃপক্ষসমূহে নিৰ্ধাৰণ কৰে যত যিটোমূল্যত বিনিময় হাৰ শিথিল কৰা হয় সি এটা নীতি চলকহে অৰ্থাৎ ই পৰিবৰ্তন হ’ব পাৰে ।

C. Short Answer Questions I Type (Marks – 4)

১. বৈদেশিক লেনদেনৰ বিবৃতি বা সমতাৰ হিচাপ দুটা ব্যাখ্যা কৰা ।

উত্তৰঃ বৈদেশিক লেনদেনৰ বিবৃতি বা সমতাৰ দুটা হিচাপ থাকে , ইয়াৰ এটা হ’ল চলিত হিচাপ আৰু আনটো হ’ল মূলধনী হিচাপ ।

চলিত হিচাপত দ্ৰব্য আৰু সেৱাৰ মাধ্যমত হোৱা সকলোধৰণৰ আমদানি আৰু ৰপ্তানিৰ লগতে হস্তান্তৰ পৰিশোধ বা হস্তান্তৰ প্ৰদান সমুহক অন্তভূক্ত কৰা হয় । সেৱাৰ মাধ্যমত হোৱা বানিজ্যক অদৃশ্যমান বানিজ্য বুলি কোৱা হয় ।

মূলধনী হিচাপত সকলোধৰণৰ পৰিসম্পত্তিৰ আন্তৰ্জাতিক ক্ৰয় বিক্ৰয় যেনে মুদ্ৰামজুত প্ৰতিজ্ঞা পত্ৰ আদিক লিপিবদ্ধ কৰা হয় । উল্লেখযোগ্য যে বিদেশীসকলক প্ৰদান কৰা বা পৰিশোধ কৰাৰ ফলত সৃষ্টিহোৱা যিকোনো লেনদেনক খৰচৰ শিতানত অন্তভূক্ত কৰা হয় আৰু ইয়াত স্ঝনাত্মক চিন (-) ব্যৱহাৰ কৰা হয় । বিদেশী সকলৰ লগত হোৱা যিকোনো লেনদেনৰ বিনিময়ত আহৰণ কৰা প্ৰাপ্তিবোৰ জমাৰ ঘৰত অন্তৰ্ভূক্ত কৰা হয় আৰু ইয়াত ধনাত্মক চিন (+) দিয়া হয় ।

(২) স্বতন্ত্ৰ আৰু ব্যৱস্থাপক লেনদেনৰ মাজত পাৰ্থক্য দেখুওৱা ।

উত্তৰঃ এখন দেশৰ বৈদেশিক লেনদেনৰ বিবৃতি বা পৰিশোধৰ সমতাৰ অৱস্থাৰ লগত কোনো সম্পৰ্ক নোহোৱাকৈ যেতিয়া দেশখনে আন্তৰ্জাতিক অৰ্থনৈতিক লেনদেন সম্পন্ন কৰে, তেনেবোৰ লেনদেনক স্বতন্ত্ৰ লেনদেন বা লাইনৰ ওপৰৰ লেনদেন বুলি কোৱা হয় । উদাহৰণ – কেৱল লাভ অৰ্জনৰ উদ্দেশ্যে কৰা লেনদেন । যদি এখন দেশৰ বৈদেশিক বাণিজ্যৰ স্বতন্ত্ৰ প্ৰাপ্তিবোৰ ইয়াৰ স্বতন্ত্ৰ প্ৰদানতকৈ অধিক (কম) হয় , তেন্তে ইয়াক পৰিশোধৰ সমতাৰ ৰাহি (ঘাটি) বুলি কোৱা হয় ।

আনহাতে, ব্যৱস্থাপক লেনদেনবোৰ বা লাইনৰ তলৰ লেনদেনক স্বতন্ত্ৰ বিষয় সমূহৰ প্ৰকৃত ফলাফলৰ দ্বৰা নিৰ্ধাৰণ কৰা হয় । অৰ্থাৎ বৈদেশিক লেনদেনৰ বিবৃতিৰ উদ্ধৃত্ত হৈছে নে ইয়াৰ ঘাটি হৈছে এইবোৰো ব্যৱস্থাপক লেনদেনৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰি । গতিকে এই চৰকাৰী জমা লেনদেন বোৰক বৈদেশিক লেনদেনৰ বিবৃতিৰ ব্যৱস্থাপক বিষয় হিচাপে গণ্য কৰা হয় (যিহেতু আন সকলো বিলাক স্বতন্ত্ৰ বিষয়)  

(৩) পৰিৱৰ্তনশীল বিনিময় হাৰ নিৰ্ধাৰণত লাভৰ চিন্তণৰ ভূমিকা বৰ্ণনা কৰা ।

উত্তৰঃ লাভৰ চিন্তণে বৈদেশিক বিনিময় হাৰক প্ৰভাৱিত কৰে । বৈদেশিক মুদ্ৰাৰ মূল্য বৃদ্ধি হ’লে ইয়াৰ ফলত হ’ব পৰা সম্ভাব্য লাভৰ বাবেও মানুহে এই মুদ্ৰাৰ প্ৰতি চাহিদা বৃদ্ধি কৰে । মুদ্ৰাক সকলো দেশতে সম্পদ বাপৰিসম্পত্তি হিচাপে গণ্য কৰা হয় ।

যদি ভাৰতীয়সকলে ভাবে যে টকাৰ তুলনাত ব্ৰিটিছ পাউণ্ডৰ মূল্য বৃদ্ধি হবলৈ ধৰিছে তেন্তে তেওঁলোকে পাউণ্ড জমা কৰি ৰাখিবলৈ ইচ্ছা কৰিব । পাউণ্ডৰ বাবে 70 টকা নিৰ্ধাৰণ হয় আৰু বিনিয়োগ কৰীসকলে ভাৱে যে পাউণ্ডৰ মূল্য চলিত মাহটোৰ শেষত আৰু বৃদ্ধি হ’ব আৰু ইয়াৰ মূল্য 90 টকা হ’বগৈ এনে অৱস্থাক তেওঁলোকে চিন্তা কৰি অধিক লাভৰ কাৰণে অধিক প্ৰউণ্ড ক্ৰয় কৰিব । এনে প্ৰত্যাশাই পাউণ্ডৰ চাহিদা বৃদ্ধি কৰিব আৰু এই বৰ্ধিত চাহিদাই টকা পাউণ্ডৰ বৰ্তমানৰ বিনিময় হাৰ বৃদ্ধিৰ কাৰণ হিচাপে বিবেচিত হ’ব ।

(৪) বিনিময় হাৰ নিৰ্ধাৰণত সুদৰ হাৰৰ তাৎপয ব্যাখ্যা কৰা ।

উত্তৰঃ বৈদেশিক বিনিময়যোগ্য বজাৰত সুদৰ হাৰৰ তাৰতম্যও পৰিস্থিতি সলনি কৰিব পাৰে । সুদৰ হাৰৰ তাৰতম্য বুলি কওতে ইয়াত বিভিন্ন দেশৰ অৰ্থনীতিত কাৰ্যকাৰী হোৱা সুদৰ হাৰৰ বিভিন্নতাৰ কথা কোৱা হৈছে । ধৰি লোৱা হ’ল যে এখন দেশত সুদৰ হাৰ ৮ শতাংশ আৰু আনখন দেশত ১০ শতাংশ হৈছে । এনে ক্ষেত্ৰত বিনিয়োগকাৰী সকলে দ্বিতীয়খন দেখত অধিক বিনিয়োগ কৰিব । বেংক, বহুৰাষ্টীয় প্ৰতীষ্ঠান আৰু চহকী উদ্যোগ পাতিয়ে বিভিন্ন দেশত সুদৰ হাৰৰ তাৰতম্যৰ ভিত্তিতেই বিনিয়োগ আঁচনি যুগুত কৰে । উদাহৰণটোত প্ৰথমখন দেশৰ বিনিয়োগ কাৰীয়ে নিজৰ মুদ্ৰাৰ বিনিময়ত দ্বিতীয়খন ৰাষ্ট্ৰৰ মুদ্ৰা ক্ৰয় কৰিব । দ্বিতীয়খন ৰাষ্ট্ৰৰ বিনিয়োগ কাৰীয়েও উচ্চ সুদৰ হাৰৰ দ্বাৰা লাভৱান হ’বলৈ নিজৰ অৰ্থনীতিতেই অধিক বিনিয়োগ কৰিব । গতিকে প্ৰথমখন দেশৰ মুদ্ৰাৰ চাহিদা তেওঁলোকৰ বাবে কমি যাব ।

(৫) মুক্ত অৰ্থনীতি আৰু বন্ধ অৰ্থনীতিৰ মাজত পাৰ্থক্য দেখুওৱা ।

উত্তৰঃ ১) মুক্ত অৰ্থনীতিত উপভোক্তা সকলে দেশত উৎপাদিত দ্ৰব্য আৰু বিদেশত উৎপাদিত দ্ৰব্য উভয়কে উপভোগ কৰিব পাৰে । কিন্তু বন্ধ অৰ্থনীতিত উপভোক্তা সকলে কেৱল দেশত উৎপাদিত দ্ৰব্যহে উপভোগ কৰিব পাৰে ।

২) বন্ধ অৰ্থনীতি এখনত ঘৰুৱা দ্ৰব্যৰ প্ৰতি চাহিদা তিনিটা উৎসৰ পৰা আহে , যেনে উপভোগ (c) চৰকাৰী ব্যয় (G) আৰু ঘৰুৱা বিনিয়োগ (i) অৰ্থাৎY=C+I+G

কিন্তু মুক্ত অৰ্থনীতিত ৰপ্তানিয়েও সেই দেশখনৰ ঘৰুৱা বস্তু আৰু চাহিদাৰ এক অতিৰিক্ত উৎস গঠন কৰে । অৰ্থাৎ, Y=C+I+G+X

৪) বন্ধ অৰ্থনীতিত সঞ্চয় সদায় বিনিয়োগৰ সমান । কিন্তু মুকলি অৰ্থনীতিত সঞ্চয় বিনিয়োগৰ সমান নহবও পাৰে ।

(৬) বাণিজ্য ঘাটি অৰ্থনৈতিক বিকাশৰ বাবে ক্ষতি কাৰতক হয়নে ? ব্যাখ্যা কৰা ।

উত্তৰঃ যদি এখন দেশৰ বাণিজ্যৰ ঘাটিয়ে কম পৰিমানৰ সঞ্চয় অথবা বৃহৎ পৰিমানৰ বাজেট ঘাটি সৃষ্টি হোৱাত অৰিহণা যোগায়, তেন্তে সেই দেশখনৰ দীৰ্ঘকালীন সম্ভাৱণাৰ প্ৰতি চিন্তিত হোৱাৰ প্ৰয়োজন থাকে । যেতিয়া অৰ্থনীতিৰ বানিজ্যৰ ঘাটি আৰু বাজেটৰ ঘাটি হয় , তেতিয়া ইয়াক দ্বৈত ঘাটিৰ সন্মুখীন হোৱা বুলি কোৱা হয় । বাজেট ঘাটীয়ে বৃহৎ পৰিমানৰ চৰকাৰী অথবা বেচৰকাৰী ভোগক প্ৰতিবিম্বিত সকৰে । এনে পৰিস্থিতিত , উন্নয়ন যথেষ্ট পৰিমানে বৃদ্ধি কৰিবলৈ দেশত মুলধন মজুতৰ পৰিমান দ্ৰুত হাৰত বৃদ্ধি নহয় , কাৰণ দেশে স্ঝন পৰিশোধ কৰিবলগীয়াত পৰে । ইয়াৰ বিপৰীতে ,বাণিজ্যৰ ঘাচিয়ে যদি বিনিয়োগ বৃদ্ধিক প্ৰতিবিম্বিত কৰে , তেন্তে চিন্তিত হ’বলগীয়া কাৰণ বেছি নাথাকে । কাৰণ  বৰ্দ্ধিত বিনিয়োগে অতি শীঘ্ৰে মূলধন মজুত সৃষ্টি কৰাত অৰিহণা যোগায় আৰু ভৱিষ্যতে উৎপাদন বৃদ্ধিৰ পথ সুগম কৰে ।়

(৭) পৰিবৰ্তনশীল বিনিময় হাৰ পদ্ধতিৰে বৈদেশিক বিনিময় হাৰ পদ্ধতিৰে বৈদেশিক বিনিময় হাৰ কেনেকৈ নিৰ্ধাৰণ কৰা হয় ব্যাখ্যা কৰা ।6

উত্তৰঃ পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত বৈদেশিক বিনিময়যোগ্য মূদ্ৰাৰ বজাৰত চাহিদা আৰু যোগানে বিনিময় হাৰ নিৰ্ধাৰণ কৰে । এই বজাৰত কেন্দ্ৰীয় বেংকে হস্তক্ষেপ নকৰে ।

বৈদেশিক বিনিময়যোগ্য মূদ্ৰাৰ বজাৰত যোগান আৰু চাহিদা পৰস্পৰ সমান হ’লে ভাৰসাম্য বিনিময় হাৰ পোৱা যায় । চিত্ৰৰ সহায়ত কথাষাৰ ব্যাখ্যা কৰিব পাৰি ।

(৮) পৰিবৰ্তনশীল (নমণীয়) বিনিময়হাৰ ব্যৱস্থাত বিনিময় হাৰৰ নিৰ্ধাৰক বোৰৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ।

উত্তৰঃ পৰিবৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত বিনিময় হাৰ নিৰ্ধাৰণ কৰা দুটা মূল উপাদান হ’ল মুদ্ৰাৰ চাহিদা আৰু মুদ্ৰাৰ যোগান । বিনিময়যোগ্য মুদ্ৰাৰ চাহিদা চাৰিটা কাৰণত সৃষ্টি হয় –

(১) ঘৰুৱা গ্ৰাহকসকলে বিদেশত উৎপাদিত সা – সামগ্ৰী ক্ৰয় কৰোতে 

(২) বিদেশলৈ দান আৰু অনুদান প্ৰেৰণ কৰোতে 

(৩) দেশৰ নাগৰিকে বিদেশত বিত্তীয় পৰি সম্পদ ক্ৰয় কৰোতে আৰু লাভৰ চিন্তনে বৈদেশিক মুদ্ৰাৰ তিনিটা উৎস আছে । সেইকেইটা হ’ল –(১) দেশৰ ৰপ্তানি (২) বৈদেশিক বিনিয়োগ (৩) বৈদেশিক মুদ্ৰাৰ আগমন ।

ইয়াৰ উপৰিও আনতিনিটা উপাদানেও বিনিময় হাৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো প্ৰভাবাম্বিত কৰে । যেনে –(১)লাভৰ চিন্তনঃ বৈদেশিক মুদ্ৰাৰ মূল্য বৃদ্ধি হ’লে ইয়াৰ ফলত হ’ব পৰা সম্ভাব্য লাভৰ বাবেও মানুহে এই মুদ্ৰাৰ প্ৰতি চাহিদা বৃদ্ধি কৰে ।

(২) সুদৰ হাৰঃ বৈদেশিক বিনিময়যোগ্য বজাৰত সুদৰ হাৰৰ তাৰতম্যও পৰিস্থিতি সলনি কৰিব পাৰে । যিখন দেশত সুদৰ হাৰ তুলনামুলক ভাৱে বেছি হ’ব, বিনিয়োগকাৰী সকলে সেইখন দেশতহে বিনিয়োগ কৰিব । ইয়াৰ ফলত দেশখনৰ মুদ্ৰাৰ মূল্য বৃদ্ধি হোৱাটো বুজাব ।

(৩) আয়ৰ পৰিমানঃ আয়ৰ পৰিমান যেতিয়া বৃদ্ধি হয় তেতিয়া সা-সামগ্ৰীৰ চাহিদা বৃদ্ধি হয় আৰু এনেবোৰ সা-সামগ্ৰীৰ ভিতৰত আমদানিকৃত সা-সামগ্ৰীও থাকিব । আমদানিৰ চাহিদা বৃদ্ধি হলে বৈদেশিক বিনিময়যোগ্য নমুদ্ৰাৰ চাহিদা বৃদ্ধি হ’ব । ঠিক সেইদৰে বিদেশী ৰাষ্ট্ৰত আয় বৃদ্ধি পালে স্বদেশৰ পৰা ৰপ্তানি বৃদ্ধি পাব ।

(৯) বৈদেশিক বানিজ্যৰ আধাৰত স্থিৰ আৰু পৰিবৰ্তনশীল বৈদেশিক বিনিময় হাৰৰ মাজত পাৰ্থক্য দেখুওৱা ।                

উত্তৰঃ স্থিৰ আৰু পৰিবৰ্তনশীল বিনিময় হাৰৰ মাজত পাৰ্থক্য –

১) স্থিৰ পদ্ধতিত চৰকাৰে চৰকাৰীভাৱে সোন বা অন্য মুদ্ৰাৰ মাধ্যমত বিনিময় হাৰ ঘোষনা কৰে আৰু এনে হাৰ স্থিৰ হয় । 

    আনহাতে পৰিবৰ্তনশীল পদ্ধতিত বৈদেশিক বিনিময় বজাৰত মুদ্ৰাৰ চাহিদা আৰু যোগান শক্তিৰ দ্বাৰা বিনিময় হাৰ নিৰ্ধাৰণ কৰা হয়।

২) স্থিৰ পদ্ধতিত কেন্দ্ৰীয় বেংকে এটা স্থিৰ দামত সিহঁতৰ মুদ্ৰাবোৰ কিনা বেচা কৰিবলৈ পস্তুতি লয় । 

    আনহাতে পৰিবৰিতনশীল পদ্ধতিত কেন্দ্ৰীয় বেংকে বৈদেশিক বিনিময় বজাৰত কোনো বাধা আৰোপ নকৰাকৈ মুক্তভাৱে বিনিময় হাৰ নিৰ্ধাৰণ কৰিবলৈ অনুমতি দিয়ে ।

৩) স্থিৰ পদ্ধতিত স্থিৰ মূল্যৰ পৰিবৰ্তনৰ সম্ভাৱনা খুবেই কম ।

    আনহাতে পৰিবৰ্তনশীল পদ্ধতিত বিনিময় হাৰ সদায় পৰিবৰ্তন হয় । বজাৰখন মুকলিকৈ ৰাখিবলৈ বিনিময় হাৰে গতি কৰি থাকে ।

(১০) বৈদেশিক বিনিময় বজাৰত বৈদেশিক মুদ্ৰাৰ ভাৰসাম্য দাম কেনেকৈ নিৰ্ধাৰণ কৰা হয় ব্যাখ্যা কৰা । 

উত্তৰঃ বৈদেশিক বিনিময়যোগ্য বজাৰত এখন দেখৰ মুদ্ৰা আন এখন দেখৰ মুদ্ৰালৈ ৰূপান্তৰ কৰা হয় । এনে ৰূপান্তৰৰ হাৰক বিনিময় হাৰ বোলে । 

বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ বজাৰত বৈদেশিক মুদ্ৰাৰ চাহিদা আৰু যোগানে বিনিময় হাৰ নিৰ্ধাৰণ কৰে বৈদেশিক মুদ্ৰাৰ চাহিদাৰ সৈতে বৈদেশিক বিনিময় হাৰৰ সম্পৰ্ক বিপৰীত হয় । বিনিময়হাৰ বাঢ়িলে মুদ্ৰাৰ চাহিদা কমে আৰু বিনিময় হাৰ কমিলে বৈদেশিক মুদ্ৰাৰ চাহিদা বাঢ়ে । বিনিময় হাৰ উচ্চ হলে বিদেশী সামগ্ৰী (আমদানী সামগ্ৰী) ৰ দাম বৃদ্ধি হৈ ইয়াৰ চাহিদা কমে । আনহাতে বিনিময় হাৰ হ্ৰাস হ’লে বিদেশী সামগ্ৰীৰ দাম কমি ইয়াৰ চাহিদা বৃদ্ধি হয় ।

এখন দেশৰ মুদ্ৰাৰ বৈদেশিক বিনিময় হাৰ বৃদ্ধি হ’লে দেশখনৰ বৈদশিক মুদ্ৰাৰ যোগান বৃদ্ধি হয় আৰু বিনিময় হাৰ হ্ৰাস হ’লে বৈদেখিক মুদ্ৰাৰ যোগানো হ্ৰাস হ’ব । বিনিময় হাৰ বৃদ্ধি হ’লে বৈদেশিক মুদ্ৰাৰ বিপৰীতে দেশীয় মুদ্ৰা আহৰণ কৰাটো লাভজনক হয় । সেই বাবে এনে অৱস্থাত ৰপ্তানী কাৰক সকলে উপাৰ্জন কৰা বৈদেশিক মুদ্ৰা যোগান বৃদ্ধি কৰে । আনহাতে বিনিময় হাৰ হ্ৰাস হ’লে ইয়াৰ বিপৰীত অৱস্থাৰ সৃস্থি হয় ।

চাহিদা আৰু যোগান

চিত্ৰত x অক্ষত বৈদেশিক মুদ্ৰাৰ চাহিদা আৰু যোগান আৰু Y অক্ষত বিনিয়োগ হাৰ ধৰি লোৱা হৈছে । SS আৰু DD ক্ৰমে বৈদেশিক মুদ্ৰাৰ যোগান আৰু চাহিদা ৰেখা । দুয়োডাল ৰেখাই E বিন্দুত কাটিছে । এই বিন্দুত চাহিদা আৰু যোগান পৰস্পৰ সমান হৈছে । গতিকে ভাৰসাম্য বিনিয়োগৰ হাৰ হ’ল OP . 

 = 90 – (50+9.63)

= 90- 59.63

 = 30.37

(১২) ধৰা হ’ল যে, C = 200 + 0.7Y, I = 600, G = 700, X = 120  আৰু=80+0.25Y . আকৌ চৰকাৰে আয়ৰ 20 % কৰ আৰোপ কৰিলে , এনে অৱস্থাত (১) ভাৰসাম্য আয় উলিওৱা । (২) বাজেট ঘাটি নাইবা উদ্ধৃত্ত বাণিজ্য ঘাটি বা উদ্ধৃত গণনা কৰা । 

উত্তৰঃ

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping